শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বীৰোচিত সন্মানেৰে বিদায় হৰধনক

বীৰোচিত সন্মানেৰে বিদায় হৰধনক

অসম চৰকাৰে শ্বহীদ হৰধনৰ পৰিয়াললৈ আগবঢ়াইছে ২০ লাখ টকা

গুৱাহাটী/ আগৰতলা ‍১৬ নৱেম্বৰ : ভাৰতীয় সেনাবাহিনীয়ে  সোমবাৰে জন্ম কাশ্মীৰত দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া হৰধন ৰাইক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে যুদ্ধৰ নিয়ম উলংঘা কৰি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে সীমা অতিক্ৰমৰ চেষ্টা চলোৱা  সময়তে এই ঘটনা সংঘটিত হৈছিল ৷ বিদায়ৰ অন্তিম ক্ষনত ,ভাৰতীয় সেনাবাহিনীয়ে দেশৰ হকে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ জনক  শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে ৷ সেনাবাহিনীৰ বাহিৰেও  বহু শীৰ্ষ পৰ্যায়ৰ ৰাজনীতিবিদ ,প্ৰশাসনিক বিষয়া ,উচ্চস্তৰীয় আৰ্মি বিষয়া ,পৰিয়াল বৰ্গ আৰু বন্ধুকে ধৰি সহস্ৰজন তেওঁৰ শেষকৃত্যত উপস্থিত থাকে ৷ অদম্য সাহসী শ্বহীদ হৰধন চন্দ্ৰ ৰাইক তেওঁৰ জন্ম ভূমি গৌৰাং নদীৰ পাৰত  অন্তিম সৎকাৰ কৰা হয় ৷
অসম চৰকাৰৰ ফালৰ পৰা অন্তিম শ্ৰদ্ধাঞ্জলি :
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিয়ালটিলৈ অসম চৰকাৰৰ ফালৰ পৰা ২০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ’ব বুলি আনুষ্ঠানিক ঘোষণা কৰে ৷ ৰয় আৰু তেওঁ সহকৰ্মী ৩ সেনা জোৱানে দেশ মাতৃৰ অস্তিত্ব ৰক্ষা কৰিবলৈ গৈ কৰা চৰম ত্যাগক সহস্ৰ প্ৰণিপাত জনাই মুখ্যমন্ত্ৰীজনে ৷ সেনাৰ অনুসৰি ,সমগ্ৰ ঘটনাটোত ৭ জনকৈ পাকিস্তানী সেনাৰ মৃত্যু হোৱাৰ লগতে একাধিক জন গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত হৈছে ৷ভাৰতীয় সেনা জোৱান সকলেও পাকিস্তানৰ বিভিন্ন কূটাঘাতমূলক কাৰ্যৰ ঘাটি ধ্বংস কৰে ৷ ৰয় দ্বিতীয়জন উত্তৰ পূৰ্বাঞ্চলৰ সেনা জোৱান যি বিগত সপ্তাহত পাকিস্তানী সেনাৰ লগত যুঁজি মৃত্যুক সাবটি লৈছে ৷
৮ নবেম্বৰত শ্বহীদ এজন ত্ৰিপুৰাৰ সৈনিক ৮ নবেম্বৰত বি এছ এফ কনিস্টবল সুদীপ কুমাৰ সৰকাৰে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ৷সুদীপ কুমাৰ সৰকাৰৰ ঘৰ আছিল ত্ৰিপুৰাত ৷

Thousands bid farewell to Assam’s braveheart, martyred among 4 soldiers in J&K.