সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Biosphere  / এফালে স্বচ্ছতাৰ শ্লোগান, আনফালে নাকত ৰুমাল !

এফালে স্বচ্ছতাৰ শ্লোগান, আনফালে নাকত ৰুমাল !

স্বচ্ছ ভাৰতৰ বিজ্ঞাপনৰ নামত কোটি কোটি টকাৰ শৰাধ পতা চৰকাৰৰ দিনত চহৰৰ মাজেৰে নাকত ৰুমাল লৈহে যাব পাৰি ! এই প্ৰতিবেদন যুগুতাইছে অমৰজ্যোতি বৰাই

যোৰহাট,২০ নবেম্বৰ:স্বচ্ছ ভাৰতৰ শ্ল’গানেৰে আকাশ ‌বতাহ মূখৰিত হৈ থকাৰ সময়ত যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহৰ অপৰিস্কাৰ তথা অপৰিচ্ছন্ন ছবিখনৰ কথা ক’লে অন্ত নপৰিব।এতিয়া যোৰহাটৰ ‌ৰাস্তাত খোজকাঢ়ি  সতেজ বায়ু,স্বচ্ছ বতাহৰ সন্ধান কৰাটো প্ৰকৃততে পৰ্বতত কাছ কণী বিচৰাৰ দৰেহে, তাৰ পৰিৱৰ্তে দেখা পোৱা যায় আৱৰ্জনাৰে ভৰপূৰ যোৰহাট জিলাৰ কদৰ্য ৰূপটো। প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি আৱৰ্জনাৰ গোন্ধত ভ্ৰমণ আধাতে সামৰি ঘৰলৈ ঘূৰি যাবলৈ বাধ্য হোৱাটো যোৰহাটবাসীৰ কাৰণে নতুন কথা নহয় তথাপিও কিন্তু যোৰহাট প্ৰশাসনৰ কাণসাৰ নাই। স্বচ্ছ ভাৰত অভিযান‌ক ধোৱাচাঙত তুলি যোৰহাট কৰ্টৰ পৰা মাত্ৰ কেই মিটাৰমানৰ আঁতৰতে, যোৰহাট পৌৰসভাৰ কাষতে পৌৰসভাই স্থাপন কৰা ডাষ্টবিনৰ অৱস্থা দেখিলে স্বচ্ছ ভাৰত অভিযান প্ৰকৃতাৰ্থত যে এক প্ৰহসনহে সেই কথা স্পষ্ট হৈ পৰিব আৰু স্বচ্ছ ভাৰতৰ নামত পৰিস্কাৰ ঠাইতেই ঝাড়ু মৰা বাঘা বাঘা নেতাৰ আলোকচিত্ৰবোৰলৈ মনত পেলাই মাথো পুতৌ উপজিব ।পৌৰসভা আৰু যোৰহাট প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহ ক্ৰমাৎ অপৰিস্কাৰ হৈ পৰিছে , ভৰি পৰিছে আৱৰ্জনাৰে , আৰু তাৰ গোন্ধত উশাহ-নিশাহ লোৱাত কষ্ট হয় সাধাৰণ জনতাৰ ৷ এফালে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাইজক পৰিস্কাৰ পৰিচ্চন্ন হৈ থাকিবলৈ অনুৰোধ জনাই চৰকাৰী বিজ্ঞাপনৰ নামত কোটি কোটি টকাৰ শৰাধ পতা হৈছে যদিও কিন্তু চৰকাৰী বিভাগৰ অৱহেলাতেই জনসাধাৰণ এনে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত থাকিবলগীয়া হোৱাটোৱে চৰকাৰৰ চৰম দায়িত্বহীনতা ,গুৰুত্বহীনতা আৰু গাফিলতিৰ ইংগিত বহন কৰিছে ৷

 যোৰহাটৰ বিশিষ্ট চিকিৎসক ডাক্তৰ এন. কে. মহন্তই কয়  “মুকলি আৱৰ্জনা আমাৰ কাৰণে অতি হানিকাৰক। টাউনৰ মাজ মজিয়াত থকা আৱৰ্জনা সমূহ আমি নজনাকৈয়ে বিভিন্ন ধৰণেৰে আমাৰ শৰীৰৰ সংস্পৰ্শলৈ আহিব পাৰে , যিয়ে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে , অতি সম্প্ৰতি যোৰহাটৰ প্ৰায় ৬০% মানুহ বিভিন্ন ধৰণৰ ছালৰ ৰোগত আক্ৰান্ত হোৱাটো ইয়াৰ প্ৰধান কাৰণ। “যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ , সমাজকৰ্মী বলীন হাজৰিকাই যোৰহাট চহৰৰ অপৰিস্কাৰ পৰিৱেশৰ বিষয়ে কয়  “পৌৰসভাৰ দায়িত্ব নগৰখন পৰিস্কাৰ আৰু স্বাস্থ্যসন্মত কৰি ৰখাতো , ইয়াৰ কাৰণে আমি প্ৰত্যেক বছৰে কৰ পৰিশোধ কৰি আহিছোঁ , কিন্তু আশ্চৰ্যকৰ বিষয় এয়ে যে নগৰখনৰ নহয় , উন্নতি হৈছে পৌৰসভাৰ বিষয়া সকলৰহে। “অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ নেতা পল্লৱ দাসে কয় ” পৌৰসভাৰ দায়িত্ব পৌৰ এলেকাৰ ভিতৰত জাৱৰ নিষ্কাশনৰ সু ব্যৱস্থা কৰি নগৰখন পৰিস্কাৰ কৰি ৰখাটো ,উপযুক্ত ঠাইত ডাষ্টবিন স্থাপন কৰি প্ৰতিদিনে সেইসমূহ পৰিস্কাৰ কৰাটো , লগতে ড্ৰেইনবোৰ সময়ে সময়ে পৰিস্কাৰ কৰাটো। কিন্তু ইয়াৰ কোনো এটা কামেই সঠিক সময়ত নোহোৱাৰ বাবেই যোৰহাটৰ ৰাস্তাৰ দাঁতিত আৱৰ্জনাৰ দম দেখা যায়। “যোৰহাট পৌৰসভাই ৰাস্তাৰ দাঁতিত ক’ৰবাত ক’ৰবাত ডাষ্টবিন স্থাপন কৰিছে যদিও সেইকেইটা পৰ্যাপ্ত নহয় ,আৰু পথচাৰী পাৰ হ’ব নোৱাৰালৈকে সেইকেইটা পৰিস্কাৰ কৰা নহয় । সেয়েহে সাধাৰণ ৰাইজে ইয়াৰ এটা স্থায়ী সমাধান বিচাৰি যোৰহাট প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছে ।