বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / শ্যামগাওঁখনি নিচেই আপোন,ইয়াতে দেখোঁ নতুন সপোন…

শ্যামগাওঁখনি নিচেই আপোন,ইয়াতে দেখোঁ নতুন সপোন…

প্ৰদুষণমুক্ত গাঁৱত পৰিণত চলাপথাৰ শ্যাম গাওঁ ৷ এই প্ৰতিবেদন যুগুতাইছে অভিজিত ভূঞাই

চৰাইদেউ, ২১ নৱেম্বৰ : বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল চৰাইদেউ জিলাৰ চলাপথাৰৰ শ্যাম গাওঁখন আদৰ্শ গাৱঁত পৰিণত হ’ব -এইয়া সমগ্ৰ গাওঁবাসীৰ লগতে সমগ্ৰ উজনি অসমৰ বাবেই এক গৌৰৱৰ বিষয়৷ এই উদ্দেশ্যে সফল কৰাৰ বাবে অসম চৰকাৰে এক বিশেষ আঁচনি গ্ৰহণ কৰাৰ লগতে কাৰ্যত পৰিণত কৰিবলৈ ইতিমধ্যে নিৰ্দ্ধাৰিত পুঁজিও আবণ্টন দিছে। এই কথা ইতিমধ্যে ঘোষণা কৰিছে অসম চৰকাৰৰ ৰাজ্যিক গড়কাপ্তানি বিভাগ  তথা ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে।
এই বিষয়ে মন্ত্ৰীগৰাকীয়ে কয় ,” মুখ্যমন্ত্ৰীৰ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত পাঁচ কোটি টকা ব্যয় সাপেক্ষে চলাপথাৰ শ্যাম গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব। টাই খাময়াং জনগোষ্ঠীৰ লোকৰ আবাসভূমি এই গাওঁখনৰ আৰ্থ-সামাজিক উন্নয়নৰ লগতে গাওঁখনৰ কৃষি খণ্ড, অনাময়, যাতায়ত, স্বাস্থ্য, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, শিক্ষা, অৰণ্য সংৰক্ষণ, বিজুলী ব্যৱস্থাপনাৰ লগতে ইক’ টুৰিজিমৰ সফল ৰূপায়ণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা  হ’ব। এই গাওঁ খনক চৰাইদেউ জিলাৰ অন্যতম পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে”। মন কৰিবলগীয়া যে প্ৰতিবছৰে বহু দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটা চলাপথাৰ শ্যাম গাঁৱৰ যুৱক-যুৱতীসকলে ইতিমধ্যে নিজৰ গাওঁখনক প্ৰদূষণমুক্ত গাওঁ হিচাপে গঢ়ি তুলিবলৈ আগবাঢ়ি অহাৰ লগতে ইয়াৰ বাসিন্দাসকলে ইতিমধ্যে নিজৰ স্ব-কৃষ্টি-জনগোষ্ঠীয় পৰম্পৰা ৰক্ষাৰ জৰিয়তে এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আনহাতে চলাপথাৰ শ্যাম গাঁৱৰ গাতে লাগি থকা চলা সংৰক্ষিত বনাঞ্চল খনক গাওঁখনৰ ৰাইজে চলা গ্ৰাম্য অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ লগতে এই ঠাইতে ইক’ টুৰিজিম গঢ়ি তুলিবলৈ নিজাববীয়াকৈ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে চৰাইদেউ জিলাৰ জলবায়ুৰ লগতে ইয়াৰ চৌপাশৰ পৰিৱেশ  এই বনাঞ্চল খনৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ পৰিপ্ৰেক্ষিতত জৈৱ বৈচিত্ৰতাৰ প্ৰতি যাতে ভাবুকি নামি নাহে তাৰ প্ৰতিও সচেতন গাওঁখনৰ প্ৰতিজন নাগৰিক।

এই সন্দৰ্ভত গাওঁখনৰ সচেতন যুৱক প্যচেং চাওলুৱে কয় যে, “টাই খাময়াং জনগোষ্ঠীৰ বসতিপ্ৰধান চলাপথাৰ শ্যাম গাঁৱৰ ৰাইজে স্বকীয় বৈশিষ্ট্যৰ জৰিয়তে ইতিমধ্যে নিজকে জিলিকাই তুলিবলৈ সক্ষম হৈছে উত্তৰ পূবৰ পৰ্যটনৰ মানচিত্ৰত। তাৰ সমান্তৰালকৈ চলা গাওঁবাসী পৰিৱেশ সংৰক্ষণৰ বিষয়টোতো যথেষ্ট সজাগ আৰু সচেতন। ইয়াৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ যুৱক-যুৱতীসকলে এই গাওঁখনক প্লাষ্টিক আৰু প্ৰদূষণমুক্ত গাওঁ হিচাপে ঘোষণা কৰাই নহয় এই বিষয়ে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰিছে। গাওঁখনৰ কাষতে লাগি থকা চলা সংৰক্ষিত বনাঞ্চল খনক চলা গ্ৰাম্য অভয়াৰণ্য নামাকৰণেৰে সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰাই নহয় ইয়াত যাতে দুষ্কৃতিকাৰী নাইবা চোৰাং চিকাৰীয়ে বন ধ্বংস যজ্ঞ চলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগক সহযোগিতা কৰিবলৈ নিশা স্বেচ্ছামূলক পহৰাও দিছে। মুঠৰ ওপৰত প্ৰকৃতাৰ্থত গাওঁখন যাতে আদৰ্শ গাওঁ হিচাপে যাতে পৰিণত হয় তাৰ লক্ষ বান্ধি লৈছে সকলোৱে”।
প্ৰায় আঠ শতাধিক জন বসতিপ্ৰধান চলাপথাৰ গাওঁখন যদি প্ৰকৃততে আদৰ্শ গাওঁ হিচাপে পৰিচয় লাভ কৰে তেনেহলে গাওঁখনলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটাৰ লগতে স্থানীয় লোকসকলৰ আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক পৰিবেশটোৰ অধিক উন্নয়ন হ’ব বুলি আশা কৰিব পাৰি ৷