বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / উদ্যোগ : কৃতিত্ব – ধ্বংসৰ নে সৃষ্টিৰ ?

উদ্যোগ : কৃতিত্ব – ধ্বংসৰ নে সৃষ্টিৰ ?

দীপাৱলীয়ে পোহৰ নহয় ,অন্ধকাৰহে কঢ়িয়ালে একাংশ ক্ষুদ্ৰ উদ্যোগীলৈ৷এই প্ৰতিবেদন যুগুতাইছে পাৰ্থ প্ৰতীম হাজৰিকাই ৷

গুৱাহাটী,১৪নবেম্বৰ – পোহৰৰ উৎসৱ দীপাৱলী ,দীপাৱলীতো পিছে এইবাৰ পোহৰ নেদেখিব  অসমৰ একাংশ ক্ষুদ্ৰ উদ্যোগে ৷ আত্মনিৰ্ভৰশীলতাৰ নিৰ্দশন দাঙি ধৰি নিজৰ লগতে আন কেইবাটাও পৰিয়ালক বিগত সময়ত কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি দিয়া এই সমূহ উদ্যোগে সম্প্ৰতি পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ দিশেে গতি কৰিছে ৷
সততে ‘লোকেল,ভ’কেল,গ্লৱেল’ৰ কথা কোৱা চৰকাৰৰ পিছে আহৰি নহ’ল আতচবাজীৰ ওপৰত ভিত্তি কৰি ঘৰ চলোৱা এই সমূহ থলুৱা উদ্যোগীৰ কথা ভাবিবলৈ ৷ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি আত্মনিৰ্ভৰশীলতাৰ কথা বাৰে বাৰে দোহৰা  চৰকাৰৰ চকু কেতিয়া পৰিব এই সমূহ থলুৱা উদ্যোগ আৰু উদ্যোগীৰ ওপৰত ?
বৰপেটা জিলাৰ বিলৰটাৰী হাতীৰ ‘মানি চুনা আতচবাজী উদ্যোগ’ৰ  এই আতচবাজীৰ ক্ষেত্ৰখনত সুকীয়া স্থান আৰু মান আছে ৷ ইয়াক কেবল উদ্যোগ  বুলি ক’লে ভুল হ’ব কিয়নো ইয়াৰ লগত জড়িত হৈ আছে এক দীৰ্ঘ পৰিক্ৰমা আৰু সমগ্ৰ বৰপেটাবাসী ৰাইজৰ ঐতিহ্য তথা পৰম্পৰা ৷

উদ্যোগটোৰ বৰ্তমানৰ স্বতাধিকাৰী ৰীতামণি পাঠকৰ লগত হোৱা কথা বতৰাৰ পৰা জানিব পৰা অনুসৰি ১৮৮৫ চনতেই তেখেতৰ আজো ককাকে স্থাপন কৰিছিল এই ক্ষুদ্ৰ উদ্যোগ ৷ আনহাতে, তাৰ পৰৰ্ৱতী পৰ্যায়ত প্ৰথমে তেখেতৰ পিতৃ আৰু বৰ্তমান তেখেত নিজেই জড়িত হৈ পৰিছে উদ্যোগটোৰ লগত ৷ বৰ্তমানলৈকে এই উদ্যোগে  চৰকাৰৰ পৰা কোনো ধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰা নাই ৷
“পূৰ্বতে আমাৰ উদ্যোগটোৰ লগত প্ৰায় ১০০ ৰো অধিক লোক জড়িত হৈ আছিল ৷ কিন্তুু বৰ্তমান মাথোঁ ৩০ জন কৰ্মীৰ সহায়তে চলাবলগীয়া হৈছে সকলো কাম ৷ কিয়নো বহিৰাগত আটচবাজীৰ পয়োভৰৰ  সময়ত স্থানীয় উদ্যোগটোৰ বাবে বজাৰ দখল কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৷ আনহাতে, এক সীমিত পুঁজিৰ মাজতেই আবদ্ধ কৰা হয় আমি আমাৰ সকলো যাবতীয় ব্যয় বহন কৰিবলগীয়া হয় আৰু আন বৃহৎ কোম্পানীৰ দৰে আমাৰ বিশেষ মাৰ্কেটিঙৰ ব্যৱস্থাও নাই “-এনেদৰ কয় ৰীতামণি পাঠকে ৷
সমস্যাৰে ভাৰাক্ৰান্ত এই লোকসকলে এইবাৰৰ দিপাৱলীত  হেৰুৱাইছে মুখৰ মাত ৷ কিয়নো উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ নোপোৱাত মূলধন ঘূৰাই নোপোৱাৰ আশংকাত নিদ্ৰা হৰিছে স্বতাধিকাৰ তথা কতৃপৰ্ক্ষৰ ৷ উদ্যোগটোৰ বৰ্তমানৰ স্বতাধিকাৰী ৰীতামণি পাঠকে এইবাৰ চৰকাৰে আতচবাজী  নিষিদ্ধ  কৰাৰ বিষয়টোত  প্ৰতিক্ৰিয়া ব্যক্ত কৰি  এনেদৰে কয় “ আমি এক নিৰ্দিষ্ট মূলধন নাইবা পৰিসৰৰ ভিতৰত থাকি সকলো কাম কৰোঁ ৷ কিন্তুু শেহতীয়াকৈ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে ১০ নবেম্বৰত দিয়া এখন জাননী আৰু তাৰ পৰবৰ্তী পৰ্যায়ত  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ,ৰ ভাষ্যই আমাক যথেষ্ট বিপাঙত পেলালে ৷ আমি প্ৰতি বছৰে গনেশগুৰিৰ গনেশ মন্দিৰৰ সমীপত এখন দোকান দিওঁ ৷ কিন্তুু এইবাৰ দোকান দিয়াৰ ক্ষেত্ৰতো বাধ্যবাধকতা দিছে শাসনাধিষ্ঠিত চৰকাৰে ৷ গতিকে এইবাৰ দেৱালীত আমি মূলধন ঘূৰাই পোৱাৰ আশংকা তেনেই ক্ষীণ ৷” এই উদ্যোগৰ পৰাই  ৰাজ্যৰ বিভিন্ন ঠাইলৈ আতচবাজীৰ ৰপ্তানি হয় ৷ কিন্তুু সকলো জিলাতেই এইবাৰ  আতচবাজী ব্যৱহাৰৰ ক্ষেত্ৰত সুকীয়া নিয়ম হোৱাৰ বাবে তেওঁলোকে  উৎপাদিত  আতচবাজী সমূহ পঠিয়াব পৰা নাই সেই জিলাবোৰলৈ ৷ মুঠৰ ওপৰত দিপাৱলীত এইবাৰ সুখকৰ নহ’ল  এইসকল থলুৱা শিল্পীৰ বাবে ৷

সমান্তৰালভাৱে ভঙাগড় আৰু গনেশগুৰিটো এইবাৰ দেখা পোৱা নগ’ল আতচবাজী বিক্ৰী কৰা ফুটপাথৰ দোকান সমূহ ৷ অস্থায়ী ভাবে হলেও ফুটপাথত আতচবাজী বিক্ৰী কৰি কিছু সংখ্যক দৰিদ্ৰ পৰিয়ালে মোটা অংকৰ লাভ অৰ্জন কৰিব পাৰিছিল ৷ জনবহুল পথ দুটিত এইবাৰ আতচবাজী বিচাৰি ওলাই নাহিল সাধাৰণ জনতা ৷ গনেশগুৰিৰ ফুটপাথৰ এজন দোকানীৰ মন্তব্য অনুসৰি “ আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ মুখত দিপাৱলী আহিলে হাঁহি বিৰিঙে ৷ ২০০০ টকা আতচবাজীত বিনিয়োগ কৰিও কিছু পৰিমাণে ঘৰ চলোৱাত সকাহ পাব পাৰি ৷ কিন্তুুু এইবাৰ আতচবাজী বিক্ৰী বন্ধ কৰাত আমাৰ উপাৰ্জনৰ এটা সুযোগ হেৰাল ৷’

আতচবাজী বিক্ৰী বন্ধ কৰাত কেবল থলুৱা আতচবাজী প্ৰস্তুতকাৰীয়েই যে ক্ষতিগ্ৰস্ত হৈছে তেনে নহয় সমান্তৰালভাৱে ইয়াক বজাৰত বিক্ৰী কৰি পৰিয়াল চলোৱা সকলৰ বাবেও আহিছে এক প্ৰকাৰৰ বিভীষিকা ৷ কিছু সংখ্যকে পূৰ্বতে মজুত ৰখা আতচবাজী বিক্ৰীৰ অনুমতি নাপাই সম্প্ৰতি দিক বিদিক হেৰুৱাইছে ৷ অনাগত দিনত  আত্মনিৰ্ভৰশীলতাৰ কথা সততে কোৱা চৰকাৰে এই লোকসকলৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে,সেইয়া নিশ্চয়কৈ লক্ষণীয় হ’ব!ঁ