সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Education  / বিশ্বগুৰু হওক ভাৰত !

বিশ্বগুৰু হওক ভাৰত !

প্ৰযুক্তিৰ শিক্ষাক অধিক গতিশীল কৰাৰ আহ্বান উপৰাষ্ট্ৰপতিৰ

আগৰতলা,১৭ নৱেম্বৰ– উত্তৰ পূৱ ভাৰতৰ প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত এখন অন্যতম প্ৰতিষ্ঠান হৈছে শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বা নিট, শিলচৰ ৷ কাৰিকৰী শিক্ষাৰ এই উচ্চ প্ৰতিষ্ঠানে বিগত বছৰ সমূহত অঞ্চলটোৰ তথা দেশৰ প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত যথেষ্ট  অৰিহণা আগবঢ়াইছে। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ ১৩ সংখ্যক শিক্ষান্ত সমাৰোহত ভাৰতৰ উপৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে অংশগ্ৰহণ কৰে ৷ উপৰাষ্ট্ৰপতিয়ে ভাৰতক শিক্ষাৰ ক্ষেত্ৰত বিশ্বগুৰু হ’বলৈ আহ্বান জনায় ।এই  সংক্ৰান্তত তেওঁ ‘নিউ এডুকেশ্যন পলিচি ‘বা নতুন শিক্ষা নীতিৰ বিষয়ে উল্লেখ কৰে আৰু আশা প্ৰকাশ কৰে যে নতুন শিক্ষা নীতিৰ আধাৰত ভাৰতে  আগন্তুক দিনসমূহত  শিক্ষাৰ ক্ষেত্ৰত বিশ্বগুৰুৰ পৰিচয়েৰে পৰিচিত হ’বলৈ সক্ষম  হ’ব। উপৰাষ্ট্ৰপতি জনে এই সংক্ৰান্তত প্ৰাচীন ভাৰতৰ শিক্ষা পদ্ধতিৰ বিষয়েও বক্তব্য ৰাখে আৰু লগতে কয় যে প্ৰাচীন ভাৰতৰ অতি উচ্চ শিক্ষা ব্যৱস্থাই সমগ্ৰ পৃথিৱীৰ শিক্ষাৰ্থীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ প্ৰাচীন শিক্ষা ব্যৱস্থাত এজন শিক্ষাৰ্থীৰ সামগ্ৰিক তথা সামাজিক বিকাশৰ বাবে বিশেষ মনোযোগ দিয়া হৈছিল আৰু এতিয়া ভাৰতৰ নতুন শিক্ষা নীতিয়ে ভাৰতৰ এই প্ৰাচীন শিক্ষা ব্যৱস্থাৰ পৰাই অনুপ্ৰেৰণা লাভ কৰিছে। প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাই প্ৰকৃতিৰ লগত সহাৱস্থান কৰি সকলো লোককে সন্মান কৰি দেশ তথা শিক্ষাৰ্থীৰ ব্যক্তিগত জীৱন উন্নত কৰাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিছিল বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। তাৰোপৰি তেওঁ  এই প্ৰসংগত বিশ্বায়নৰ যুগত ভাৰতৰ প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠান সমূহক অতি উন্নতমানৰ গৱেষণা তথা উদ্যোগৰ লগত সমন্বয় ৰাখি সমাজৰ উন্নতি হোৱা বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়। তাৰোপৰি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰখ্যাত বিজ্ঞানী এ পি জে আব্দুল কালামে কেনেকৈ ভাৰতৰ যুৱক সকলক ডাঙৰ সপোন দেখিবলৈ আহ্বান জনাইছিল আৰু সপোন ডাঙৰ হলেহে নিজৰ তথা সমাজৰ উন্নতিৰ বাবে আগুৱাই যাবলৈ সক্ষম হব বুলি তেওঁ আশা প্ৰকাশ কৰিছিল,তাকো উল্লেখ কৰে ৷ শিক্ষাৰ্থী সকলক ধৈৰ্য ,কষ্ট , একাগ্ৰতা তথা মনোবলৰ সহায়ত নিজৰ লক্ষ্যত উপনীত হবলৈ উপৰাষ্ট্ৰপতিয়ে আহ্বান জনায়। শিক্ষাৰ্থী সকল, গৱেষক সকল তথা শিক্ষক সকলে প্ৰচলিত শিক্ষাঅৱস্থা বাহল কৰি সন্তুষ্ট হলে নহব বুলিও তেওঁ সাৱধানবাণী শুনাই ।সকলোৱে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিলেহে নতুন নিত্য নতুন জ্ঞানৰ দ্বাৰা  সমাজৰ উপকাৰ কৰিবলৈ সক্ষম হব বুলিও তেওঁ আহ্বান জনায়। উল্লেখ কৰিব পাৰি যে ভাৰতৰ প্ৰায় ৬৫ শতাংশ নাগৰিক সদ্যহতে যুৱ শক্তি আৰু দেশৰ যুৱ অৱস্থাৰ চিন্তা চৰ্চাৰ ওপৰতেই আগন্তুক দিন সমূহত ভাৰতৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলিও তেওঁ ব্যক্ত কৰে।এই যুৱক-যুবতীসকলে তেওঁলোকৰ অফুৰন্ত শক্তি তথা উদ্ভাৱনী চিন্তা সঠিক দিশত ব্যৱহাৰ কৰিলেহে  আমাৰ সমাজখনত যথেষ্ট সফল উদ্যমী ব্যক্তিৰ সৃষ্টি হ’ব তথা দেশৰ সামাজিক,অৰ্থনৈতিক , সামগ্ৰিক বিকাশ হব বুলিও তেওঁ নিজৰ ভাষণত উল্লেখ কৰে ৷ তাৰোপৰি উপৰাষ্ট্ৰপতি নাইডুৱে সকলো শিক্ষাৰ্থীক গাঁৱৰ  মানুহৰ মাজত  কিছুসময় কটাই তেওঁলোকৰ দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যাসমূহ তথা কষ্টকৰ জীৱনযাত্ৰাৰ  সন্মুখীন হয়,সেইবোৰ বুজিবলৈ চেষ্টা কৰিবলৈ আহ্বান জনায়। ভাৰতৰ কৃষি ব্যৱস্থা আমাৰ সভ্যতা বা সংস্কৃতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে বুলি উল্লেখ কৰি কৃষি খণ্ডক আধুনিক যুগৰ লগত ফেৰ মাৰিব পৰাকৈ উন্নত কৰাত সহায় কৰিবলৈ শিক্ষাৰ্থী ,গৱেষক তথা শিক্ষাবিদ সকলক তেওঁ আহ্বান জনায়। উল্লেখ কৰিব পাৰি যে এই ভাৰ্চুৱেল শিক্ষান্ত সমাৰোহত  NIT, আগৰতলাৰ সঞ্চালক মণ্ডলীৰ  সভাপতি  ডঃ প্ৰভাছ চন্দ্ৰ স্বাতী , সঞ্চালক প্ৰফেছাৰ এইচ কে শৰ্মা তথা অন্যান্য গণ্যমান্য ব্যক্তি সকল উপস্থিত আছিল। এই শিক্ষান্ত সমাৰোহত ২৪ জন শিক্ষাৰ্থীক পি এইচ ডি  ডিগ্ৰী,১৮৮ জনক এম টেক ডিগ্ৰী আৰু ১৪ জনক এম বি এ ডিগ্ৰী প্ৰদান কৰা হয়। তাৰোপৰি আন ২৪ জন শিক্ষাৰ্থীক এম এছ চি আৰু ২০ জনক এম চি এ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। সৰ্ব মুঠ ৮৫২ জন শিক্ষাৰ্থীয়ে এই শিক্ষান্ত সমাৰোহত তেওঁলোকৰ শৈক্ষিক সফলতাৰ প্ৰমাণ পত্ৰ লাভ কৰে। তাৰ বাহিৰেও শিক্ষাৰ্থী সকলৰ মাজৰ ২৫ জনক বিভিন্ন ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ বাবে সোণৰ পদকেৰেও সন্মানিত কৰা হয়।