মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘প্ৰশ্নকাল’ত বোলে ক’ভিড হ’ব !

‘প্ৰশ্নকাল’ত বোলে ক’ভিড হ’ব !

প্ৰশ্নকাল কৰ্তন কৰাৰ বাবে বিৰোধী অসন্তুষ্ট

ভুৱনেশ্বৰ, ১৮নবেম্বৰ – ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব লগা উৰিষ্যা বিধানসভাৰ শীতকালীন অধিবেশনত ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত প্ৰশ্নকালৰ বাবে সময় ধাৰ্য কৰা নাথাকিব বুলি আজি অধ্যক্ষ সূৰ্য নাৰায়ণ পাত্ৰ‌ই কয়।
সৰ্বদলীয় সভাখন অনুষ্ঠিত কৰাৰ পিছত, সভাপতিজনে কয় যে ক’ভিড-১৯ ভয়াবহতাৰ প্ৰতি  লক্ষ্য ৰাখি এই  সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পাত্ৰ‌ই লগতে উল্লেখ কৰে  যে সকলো ক’ভিড-১৯ প্ৰটোকল পালন কৰি অধিবেশন প্ৰতিদিনে চাৰিঘণ্টাকৈ চলিব।
তেওঁ লগতে কয় যে ক’ভিড-১৯ নিৰ্দেশনা মানি সদস্যসকলৰ বাবে বহাৰ সুকীয়া ব্যৱস্থা কৰা হৈছে। জ্যেষ্ঠ বিধায়কৰ বাবে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অধিৱেশনত অংশগ্ৰহণ  কৰাৰ বিকল্প থাকিব বুলিও তেওঁ লগতে কয়।
বিধানসভাৰ অধিৱেশনত অংশ লোৱা সকলো কৰ্মচাৰী আৰু সাংবাদিকসকলক ক’ভিড-১৯ পৰীক্ষা কৰিলেহে বিধানসভাত প্ৰৱেশ কৰিবলৈ  অনুমতি প্ৰদান কৰা হ’ব। 
বিধানসভা চৌহদত কোভিড-১৯ পৰীক্ষা
২০২০-২১ ৰ পৰিপূৰক বাজেট ২০ নৱেম্বৰত অধিবেশনৰ প্ৰথম দিনাই দাখিল কৰা হ’ব।
কিন্তু বিৰোধী বিজেপি আৰু কংগ্ৰেছে প্ৰশ্নকাল বাতিল কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

প্ৰশ্নৰ কাল স্থগিতৰ সিদ্ধান্ত‌ত বিৰোধীৰ অসন্তুষ্টিবিৰোধী নেতা প্ৰদীপ কুমাৰ নায়কে কয় বিধায়কসকলে তেওঁলোকৰ সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি সমূহ পালনৰ বাবে  প্ৰশ্ন কাল অনুষ্ঠিত কৰা উচিত।
কংগ্ৰেছ বিধায়িনী দলৰ নেতা নৰসিংহ মিশ্ৰই কয় যে প্ৰশ্নকাল বাতিল কৰাৰ সিদ্ধান্ত অৰাজনৈতিক আৰু অবৈধ।

ইফালে বিজু জনতা দলৰ  বালাসোৰ সদৰ আৰু তিৰটোল বিধানসভা সমষ্টিৰ পৰা নৱনিৰ্বাচিত সদস্যসকলক আজি অধ্যক্ষ‌ই শপত বাক্য পাঠ কৰোৱায়।
 শেহতীয়াকৈ অনুষ্ঠিত উপ-নিৰ্বাচনত আজি শপত লোৱা  বিধায়ক কেইজন নিৰ্বাচিত হৈছিল।
(IANS)