বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / লিচুবাগানত বৰটোপ !

লিচুবাগানত বৰটোপ !

পাঁচ দশকৰ অন্তত ত্ৰিপুৰাত ১৯৭১ চনৰ যুদ্ধৰ স্মৃতি সৌধ ৷

আগৰতলা, ১৫ নৱেম্বৰ– প্ৰায় পাঁচ দশকৰ আগতে ভাৰত -পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ ফলস্বৰূপে সেই সময়ৰ পূব পাকিস্তান পৰৱৰ্তী সময়ত বাংলাদেশ নামে এক নতুন ৰাষ্ট্ৰ হিচাপে আত্ম প্ৰকাশ কৰিছিল।সেই যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ বাংলাদেশৰ সীমান্তবর্তী ত্ৰিপুৰা ৰাজ্যত যথেষ্ট পৰিমাণে পৰিছিল ৷ আশ্চৰ্য্যজনক বিষয়টো হ’ল ১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধত ভাৰতীয় সেনা বাহিনীয়ে পাকিস্তানী সেনা বাহিনীৰ  এখন যুদ্ধ টেংক আৰু এটা বৰটোপ আগৰতলা চহৰৰ মাজমজিয়াত থকা চৌমহানিৰ পোষ্টঅফিচৰ চৌহদত বিগত বছৰ সমূহত প্ৰদৰ্শনৰ বাবে  ৰখা হৈছিল।কিন্তু যিহেতু এতিয়া লিচু বাগান পাৰ্কত ‘এলবাৰ্ট এক্কা’ যুদ্ধৰ স্মৃতি সৌধ নিৰ্মাণ কৰা হ’ব ,সেইবাবে যোৱা দেওবাৰে এই দুই যুদ্ধ সামগ্ৰী লিচুবাগান পাৰ্কলৈ স্থানান্তৰিত কৰা হ’ল। উল্লেখ কৰিব পাৰি যে ইতিমধ্যে লিচু বাগান অঞ্চলত সেনাবাহিনীৰ তৰফৰ পৰা এটা ক্ষুদ্ৰ যুদ্ধ স্মৃতি সৌধ নিৰ্মাণ কৰা হৈছে। এই স্মৃতি সৌধ পৰম বীৰ চক্ৰ বিজেতা লেন্সনায়ক এলবাৰ্ট এক্কাৰ সোঁৱৰণত স্থাপন কৰা হৈছে। উল্লেখ কৰিব পাৰি যে পৰমবীৰ চক্ৰ বিজেতা লেন্স নায়ক অলবাৰ্ট এক্কাই গংগাসাগৰ যুদ্ধত বিশেষ পৰাক্ৰম প্ৰদৰ্শন কৰিছিল আৰু তেওঁ আগৰতলা চহৰ খনক পাকিস্তানী সৈন্যবাহিনীৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। বিগত কেইবা বছৰ ধৰি ভাৰতীয় সৈন্য বাহিনী আৰু ত্ৰিপুৰা সৈনিক বৰ্ডৰ ফালৰপৰা ত্ৰিপুৰাত এটা বৃহৎ স্মৃতি সৌধ নিৰ্মাণৰ দাবী উত্থাপন হৈ আহিছিল। কিছুদিন আগতে ভাৰতীয় সেনা বাহিনী আৰু ত্ৰিপুৰা সেনা বাহিনীৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সাক্ষাত কৰোঁতেও পুনৰ এই দাবী উত্থাপন কৰা হৈছিল। আনহাতে এই প্ৰস্তাৱিত যুদ্ধস্মৃতি সৌধটো স্মাৰ্ট চিটি প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই প্ৰকল্পৰ অংশ হিচাপে এতিয়া পাকিস্তান সেনাবাহিনীৰ পৰা দখল কৰা সেই যুদ্ধ টেংক তথা বৰটোপ লিচু বাগানলৈ স্থানান্তৰিত কৰা হৈছে যাতে নগৰখনৰ মাজমজিয়াত কোনো ধৰণৰ যাতায়তৰ সমস্যাৰ সৃষ্টি নহয়। আনহাতে উচ্চপদস্থ বিষয়া যাদবে ত্ৰিপুৰা সৈনিক বৰ্ডৰ এজন ব্ৰিগেদিয়াৰ পৰ্যায়ৰ বিষয়াৰ উদ্ধৃতি দি কয় যে এক দুষ্ট চক্ৰই এই বিশেষ যুদ্ধ টেংক তথা বৰটোপ  ত্ৰিপুৰাৰ পূৰ্বৰ ৰাজপৰিয়ালৰ স্মৃতিৰ লগতহে জড়িত বুলি  অপপ্ৰচাৰ চলাই আহিছে। কিন্তু এই যুদ্ধৰ টেংক আৰু বৰটোপৰ ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ লগত কোনো সম্পৰ্ক নাই বুলি জানিব পৰা গৈছে ৷ আনহাতে প্ৰতিৰক্ষা বিশ্লেষক মানস পালৰ মতে ১৯৭১ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ  প্ৰধান অভিযান আছিল দুটা। এটা অভিযান হৈছে ‘কেকটাছ লিলি’ আৰু আনটো অভিযান ‘নাট ক্রেকাৰ’৷ এই দুই অভিযানতে ৫৭ মাউণ্টেইন ডিভিজনেই ওতঃপ্ৰোত ভাৱে জড়িত আছিল আৰু তেওঁলোকক ৫৭ মাউণ্টেন আৰ্টিলেৰি ব্ৰিগেডে সহায় কৰিছিল। এই দুই অভিযানেই আগৰতলা চহৰৰ পৰা আৰম্ভ হৈ পশ্চিম দিশে যাত্ৰা কৰি  ঢাকা অভিমুখে ৰাওনা হৈছিল।১৯৭১ চনৰ ১৬ ডিচেম্বৰত এই ভাৰত পাকিস্তান যুদ্ধৰ অন্ত পৰিছিল কাৰণ পাকিস্তানী সৈন্য বাহিনীৰ ৯৩হাজাৰ যুদ্ধ বন্দীয়ে ভাৰতৰ ওচৰত আত্ম সমৰ্পণ কৰিছিল। প্ৰতিৰক্ষা বিশ্লেষক মানস পলৰ মতে লেফেটেনেন্ট জগজিৎ সিং আৰোৰা ,মেজৰ জেনেৰেল য়াৰণ কাৰ্ডছ’,লেফ অৰুণ ক্ষেত্ৰ পাল আৰু লেন্স নায়ক এলবাৰ্ট এক্কা এই যুদ্ধ খনৰ বিশেষ কেইজনমান উল্লেখযোগ্য বীৰ আছিল। তেওঁ এই বীৰ সকল আৰু বিশেষকৈ ঝাৰখণ্ডৰ সন্তান পৰমবীৰ চক্ৰ বিজেতা লেন্স নায়ক এলবাৰ্ট এক্কাই প্ৰদৰ্শন কৰা অসীম সাহস আৰু পৰাক্ৰমৰ কথা স্মৰণ কৰে।পলে লগতে উল্লেখ কৰে যে  ভাৰতীয় সেনাবাহিনীয়ে সেই সময়ত পূব-পাকিস্তানৰ  সাধাৰণ জনতাৰ সহযোগত পশ্চিম পাকিস্তানৰ সৈন্য বাহিনীৰ বিপক্ষে এই যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু এই যুগ্ম প্ৰচেষ্টাৰ ফলস্বৰূপে পূব পাকিস্তানৰ পৰা বাংলাদেশ নামৰ এখন নতুন দেশৰ জন্ম লাভ কৰিবলৈ সক্ষম হৈছিল।