দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / ২৫ টকাৰে ব্যৱসায় আৰম্ভ কৰা মানুহজন আজি লাখপতি

২৫ টকাৰে ব্যৱসায় আৰম্ভ কৰা মানুহজন আজি লাখপতি

পথাৰ আমাৰ,বজাৰো আমাৰ কৰাৰ উদ্দেশ্য 'প্ৰগতি'ৰ ৷ এই প্ৰতিবেদন আগবঢ়াইছে অভিজিত ভূঞাই

চৰাইদেউ, ৯ নৱেম্বৰ : চালে চকু ৰোৱা এটা বাসগৃহ।  বাসগৃহটোৰ পৰিৱেশ  নৈসৰ্গিক শোভাৰে সুশোভিত এটা ৰিজৰ্টৰ দৰে ৷ প্ৰকৃততে ই  এটা ৰিজৰ্ট নহয,  চৰাইদেউ জিলাৰ এগৰাকী আদৰ্শবান কৃষকৰ বাসগৃহ আৰু কৃষিভূমিহে এইয়া । অত্যন্ত পৰিশ্ৰমী,কষ্টসহিষ্ণু চৰাইদেউ জিলাৰ চলাপথাৰ গাঁৱৰ আদৰ্শ কৃষক তিলেশ্বৰ সন্দিকৈ ৷  ইতিহাস প্ৰসিদ্ধ চলাপথাৰ গাঁৱৰ নিবাসী তিলেশ্বৰ সন্দিকৈয়ে নিজৰ চেষ্টাৰ বলত অশেষ ত্যাগ স্বীকাৰ কৰি নিজৰ বাসগৃহৰ চৌহদত গঢ়ি তুলিছে এখন কৃষি পাম। প্ৰায় ৪০ বিঘা মাটিকালিত গঢ়ি তুলিছে ‘প্ৰগতি কৃষি ফাৰ্ম’। কৃষি পামখনত কি আছে বুলি সোধাতকৈ কি নাই বুলিলেহে উত্তৰ পাব আপুনি। কাৰণ কৃষিপামখন বিভিন্ন প্ৰজাতিৰ কল, নাৰিকল, তামোল-পাণ, নেমু, জালুক, বিভিন্ন ঔষধি গছৰ লগতে বিভিন্ন কৃষিজাত সামগ্ৰীৰে পৰিপূৰ্ণ। কেৱল কৃষিকৰ্মই নহয় তেওঁ লগতে  ব্ৰইলাৰ, গাহৰি, হাঁহ-কুকুৰা আদি পুহিয়ো বছৰি এক বিশাল অংকৰ ধনৰাশি লাভৰ ঘৰত ৰাখিবলৈ সক্ষম হয় ৷ এই প্ৰগতি কৃষি ফাৰ্মত  কেইবাটাও বৃহৎ আকাৰৰ পুখুৰীও আছে য’ত আছে উন্নত প্ৰজাতিৰ মাছৰ লগতে থলুৱা মাছো। আনহাতে, কৃষিপামখনত থকা গোহালিৰ পৰিৱেশ দেখিলে প্ৰথমাৱস্থাত  এয়া গোহালি নে বাসগৃহ চিনি পোৱাত অসুবিধা হয় ৷ ‘প্ৰগতি কৃষি ফাৰ্ম’ নামেই যাৰ পৰিচয়। ৪০ বছৰ মান আগতেই একঠা মাটিত কেইজোপামান কলগছ ৰুই আৰম্ভ কৰা কৃষিপামখন এতিয়া বিভিন্ন জনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। আহোম ৰাজত্বকালৰ বিষয়া মোমাই তামুলী বৰবৰুৱাৰ আদৰ্শেৰে অতি পৰিকল্পিতভাৱে গঢ়ি তোলা কৃষিপামখনৰপৰা তিলেশ্বৰ সন্দিকৈয়ে বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে  লক্ষাধিক টকা। মন কৰিবলগীয়া যে তিলেশ্বৰ সন্দিকৈয়ে প্ৰতিজোপা গছকেই  নিজৰ সন্তানৰ দৰে লালনপালন কৰে ৷ 
  আদৰ্শ কৃষক তিলেশ্বৰ সন্দিকৈয়ে  মনৰ ইচ্ছা থাকিলে সকলো কাম কৰিব পাৰি বুলি মন্তব্য কৰাৰ ওপৰিও কেৱল চাকৰিৰ পাছত দৌৰি নাথাকি কৰিব পৰা সকলো কাম কৰিবলৈ নৱ প্ৰজন্মক আহ্বান জনায়।

