বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / মাটিৰ চাকিৰে অসমত এইবাৰ ‘লোকেল ভ’কেল গ্লবেল’

মাটিৰ চাকিৰে অসমত এইবাৰ ‘লোকেল ভ’কেল গ্লবেল’

কৰ’নাই কোঙা কৰা মৃৎশিল্পীয়ে পোহৰ দেখিছে পোহৰৰ উৎসৱত ৷এই প্ৰতিবেদন যুগুতাইছে পাৰ্থ প্ৰতীম হাজৰিকাই ৷

নৱেম্বৰ ১৩:পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী। হাজাৰ হাজাৰ পৰিয়ালৰ পদূলি মাটিৰ চাকিৰে পোহৰাই তুলিবলৈ সাজু হৈ উঠিছে সমগ্ৰ ৰাজ্য মৃৎ শিল্পী সকল ৷ চাইনীজ ভিন্ন ৰঙী লাইট নাইবা আতচবাজীৰ পৰিৰ্ৱতে এইবাৰ চাহিদা বাঢ়িছে মাটিৰ চাকিৰ ৷ মৃৎ শিল্পী সকলৰ মুখত বিৰিঙিছে হাঁহি ৷

পুৱাই কামাখ্যা মন্দিৰৰ সমীপত প্ৰায় এশ মাটি চাকি ক্ৰয় কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৃৎ শিল্পী সকলক উৎসাহ প্ৰদান কৰে ৷ আনহাতে, মুখ্যমন্ত্ৰীৰ আগমনৰ পাছত হোৱা বাৰ্তালাপত মৃৎ শিল্পী সকলেও গ্ৰাহকৰ ঘন উপস্থিতিত ব্যৱসায় এইবাৰ কিছু সন্তোষজনক হৈছে বুলি ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে চাকি ক্ৰয় কৰি মৃৎশিল্পীী সকলক উৎসাহিত কৰি কয় যে আমি আমাৰ স্থানীয় শিল্পীক প্ৰাধান্য দিবই লাগিব ৷
ৰাজ্যৰ আন প্ৰান্তৰ দৰেই কলিয়াবৰৰ জখলাবন্ধাৰ কমাৰ পট্টী নামৰ গাঁৱখনৰ মৃৎ শিল্পীসকল সম্পূৰ্ণ সাজু হৈছে দীপাৱলীৰ বাবে।প্ৰায় ডেৰ কুৰি পৰিয়াল বসবাস কৰা গাঁওখনত দীপাৱলীক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই । পুৰুষ মহিলা সকলো ব্যস্ত হৈ পৰিছে পোহৰৰ উৎসৱত পোহৰ বিলাবলৈ। ৰাজ্যৰ বজাৰসমূহ সস্তীয়া চীনা সামগ্ৰীৰে ভৰি পৰা সময়তে কলিয়াবৰৰ কমাৰ পট্টি নামৰ গাঁৱৰ দুখীয়া মৃৎ শিল্পীসকলে আজিও এনেদৰেই থলুৱা সামগ্ৰীৰে মাটিৰ চাকি প্ৰস্তুত কৰি বজাৰে বজাৰে বিক্ৰী কৰি ঐতিহ্যমণ্ডিত শিল্পবিধক জীয়াই ৰখাৰ লগতে নিজৰ পৰিয়ালকো পোহপাল দি আহিছে। মাটিৰ চাকি প্ৰস্তুত কৰি অব্যাহত ৰাখিছে স্বাৱলম্বিতাৰ পথ ।পৰিতাপৰ কথা এই যে¸ মৃৎ শিল্পীসকলে আজিলৈকে পোৱা নাই কোনো চৰকাৰী সাহায্য। কিন্তুু এইবাৰৰ দিপাৱলীত  গ্ৰাহকৰ উপস্থিতিয়ে কিছু সকাহ দিব বুলি তেওঁলোক আশাবাদী ৷ ‘বজাৰত এইবাৰ চীনা লাইট  বিক্ৰীত বাধা আৰোপ কৰাৰ বাবে মাটিৰ চাকিৰ প্ৰচলন আৰু চাহিদা বাঢ়িছেে যিটো আমাৰ দৰে মৃৎশিল্পীৰ বাবে খুব আদৰণীয় বিষয়’ -এইদৰে নিজৰ মনোভাৱ ব্যক্ত কৰে এগৰাকী চাকি বিক্ৰেতাই ৷


আনহাতে গহপুৰতো দেখা গ’ল অনুৰূপ প্ৰতিচ্ছবি ৷ বজাৰত থলুৱা মৃৎ শিল্পী সকলৰ হাতত পৰশ পোৱা বিভিন্ন মাটি চাকিৰ যথেষ্ট  চাহিদা বৃদ্ধি পাইছে ৷ মুঠ কথাত এইবাৰ ৰাজ্যৰ মৃৎশিল্পী সকলে কিছু পৰিমাণে হ’লেও পূৰ্বতকৈ গ্ৰাহকৰ সঁঁহাৰি পাইছে যিটো পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষনত এক শুভলক্ষণ ৷