বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / পৰিচয় হওঁ  / #বিহপুৰীয়া#

#বিহপুৰীয়া#

জীৱনৰ দুখ পাতলাইছে গানেৰে পাৰ্থ প্ৰতীম হাজৰিকাৰ প্ৰতিবেদন

জীবনৰ অন্য এক নাম সংগ্ৰাম ৷ জীবনত নিজৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰতিজন ব্যক্তিয়ে কৰিব লাগে সংগ্ৰাম ৷ সংগীত চৰ্চাক নিজৰ লক্ষ্য হিচাপে লৈ দৰিদ্ৰতাৰ মাজতো দীৰ্ঘদিন ধৰি নীৰৱ সাধনা কৰি অহা তেনে এগৰাকী সাহসী মহিলা হৈছে পুষ্প বৰা ৷
মহিলা গৰাকীৰ স্বামী ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ আছে । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ গুৰু দায়িত্ব মহিলা গৰাকীয়ে মূৰ পাতি লব লগা হৈছে।তাৰ সমানেই আছে স্বামীৰ চিকিৎসা খৰছ আৰু নৱম শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ পুত্ৰৰ পঢ়া শুনাৰ খৰছৰ বোজা। তাৰ মাজতো নাৰায়নপুৰৰ সমীপৰ পদ্মপুৰৰ পুষ্প বৰা নামৰ মহিলাগৰাকীয়ে অব্যাহত ৰাখিছে সংগীত চৰ্চা ৷ লোকগীত, বিহুগীত, বিয়ানামৰ পৰা জুবিন পাপনৰ গীতলৈকে সুন্দৰকৈ গাব পাৰে মহিলা গৰাকীয়ে ৷ মহিলা গৰাকীৰ ঘৰত নাই কোনো সংগীতৰ বাদ্যযন্ত্ৰ,অথচ আনৰ ঘৰে ঘৰে গৈ আখৰা অব্যাহত ৰাখে পুষ্প বৰাই। আনৰ ম’বাইলৰ পৰা গীতৰ স্বৰলিপি লিখি গোৱাৰ প্ৰয়াস কৰি আহিছে মহিলা গৰাকীয়ে। স্বামী প্ৰফুল্ল বৰা ডায়েবেটিচকে ধৰি কেইবাটাও গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে দীৰ্ঘদিন ধৰি। অতবোৰ সমস্যা মূৰ পাতি লৈ কন্ঠত সৰস্বতীয়ে বাস কৰা মহিলা গৰাকীয়ে বহু প্ৰতিযোগিতাত লাভ কৰিছে অনেক পুৰস্কাৰো । কোনো সুবিধা নথকা পুষ্প বৰাই কিছু সহায় পালে ,আগবাঢ়ি যাবৰ বাবে সাহস যে পাব সেয়া নিশ্চিত । এই ক্ষেত্ৰত মহানুভব কোনো লোক আগবাঢ়ি আহিলে মহিলা গৰাকীয়ে এখন প্লেটফৰ্ম লাভ কৰাৰ সম্ভাবনা আছে।