তেখেতে কয় “অসমত উপাৰ্জনৰ প্ৰচুৰ সমল আছে যদিও আমি ইয়াৰ সদ্ব্যৱহাৰ কৰিব নজনাৰ দোষতে আজি বহিৰাগতৰ হাতৰ মুঠিত অসমৰ অৰ্থনীতি  নিৰ্ভৰ কৰিছে। সেয়ে অসমৰ শিক্ষিত প্ৰজন্মই নিজৰ সম্পদৰ ওপৰত অধিকাৰ ৰাখি বজাৰ দখল কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। “আনহাতে, এই কৃষিপামখন পৰিদৰ্শন কৰিবলৈ অহা নাম প্ৰকাশত অনিচ্ছুক শিৱসাগৰৰ এগৰাকী ব্যক্তিয়ে তিলেশ্বৰ সন্দিকৈৰ কৃষিকৰ্মক ভূয়সী প্ৰশংসা কৰাৰ লগতে নৱপ্ৰজন্মক আদৰ্শ কৃষক গৰাকীৰ দৰেই আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেখেতে কয়  “তিলেশ্বৰ সন্দিকৈৰ দৰে অসমৰ যুৱ সমাজে কৃষি কাৰ্যত মনোনিৱেশ কৰিলে স্ব-নিয়োজনৰ বাট মুকলি হ’ব আৰু নিবনুৱা সমস্যা সমাধানৰো পথ প্ৰশস্ত হ’ব ৷”অঞ্চলটোৰ সমীপৰ মথুৰাপুৰৰ এগৰাকী যুৱ সাংবাদিক প্ৰণৱ বৰগোহাঁয়ে কয় – “আদৰ্শ কৃষক তিলেশ্বৰ সন্দিকৈ সমাজৰ আদৰ্শ। তেওঁক আদৰ্শ হিচাপে লৈ আমাৰ জিলাখনত ইতিমধ্যে বহু যুৱক যুৱতীয়ে কৃষিক্ষেত্ৰত মনোনিবেশ কৰি আত্মসংস্থাপনৰ বাট মুকলি কৰিছে ৷”মন কৰিবলগীয়া যে দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা এইগৰাকী কৃষকে প্ৰায় ৩০ বছৰ মান পূৰ্বে মাত্ৰ একঠা মাটিত কেইজোপামান কলগছ ৰুই আৰম্ভ কৰিছিল কৃষিকাৰ্য। দৈনিক হাজিৰা কৰি পোৱা টকাৰে ঘৰ চলাবলৈ অসুবিধা হোৱা তিলেশ্বৰ সন্দিকৈয়ে এথোক কল বিক্ৰী কৰি পোৱা ২৫ টকাৰে আৰম্ভ কৰিছিল কল খেতিৰ। শুনিবলৈ সপোন যেন লাগিলেও আচলতে এয়াই সত্য কাৰণ এয়া ২৫ বছৰ আগৰ কথা।
অবিবাহিত তিলেশ্বৰ সন্দিকৈয়ে ভাতৃৰ পৰিয়ালৰ লগত বাস কৰে যদিও কৃষিকাৰ্য নিজৰ প্ৰচেষ্টাত অব্যাহত ৰাখিছে। আনহাতে আদৰ্শ কৃষক তিলেশ্বৰ সন্দিকৈৰ কৃষিকৰ্মৰ জৰিয়তে প্ৰত্যক্ষ ভাৱে দহটা পৰিয়াল উপকৃত হোৱাৰ বিপৰীতে বহু পৰিয়াল পৰোক্ষভাৱে উপকৃত হৈছে। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা প্ৰয়োজন যে  অঞ্চলটোত কাৰোবাৰ সন্তান উপজিলে আদৰ্শ কৃষক তিলেশ্বৰ সন্দিকৈয়ে উপহাৰ হিচাপে দিয়ে এটা নাৰিকল পুলি, এটা সাঁচি গছৰ পুলি। এইটো বোলে ফিক্সড ডিপ’জিত। আচলতে অন্তৰৰ পৰা প্ৰকৃতিক ভালপোৱা আৰু দূৰদৃষ্টিসম্পন্ন লোকেহে যে এনে চিন্তা কৰিব পাৰে তাৰেই প্ৰমাণ দিছে এইগৰাকী আদৰ্শৱান কৃষকে। নিজৰ কৰ্মদক্ষতাৰ বলত কৃষি পাম স্থাপনেৰে আত্মনিৰ্ভৰশীল হোৱাৰ উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰা তিলেশ্বৰ সন্দিকৈ হ’ব পাৰে উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ।