সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / জুইয়ো নুমাল,গেছৰ ভাণ্ডাৰো ওলাল একেদিনাই

জুইয়ো নুমাল,গেছৰ ভাণ্ডাৰো ওলাল একেদিনাই

অইল ইণ্ডিয়াৰ দ্বাৰা নতুন প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আৱিস্কাৰ সমুদ্ৰজিত গোহাঁইৰ প্ৰতিবেদন

গুৱাহাটী,১৫ নৱেম্বৰ : বিগত প্ৰায় ৬ মাহ ধৰি অইল ইণ্ডিয়া লিমিটেডে সকলো ধৰণৰ ঋণাত্মক বাতৰিৰ বাবে সংবাদ শিৰোনামা দখল কৰি আহিছিল ৷ বিগত ২৭মে’ত বাঘজান তৈলক্ষেত্ৰৰ ৫নং খাদত হোৱা ব্লআউট দুৰ্ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত কাষৰীয়া অঞ্চলসমূহৰ বাসিন্দা তথা পৰিবেশৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছিল ৷ বিদেশৰ পৰা বিশেষজ্ঞ আনিও অইল কৰ্তৃপক্ষই ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১৭০ দিন অতিক্ৰম কৰাৰ পিছতহে বাঘজানৰ জুই নুমুৱাবলৈ সক্ষম হৈছে ৷ ফলস্বৰূপে ৰাজহুৱা খণ্ডৰ এই নৱৰত্ন প্ৰতিষ্ঠানটোৰ দিনে প্ৰায় ২.৫ কোটি টকাৰ লোকচান হৈ আহিছে বুলি বিশ্বস্ত সূত্ৰই জানিবলৈ দিছে৷আনহাতে, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ দ্বাৰা গঠিত ন্যায়াধীশ বি পি কটকী সমিতিয়ে অইল ইণ্ডিয়াক ক্ষতিগ্ৰস্ত ৰাইজক প্ৰায় ১২০ কোটি টকাৰ ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিছে ৷ আনহাতে, এনে দুঃখবৰৰ মাজতে কোম্পানীটোৱে দিনজানত এখন নতুন প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছে ৷ দিনজান ক্ষেত্ৰত দৈনিক প্ৰায় ১১৫,০০০ ঘনত্ব মিটাৰৰ প্ৰাকৃতিক গেছৰ উৎপাদনৰ সম্ভাৱনীয়তাৰ বিষয়ে কোম্পানীটোৱে সদৰী কৰিছে ৷ উল্লেখযোগ্য যে দিনজান ক্ষেত্ৰ বাঘজান ক্ষেত্ৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ তিনিচুকীয়া পেট্ৰলিয়াম মাইনিং এক্সপ্লৰেশ্যন লাইচেঞ্চৰ অধীনত দিনজানত খনন চলোৱা হৈছিল বুলি কোম্পানীটোৱে প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ৷ আনহাতে, বাঘজানৰ দৰে দিনজানতো ভূগৰ্ভৰ প্ৰায় ৩,৬০০ মিটাৰ গভীৰতাত এই প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ অৱস্থিত ৷ বাঘজান তথা ওচৰতে অৱস্থিত আন এখন তৈলক্ষেত্ৰ ডিকমৰ দৰে দিনজানৰ পৰাও অনাগত দিনত যথেষ্ট পৰিমাণে প্ৰাকৃতিক গেছৰ উৎপাদন হ’ব বুলি নাম প্ৰকাশত অনিচ্ছুক এজন বিশেযজ্ঞই মত প্ৰকাশ কৰিছে ৷ উল্লেখযোগ্য যে বিগত মাহত কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক গেছৰ বিক্ৰী মূল্য প্ৰায় ২৫% হ্ৰাস কৰিছিল ৷ ফলস্বৰূপে তেলৰ লগতে প্ৰাকৃতিক গেছৰ উৎপাদন কৰা ৰাজহুৱা খণ্ডৰ দুই প্ৰতিষ্ঠান  অএনজিছি,অইল ইণ্ডিয়াৰ ৰাজহ তথা লাভাংশৰ যথেষ্ট হ্ৰাস হ’ব বুলি শংকা প্ৰকাশ কৰা হৈছিল ৷ গতিকে এনে পৰিস্থিতিৰ মাজতে অইল ইণ্ডিয়াৰ দ্বাৰা এক নতুন প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আৱিস্কাৰ নিঃসন্দেহে এক যোগাত্মক বাতৰি ৷