বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / কলঙে ঘূৰাই পাব ইয়াৰ ছন্দ

কলঙে ঘূৰাই পাব ইয়াৰ ছন্দ

৫৬ বছৰীয়া বন্দীত্বৰ অন্ত,পুনৰ বৈ যাব কলং ভাস্কৰ জ্যোতি শ‌ইকীয়াৰ প্ৰতিবেদন

 নগাঁও,১০ নবেম্বৰ – ৫৬ বছৰীয়া বাধাৰ প্ৰাচীৰ ভাঙি  আকৌ কলঙৰ  জলৰাশি বৈ যাব দূৰ দূৰণিলৈ। কলংপৰীয়া ৰাইজৰ পাচঁটা দশকৰ জল্পনা,কল্পনা আৰু সপোনবোৰে পূৰ্ণতা পাব। বহু প্ৰতীক্ষাৰ অন্তত নগাঁওবাসী ৰাইজৰ আপোন কলং নৈ পুনৰ বব সুললিত সুৰত। কলং সভ্যতা পুনৰ জীপাল হব। কলঙৰ পানী যুঁৱলিত পৰি পুনৰ গাগিনীয়ে পানী জুখিব। ১৯৬২চনত হোৱা প্ৰলংয়কাৰী বানৰ পিছত তেতিয়াৰ অভিযন্তা কে এল ৰাওৱে কলংখন পৰ্যবেক্ষণ কৰিবলৈ আহিছিল। কলিয়াবৰৰ হাতীমূৰাত বৰলুইতৰ পৰা বৈ কামৰূপৰ কাজলিমুখত পুনৰ বৰলুইতত বিলীন হোৱা এই কলং নৈ ১৯৬৪ চনত হোৱা প্ৰলয়ংকাৰী বানৰ বাবে স্তব্ধ কৰি দিয়া হৈছিল। কে এল ৰাও সমিতিৰ নিৰ্দেশত হাতীমূৰাত কলঙৰ মুখ বন্ধ কৰি  দিয়াত জখলাবন্ধাৰ পৰা মিছালৈকে প্ৰায় ৩০কিলোমিটাৰ অঞ্চল কলং নৈখন মৰাসুঁতিত পৰিণত হয়। আৰু ইয়াৰ পিছৰ পৰ্যায়ত মিছা, দিজু জুৰিৰ জলধাৰাৰে নগাঁও চহৰলৈকে জীৱন্ত হৈ থাকিল কলং নৈ। এনেদৰে  এসময়ত  সমগ্ৰ নগাঁওখনক সুজলা,সুফলা,শস্যশ্যামলা কৰি ৰখা কলঙৰ গতি ৰুদ্ধ কৰাৰ  ফলতে শস্য-মৎস্যৰে নদনবদন  নগাঁওবাসীক উপকৃত কৰা কলং লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হ’ল। ক্ৰমাৎ নগাঁও চহৰৰ দুয়োকাষে হোৱা অবাধ বেদখলে সংকুচিত কৰিলে কলঙৰ পৰিসৰ। এসময়ত যিখন কলঙক লৈ দেবকান্ত বৰুৱা, নৱকান্ত বৰুৱা, ড° ভৱেন্দ্ৰনাথ শইকীয়া, মহিম বৰা আদিৰ দৰে মহীৰূহে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল সেই কলঙৰ ৰুগ্ন অৱস্থাই সকলোৰে হৃদয় ব্যথিত কৰিলে। কলঙক পুনৰ জীৱিত কৰাৰ উদ্দেশ্যে নগাঁওবাসীয়ে  সময়ে সময়ে দাবী উত্থাপন কৰি আহিছিল  যদিও বিগত চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। উল্লেখযোগ্য যে,খৰস্ৰোতা কলং নগাঁও জিলাৰ হাতীমূৰা আৰিকাটিমুখৰ ব্ৰহ্মপুত্ৰৰ পৰা ওলাই প্ৰায় দুশ কিলোমিটাৰ বৈ গৈ পুনৰ কামৰূপ মহানগৰ জিলাৰ কাজলীমুখ অঞ্চলত ব্ৰহ্মপুত্ৰত মিলি গৈছে ৷ কেইবা শতিকা ধৰি কলং নৈখন মধ্য অসমৰ বিশেষকৈ নগাঁৱৰ আৰ্থ-সামজিক তথা সাংস্কৃতিক দিশৰ জীৱনৰেখা হিচাপে পৰিগণিত হৈ আহিছে ৷ কলং