বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / পৰিচয় হওঁ  / #অজিত বৰা#

#অজিত বৰা#

শিল্পকলাৰ মোহত বন্দী হৈ ঘৰকেই বনালে 'আশ্ৰম'

নগাঁও ১৭ নৱেম্বৰ: বৃত্তিত তেওঁ এজন শিক্ষক। কিন্তু শৈশৱৰে পৰা চিত্ৰ-ভাস্কৰ্যৰ প্ৰতি আগ্ৰহী এই ব্যক্তিজন হৈছে অজিত বৰা। অজিত বৰাই নিজৰ বাসগৃহকে শিল্পাশ্ৰমলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছে। বাসগৃহৰ কেইবাখনো দেৱালত তেওঁ অসমৰ ঐতিহ্য সংস্কৃতিক প্ৰতিফলিত কৰা ভাস্কৰ্য নিৰ্মাণ কৰিছে।এখন দেৱালত নিৰ্মাণ কৰিছে অসমৰ বিহু নৃত্যৰ ভাস্কৰ্য,কোনোবাখনত নিৰ্মাণ কৰিছে আহোম ৰাজত্বৰ গৌৰৱৰ প্ৰতীক ৰংঘৰ। তদুপৰি মনিপুৰী নৃত্য,শিৱ-পাৰ্বতীৰ নৃত্য,খোল-তাল আদি পৰিবেশনৰে অসমৰ ঐতিহ্যমণ্ডিত সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰ দৃশ্য,নাওখেল,মাঘ বিহুৰ সময়ৰ ম’হ যুজঁ,বৌদ্ধদেৱৰ প্ৰতিমূৰ্তি আদি তেওঁ দেৱালত ভাস্কৰ্যৰূপত নিৰ্মাণ কৰিছে।চিত্ৰ-ভাস্কৰ্য শিল্পী অজিত বৰাক এই ভাস্কৰ্য নিৰ্মাণত সহায় কৰিছে আন এজন ভাস্কৰ্য শিল্পী পৱন দাসে।কেৱল দেৱালত ভাস্কৰ্য নিৰ্মাণেই নহয় অজিত বৰাই মাজুলীৰ বিখ্যাত মুখা শিল্পৰ আৰ্হিত জটায়ু,গৰুড়,হনুমান,ৰাৱন,শূপৰ্ণখা,গ্ৰাহ গজেন্দ্ৰ আদিৰ মুখাও নিৰ্মাণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে।বাঁহৰ কাঠি,গোৱৰ,মাটি আদিৰে তেওঁ এই মুখাবোৰ নিৰ্মাণ কৰিছে। ইতিমধ্যে অজিত বৰাই কেইবাখনো দেৱালত এনেধৰণৰ ভাস্কৰ্য নিৰ্মাণ কৰি প্ৰায় সম্পূৰ্ণ কৰিছে যদিও এই ভাস্কৰ্য সমূহত ৰং দিয়া কাৰ্য বাকী আছে। বৰাৰ এই স্বপ্নৰ শিল্পাশ্ৰমে পূৰ্ণাংগ ৰূপ পাবলৈ আৰু হয়তো কেইটামান মাহৰ প্ৰয়োজন হ’ব। অৰ্থনৈতিক কাৰণত তেওঁ শিল্পাশ্ৰমৰ কাম কাজ সম্পূৰ্ণ কৰাত থমকি ৰব লগীয়া হৈছে। উল্লেখযোগ্য যে নগাঁও জিলাৰ ব্ৰাহ্মণ গাঁৱত জন্মগ্ৰহণ কৰা অজিত বৰাই ৮০ দশকতে প্ৰখ্যাত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ ওচৰত চিত্ৰৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। একাগ্ৰতা,অধ্যৱ্যৱসায় আৰু সৃষ্টিশীল কিবা এটা কৰাৰ তাড়নাই কম সময়ৰ ভিতৰতে তেওঁক চিত্ৰ-ভাস্কৰ্যত পাৰ্গত কৰি তুলিছিল। তেওঁ বৃহত্তৰ হাতীচোং অঞ্চলত চিত্ৰ কলা প্ৰসাৰৰ অৰ্থে স্থাপন কৰে শংকৰদেৱ চিত্ৰ কলা বিদ্যালয়। ২০০৬ চনত তেওঁ নগাঁও জিলাৰ চমুৱাগাওঁ তিনিআলিত স্থাপন কৰে এই চিত্ৰ কলা বিদ্যালয়খন। ভাস্কৰ্যৰে সু সজ্জিত তোৰণ,বিভিন্ন ভাস্কৰ্যৰে সু সজ্জিত বেৰা,নটৰাজৰ মূৰ্তি আদিৰে শংকৰদেৱ চিত্ৰ কলা বিদ্যালয় সম্প্ৰতি এখন প্ৰতিষ্ঠিত চিত্ৰ-ভাস্কৰ্যৰ শিক্ষানুষ্ঠানত পৰিণত হৈছে। এই শিক্ষানুষ্ঠানত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা,কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ তিনিটা আৱক্ষ মূৰ্তি আছে। তাৎপৰ্যপূৰ্ণ যে এই আৱক্ষ মূৰ্তি তিনিটা চিত্ৰ শিল্পী অজিত বৰা আৰু পৱন দাসে নিৰ্মাণ কৰিছে। চিত্ৰ শিল্পী অজিত বৰাই তেওঁৰ বাসগৃহত নিৰ্মাণ কৰা শিল্পাশ্ৰমত তেওঁ নিজে অংকন কৰা ‘আইক বচাওক’, ক্ষুধা,ভুলৰ পৰিণাম,পৰাধীন,যৌন সমস্যা আদি বহু কেইখন চিত্ৰও ৰাখিছে।এই চিত্ৰ কেইখনে সমাজৰ জলন্ত সমস্যা সমূহক প্ৰতিফলিত কৰিছে। ইয়াৰে ‘আইক বচাওক’ ছৱিখন ১৯৮৩ চনৰ অসম আন্দোলনৰ পটভূমিত অংকন কৰা হৈছে।

