মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নিৰ্বাচনী ফলাফলক লৈ সন্দেহ আছে আৰজেডিৰ

নিৰ্বাচনী ফলাফলক লৈ সন্দেহ আছে আৰজেডিৰ

আৰজেডি দলৰ প্ৰাৰ্থী পাটনা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ

পাটনা,২২ নৱেম্বৰ– সদ্যসমাপ্ত বিহাৰ বিধান সভাৰ নিৰ্বাচনত গৰিষ্ঠ সংখ্যক একজিত প’লৰ মত ভুল প্ৰমাণিত কৰি  জনতা দল (ইউনাইটেডৰ) নীতিশ কুমাৰ মিত্ৰদলে বিজেপিৰ সহযোগত ৰাজ্যখনত পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ল। আনহাতে,  আশা কৰাতকৈ ৰাষ্ট্ৰীয় জনতা দলৰ যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে অতি তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ পিছতো পৰাজয় বৰণ কৰিব লগা হ’ল।কিন্ত ইয়াৰ মাজতে উল্লেখনীয় কথাটো হৈছে যে বাৰ জনতকৈও অধিক প্ৰাৰ্থীয়ে এহেজাৰতকৈ কম ভোটত পৰাজয় বৰণ কৰাৰ পিছত সমগ্ৰ নিৰ্বাচনী পদ্ধতিটোৰ ওপৰত সন্দেহৰ সৃষ্টি হৈছে।এই বিষয়ে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা শক্তি সিং যাদবে আগন্তুক দিনত পাটনা উচ্চ ন্যায়ালয়ত তেওঁৰ পৰাজয়ৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিব।উল্লেখযোগ্য যে শক্তি সিং যাদবে নালন্দা জিলাৰ হিলছা সমষ্টিত মাত্ৰ বাৰটা ভোটৰ ব্যৱধানত জনতা দল (ইউনাইটেডৰ) প্ৰতিদ্বন্দী কৃষ্ণ মুৰাৰী চাৰণৰ হাতত পৰাস্ত হৈছিল।ইমান কম সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত হোৱাত তেওঁ সমগ্ৰ নিৰ্বাচনী ভোট গণনা প্ৰক্ৰিয়াটোৰ প্ৰতি সন্দেহৰ আঙুলি টোঁৱাইছে। আনহাতে, তেওঁ দাবী কৰে যে তেওঁ ৫৪৯ টা ভোটত জয় লাভ কৰিছিল আৰু তেওঁৰ এই কথাৰ প্ৰমাণ দিবলৈ ভিডিঅ’ ফুটেজো মজুত আছে ৷ কাৰণ তেওঁ জয়ী বুলি নিশ্চিত হোৱাৰ পিছত জনতা দল (ইউনাইটেডৰ) নেতাকে ধৰি  অন্যান্য প্ৰতিদ্বন্দ্বী নেতা সকলে ভোট গণনা কেন্দ্ৰ এৰি যোৱা দেখা গৈছে।কিন্তু হঠাতে ৰিটাৰ্ণিং অফিচাৰ জনে ৮নম্বৰ আৰু ৯ নম্বৰ টেবুলত পুনৰ ভোট গণনা আৰম্ভ কৰিলে আৰু তেওঁক ১২ টা ভোটত পৰাস্ত হৈছে বুলি আচম্বিতে ঘোষণা কৰিলে ৷গতিকে আৰজেডি দলৰ প্ৰাৰ্থী যাদবে দাবী কৰে যে ৮ আৰু ৯ নম্বৰ টেবুলত  ভোট গণনা সম্পূৰ্ণ ৰূপে কৌশলপূৰ্ণ ভাবে কৰা হৈছিল আৰু প্ৰকৃত ৯০ টা ভোটক ১৯০ টা ভোট বুলি গণনা কৰি দেখুওৱা হৈছিল ৷ আনহাতে যাদৱৰ বাহিৰেও আৰ জেডি দলৰ নেতৃত্বাধীন মহাগোটবন্ধনৰ প্রায় বাৰ জন প্ৰাৰ্থীয়ে এক হেজাৰতকৈও কম ভোটৰ ব্যবধানত পৰাজয় বৰণ কৰিব লগা হৈছিল। এই বিষয়ে উল্লেখ কৰি যাদবে কয় যে তেওঁ এইবাবেই ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ সিদ্ধান্ত লৈছে যাতে কম সংখ্যক ভোটৰ ব্যবধানত পৰাজিত হোৱা প্ৰাৰ্থীসকলেও গোটেই প্ৰক্ৰিয়াটোত ন্যায়লয়ৰ যোগেদি প্ৰকৃত সত্য জানিব পাৰে।আনহাতে একে দলৰ আন এজন প্ৰাৰ্থী নৰেন্দ্ৰ সিং ওৰফে বগো সিঙে নিৰ্বাচন আয়োগৰ ওচৰত এলজেপি  দলৰ নেতা ৰাজকুমাৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। উল্লেখ কৰিব পাৰি যে  নৰেন্দ্ৰ সিঙে মাত্ৰ ৩৩৩ টা ভোটৰ ব্যৱধানত এলজেপি দলৰ প্ৰাৰ্থী ৰাজকুমাৰ সিঙৰ হাতত পৰাজিত হৈছিল ।নৰেন্দ্ৰ সিঙে এতিয়া সকলো ইভিএম ,প’ষ্টেল বেলটৰ পুনৰ গণনা দাবী কৰিছে।আনহাতেদি আৰজেডিৰ নেতা সুধাকৰ সিঙে বিএছপিৰ নেতা অম্বিকা সিঙক মাত্ৰ ৮৯টা ভোটৰ ব্যৱধানত ৰামগড় সমষ্টিৰ পৰা পৰাজিত কৰে।অম্বিকা সিঙেও ইতিমধ্যে  নিৰ্বাচন আয়োগৰ ওচৰত পুনৰ ভোট গণনা দাবী কৰিছে। এইদৰে  আগন্তুক দিনত বিহাৰৰ যথেষ্ট সংখ্যক সমষ্টিৰ পৰা অতি নগণ্য ভোটৰ ব্যৱধানত পৰাজিত হোৱা প্ৰাৰ্থীসকলে যে ন্যায়ালয়ৰ দ্বাৰস্থ হব সেইটো ধুৰূপ।