শব্দটোৰ লগত নগাঁৱৰ  মানুহৰ আৱেগ জড়িত হৈ আছে ৷ কবি-সাহিত্যিকৰ সৃষ্টিৰ প্ৰেৰণা হোৱা, কৃষক,মৎস্যজীৱীৰ  জীৱিকাৰ উৎস হোৱা কলঙক বন্ধ্যা কৰি তোলাৰ পিছতেই কলঙৰ সভ্যতা লুপ্ত হৈ পৰে ৷ নগাঁও চহৰৰ এমুঠিমান মানুহক বানৰ কৱলৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত ১৯৬২ চনত সিদ্ধান্ত গ্ৰহণ কৰি তদানীন্তন চৰকাৰখনৰ অভিযন্তা কে এল ৰাওৰ প্ৰচেষ্টাত ১৯৬৪ চনত অদূৰদৰ্শী পৰিকল্পনাৰে কলঙৰ উৎস হাতীমূৰা আৰিকাটিমুখত এটা বান্ধ দি কলংপৰীয়া অগণন কৃষিজীৱী, মৎস্যজীৱীলৈ পিঠি দি স্তব্ধ কৰা সিন্ধান্তক বহুতেই সমালোচনা কৰি আহিছে ৷ প্ৰাণচঞ্চল কলঙক বন্ধ্যা কৰাৰ বাবেই কৃষিজীৱী-মৎস্যজীৱীয়ে নিজৰ জীৱিকা হেৰুওৱাৰ লগতে কলঙৰ দুয়োপাৰ অস্বাস্থ্যকৰ হৈ পৰিল ৷ ক্ৰমাৎ নগাঁও চহৰৰ দুয়োকাষে হোৱা অবাধ বেদখলে সংকুচিত কৰিলে কলঙৰ পৰিসৰ ৷ বিশেষকৈ নগাঁও চহৰৰ মাজ-মজিয়াত স্থায়ী-অস্থায়ীভাৱে নিৰ্মিত প্ৰায় ২০ টা মান নলা-নৰ্দমাৰে চহৰখনৰ সকলো আৱৰ্জনা কলঙত পৰে ৷ ইয়াৰ ওপৰি কলঙৰ ওপৰতে অবাধভাবে বাসগৃহ, প্ৰস্ৰাৱগাৰ-শৌচাগাৰ স্থাপন কৰি কলংখনকে কলুষিত কৰি তুলিছিল ৷

এসময়ৰ সুগভীৰ কলঙত আহোম স্বৰ্গদেউ সকলৰ লগতে বৃটিছে জাহাজ চলাই সামৰিক তথা বাণিজ্যিক জলপথ হিচাপে ব্যৱহাৰ কৰিছিল ৷ শস্য-মৎস্যৰে নদন-বদন নগাঁওবাসীক উপকৃত কৰা কলং এনে অবাধ বেদখলৰ লগতে আৱৰ্জনা পেলোৱাৰ বাবেে ব্যৱহাৰ কৰাৰ ফলতে লাহে লাহে মৰহি গ’ল ৷ সেয়ে কলঙক পুনৰুজ্জ্বীৱিত কৰাৰ উদ্দেশ্যে নগাঁওবাসীয়ে সময়ে সময়ে দাবী উত্থাপন কৰি আহিছিল যদিও বিগত চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ এই দাবী তথা আন্দোলন নগাঁওবাসীৰ বাবে অপৰিহাৰ্য বিষয় হৈ পৰাৰ পিছত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে নগাঁওবাসীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই যোৱা ২০১৭-১৮ বৰ্ষৰ বাজেটত কলঙক পুনৰুজ্জ্বীৱিত কৰাৰ বাবে জলসম্পদ বিভাগৰ দ্বাৰা এটা আঁচনি গ্ৰহণ কৰে ৷ বৰ্তমান চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ তৎপৰতাত কলং পুনৰ বোৱতী নদীলৈ পৰিবৰ্তন হোৱাৰ দিশে অগ্ৰসৰ হৈছে ৷ কলঙৰ দুৱাৰ মুখ মুকলি কৰি পুনৰ বোৱাবৰ বাবে এই আঁচনিত চৰকাৰে তিনিমাহত সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি ১৩৫ কোটি টকা ধাৰ্য