‘ক্ষুধা’ নামৰ ছৱিখনে দাৰিদ্ৰতাক ফুটাই তুলিছে।’পৰাধীন’ নামৰ ছৱিখনৰ জৰিয়তে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতো দেশীয় শাসকৰ হাতত সাধাৰণ মানুহ যে শোষিত-নিস্পেষিত সেই কথা বুজোৱা হৈছে।’ভুলৰ পৰিণাম’ নামৰ ছৱিখনত জনবিস্ফোৰণৰ পৰা উদ্ভৱ হ’ব পৰা সমস্যাক বুজোৱা হৈছে। নিজৰ বাসগৃহতে কলাক্ষেত্ৰ সদৃশ গৃহ নিৰ্মাণৰ প্ৰসংগত অজিত বৰাই কয় যে-‘মানুহৰ জীৱনটো খন্তেকীয়া।সেয়ে এই সময়খিনিৰ সফল ব্যৱহাৰেৰে যদি উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰা কোনো সম্পদ থৈ যাব পাৰোঁ সেইটোৱেই হ’ব সাৰ্থকতা।’উল্লেখযোগ্য যে মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখা শিল্প নিৰ্মাণ কৰাৰ লগতে অঞ্চলৰ শিশু সকলক মুখা শিল্পৰ প্ৰশিক্ষণ দিয়া কাৰ্যতো ব্যস্ত হৈ আছে শিল্পী অজিত বৰা। উল্লেখযোগ্য যে ,  যি সময়ত সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম সংযোজন গুৰুজনাৰ সৃষ্টি  মুখা শিল্পই বিলুপ্তিৰ পথত গতি কৰিছে ঠিক সেই সময়তেই শিল্পী গৰাকীয়ে লোৱা এনে প্ৰচেষ্টাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।