বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / কপৌফুল আনিবলৈ পাহাৰ বগাব নালাগে,চৰাইদেউলৈ গ’লেই হ’ল

কপৌফুল আনিবলৈ পাহাৰ বগাব নালাগে,চৰাইদেউলৈ গ’লেই হ’ল

'অৰ্কিড অৰ্থনীতি’-অৰ্কিড সংৰক্ষণ,প্ৰতিপালনেৰে স্বাৱলম্বী হোৱা অংকুৰে সপোন পুহি ৰাখিছে ইয়াৰ জৰিয়তে আনকো সংস্থাপিত কৰাৰ ৷ এই প্ৰতিবেদন যুগুতাইছে অভিজিৎ ভূঞাই

চৰাইদেউ , ১৭ নৱেম্বৰ : বিশ্বৰ ২৭ খন দেশৰ পৰা প্ৰায় ১৪০০ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহ কৰি  চৰাইদেউৰ অংকুৰাজ গগৈয়ে  গঢ়ি তুলিছে এখন বৃহৎ অৰ্কিড উদ্যান। চৰাইদেউ জিলাৰ টেঙাপুখুৰী কুকুৰাচোৱা নিবাসী প্ৰভাত গগৈ আৰু পাৰুল গগৈৰ সন্তান তথা উচ্চ শিক্ষিত যুৱক অংকুৰ ৰাজ গগৈয়ে শিমলুগুৰিৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ থকাৰ লগতে অৰ্কিডৰ প্ৰতি থকা হেঁপাহৰ বাবেই বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড। কেৱল সেয়াই নহয়, ঘৰতে অৰ্কিড সংৰক্ষণ কেন্দ্ৰ তথা ক্ষুদ্ৰ অৰ্কিড উদ্যান গঢ়াৰ দৰে এটা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।

 উচ্চ শিক্ষিত যুৱক অংকুৰ ৰাজ গগৈয়ে  ২০১০ চনৰপৰা একাণপতীয়াকৈ লাগি আছে প্ৰকৃতি সংৰক্ষণৰ দৰে এই মহান কৰ্মত। উদীয়মান যুৱকজনে বিশ্বৰ ২৭ খন দেশৰ পৰা অৰ্কিড সংগ্ৰহ কৰি ঘৰতে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰ্কিড উদ্যান। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য তথা থাইলেণ্ড, জাভা, অষ্ট্ৰেলিয়া, আমেৰিকা আদিকে ধৰি বিশ্বৰ ২৭ খন দেশৰ পৰা ইতিমধ্যে প্ৰায় ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহৰ জৰিয়তে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত নিয়োজিত হৈও নিজৰ কষ্টোপাৰ্জিত ধন ভাঙি বিভিন্ন প্ৰান্তৰ পৰা অৰ্কিড সংগ্ৰহ কৰাৰ লগতে এটা অৰ্কিড গৱেষণাগাৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখা অংকুৰ ৰাজ গগৈ ২০১০ চনত দশম শ্ৰেণীত পঢ়ি থাকোঁতেই আৰম্ভ কৰিছিল অৰ্কিড সংগ্ৰহৰ দৰে এই  ব্যতিক্ৰমী পদক্ষেপ। 

এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী যুৱক অংকুৰৰাজ গগৈয়ে কয়, -“অসমৰ এশিঙীয়া গঁড়ক চৰকাৰে আপুৰুগীয়া সম্পদ হিচাপে যিদৰে সংৰক্ষণৰ দায়িত্ব গ্ৰহণ কৰিছে, সেইদৰে অৰ্কিড অথবা ‘কপৌ ফুল’কো গুৰুত্ব দিয়া প্ৰয়োজন আছে। কপৌ ফুল অসমৰ জাতীয় জাতীয় ফুল, অসমৰ জাতীয় কৃষ্টি তথা স্বাভিমানৰ লগত জড়িত হৈ আছে অতীজৰে পৰা। গতিকে সময় থাকোঁতেই কপৌফুল সংৰক্ষণতো চৰকাৰে গুৰুত্ব দিয়া উচিত, অন্যথা এদিন কালৰ বুকুত হেৰাই যাব।”
আনহাতে ,অৰ্কিড সংগ্ৰহৰ কথা  মনলৈ কিয় আহিল বুলি সোধা প্ৰশ্নৰ উত্তৰত অংকুৰ ৰাজ গগৈয়ে কয়, “ব’হাগ বিহুত নাচনীৰ খোপা শুৱনি কৰে কপৌফুলে। কিন্তু এই কপৌফুল বোৰ বিচাৰি হাবাথুৰি খাবলগীয়া হয় বহু সময়ত। তেতিয়াই মনলৈ আহিছিল যে কপৌ ফুলৰ এখন বাগিচা খুলিব পৰা হয় নেকি ? এই সন্দৰ্ভত যেতিয়া অধিক অধ্যয়ন কৰিলোঁ তেতিয়াই ইয়াৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে জানিবলৈ সক্ষম হ’লোঁ আৰু কপৌফুল তথা অৰ্কিডৰ প্ৰতি আকৃষ্ট হৈ ঘৰতে এখন অৰ্কিড উদ্যান আৰু সংৰক্ষণ কেন্দ্ৰ খোলাৰ  সিন্ধান্ত লৈ পেলালোঁ”।

বৰ্তমান সময়ৰ অতি শক্তিশালী গণ মাধ্যম ফেচবুকৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ লগত চিনাকি হৈ অংকুৰে নিজৰ প্ৰচেষ্টাক অধিক গতিশীল কৰিছে। উল্লেখ্য যে যি সময়ত গণ মাধ্যম ফেচবুকৰ অপব্যৱহাৰৰ বাবেই কোনো কোনো ক্ষেত্ৰত সমাজত নেতিবাচক প্ৰভাৱ পৰা বুলি চৰ্চিত হৈ আহিছে তেনে সময়ত ফেচবুকৰ জৰিয়তে বিভিন্ন জন অভিজ্ঞ ব্যক্তিৰ লগত অৰ্কিড সম্পৰ্কীয় বিভিন্ন আলোচনা কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অংকুৰে সংগ্ৰহ কৰিছে দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিড। অংকুৰৰ ক্ষুদ্ৰ অৰ্কিড উদ্যান খনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হাবিত পোৱা অৰ্কিড সমূহৰ ওপৰিও বিভিন্ন দেশৰ দ্ৰেণ্ডৰিয়াম, ভাণ্ডা, ফেন’লপচিছ, এচক’চন্দ্ৰাম, পেফিঅ’ পেডিয়াম, বেম্ব’ অৰ্কিড, গ্ৰাউণ্ড অৰ্কিড, বালবৌফাইলম, চিল’জাইনী, এৰিদিছ আদি বিলুপ্তপ্ৰায় প্ৰজাতিৰ অৰ্কিড সংৰক্ষিত হৈ আছে।
ইফালে চৰাইদেউ জিলা কৃষি বিষয়া অৰুণ চাংকাকতীয়ে কয়, ‘অংকুৰৰাজ গগৈৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। অৰ্কিড সংৰক্ষণ তথা উৎপাদনৰ জৰিয়তে উপাৰ্জনৰ পথ বাছি ল’ব পাৰি। মাথোঁ কাম কৰাৰ হেঁপাহ লাগিব আৰু বিজ্ঞানসন্মত ভাৱে কৰিব পাৰিব লাগিব। এইক্ষেত্ৰত আমি কৃষি বিভাগৰ তৰফৰপৰা সহযোগ আগবঢ়াবলৈ সাজু আছোঁ।”
 স্মৰ্তব্য যে, যি সময়ত জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি নামি আহিছে তেনে সময়তে বিলুপ্তিৰ গৰাহত পৰা দুষ্প্ৰাপ্য অৰ্কিড সংগ্ৰহ কৰি সংৰক্ষণ কৰা কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়। নানা ৰঙী বিভিন্ন প্ৰজাতিৰ ঔষধি গুণ সম্পন্ন অৰ্কিড সংগ্ৰহকাৰী অংকুৰে জানিবলৈ দিয়া অনুসৰি নিজৰ ঘৰতে নাইবা চৰকাৰী মাটি যদি পায় তেনে স্থানত এটা অৰ্কিড গৱেষণাগাৰ স্থাপন কৰাৰ ইচ্ছা আছে যদিও অৰ্থৰ অভাৱত আগবাঢ়িব পৰা নাই । উদ্যান শস্য বিভাগত অংকুৰে নিজৰ নাম পঞ্জীয়ন কৰি কৃষি বিভাগৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু কৃষি বিভাগৰ তৰফৰপৰা সহযোগ লাভ কৰিব বুলি আশা কৰিছে। বৃহৎ অৰ্থনৈতিক চাহিদা তথা এখন বিশ্বমানৰ বজাৰৰ সম্ভাৱনা থকা অৰ্কিড প্ৰতিপালন, সংৰক্ষণ তথা গৱেষণা কেন্দ্ৰ এটা যদি অসমৰ কোনো স্থানত চৰকাৰে নিৰ্মাণ কৰি দিয়ে তেতিয়া নিশ্চয় শ শ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপনৰ পথ মুকলি হব। আনহাতে, এই পদক্ষেপ নৱপ্ৰজন্মই গ্ৰহণ কৰিলে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হোৱাৰ লগতে নিবনুৱা সমস্যা সমাধানৰো পথ প্ৰশস্ত হৈ পৰিব ৷