কৰিছে আৰু  বিগত ৩০ অক্টোবৰত কলং পুনৰুজ্জীৱিতকৰণ প্ৰক্ৰিয়াশুভাৰম্ভ কৰা হৈছে ৷ কলং পুনৰুজ্জীৱিতকৰণ, ই সঁচাই প্ৰশংসনীয় কাম হিচাপে স্বীকৃত হৈছে ৷ অকল কলং নৈয়ে নহয় চৰকাৰে বন্ধ্যা হৈ থকা ৰাজ্যৰ অন্যান্য নৈ কেইখনকো পৰৰ্বতী সময়ত পুনৰুজ্জীৱিতকৰণ কৰি নৈপৰীয়া আৰ্থ-সামজিক তথা সাংস্কৃতিক দিশৰ জীৱনৰেখাক পুনৰ সৱল কৰি তোলক।-এইয়া সময়ৰ আহ্বান ৷
ইপিনে কলঙে পুনৰ বোৱতী নদীৰ ৰূপ পোৱা বিষয়টো উল্লেখ কৰি  বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই  কয় ” কলং নদীয়ে পুনৰ প্ৰাণ পোৱাতো সঁচাই আনন্দৰ কথা আৰু নিতান্তই এক ইতিবাচক পদক্ষেপ। কলং যুগ যুগ ধৰি সৃষ্টিশীল লোকৰ বাবে সৃষ্টিৰ উৎস হৈ আহিছে । কলং পুনৰ উজ্জীৱিত হোৱাৰ খবৰে আমাৰ নগাঁও বাসীক আনন্দিত কৰি তুলিছে। আশাকৰো অগ্ৰজ সকলৰ দৰে নতুন প্ৰজন্ময়ো এই বৈ যোৱা কলঙৰ মাজত সৃষ্টিৰ উৎস বিচাৰি পাব। লগতে কলঙৰ জীৱিত ৰূপে কৃষিজীৱী ৰাইজকো উপকৃত কৰিব। নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক মুৰুলী বৰুৱাই কলঙে পুনৰ বোৱতী নদীৰ গতি ঘূৰাই পোৱা সম্পৰ্কত কয়  “মই কলংপৰীয়া । মোৰ আত্মপৰিচয় কলংপৰীয়া বুলি কৈ মই গৌৰৱ কৰোঁ । কিন্তু দুৰ্ভাগ্যজনক কথা যে আমি জনা বুজা হোৱাৰে পৰা আমাৰ হেপাঁহৰ কলংখন মৃত অৱস্থাত দেখি আহিছোঁ । যেতিয়া কলংখন বৈ আছিল তেতিয়া কলংপাৰত গঢ়ি উঠিছিল এক চহকী সভ্যতা। যি সভ্যতাই নগাঁৱৰ সমাজ জীৱনক জীয়াই থকাৰ সঞ্জীৱনী শক্তি প্ৰদান কৰিছিল । সেই সভ্যতাৰ বোকোচাত উঠি নগাঁৱৰ সাহিত্য সংস্কৃতিয়ে বিশ্ব জয়ৰ সপোন দেখিছিল । এক কথাত কবলৈ গ’লে, এই কলংপৰীয়া সভ্যতাৰ মেটমৰা সম্ভাৰৰ বাবেই আজিও সমৃদ্ধিশালী হৈ আছে নগাঁৱৰ জনজীৱন । কিন্তু এক অবাঞ্চিত পৰিস্থিতি আৰু সময়ে কলঙৰ বোৱতী গতিক ৰুদ্ধ কৰি পেলালে । হঠাৎ যেন এটি গৌৰৱোজ্জ্বল  সভ্যতাৰ অকাল মৃত্যু ঘটিল। এটা যুগ পাৰ হ’ল । নগঞা ৰাইজে সদায়ে বিচাৰিছিল ভৰ বাৰিষাৰ বানত কলঙে আমাক উটুৱাই নিলেও নিয়ক,কিন্তু কলং জী উঠক ৷ আকৌ আহিম কলংপাৰলৈ । কিন্তু কলঙে যেন পুনৰ প্ৰাণ পাই উঠে। বহু প্ৰতীক্ষাৰ অন্তত ভাল খবৰটো আহিল। অহাটো বাৰিষাৰ পৰাই  কলঙে নিজৰ বুকুৰে বোৱাই আনিব লুইতৰ জলধাৰাক । নতুনকৈ জীপাল হৈ উঠিব কলং পৰীয়া সভ্যতা । এগৰাকী নগঞা হিচাপে ইয়াতকৈ আৰু আনন্দৰ কথা কি হব পাৰে ?