শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘মিছা ক’লে কিডাল হ’ব’- বুলি কোৱা মানুহজনক নিয়তিয়েই মিছা ক’বলৈ বাধ্য কৰালে..

‘মিছা ক’লে কিডাল হ’ব’- বুলি কোৱা মানুহজনক নিয়তিয়েই মিছা ক’বলৈ বাধ্য কৰালে..

প্ৰভাৱশালী ৰাজনীতিক,সুশাসক তৰুণ গগৈ গুছি গ’ল জীৱন নাট সামৰি৷লিখিছে মনালিছা গগৈয়ে

নৱেম্বৰ ২৩: ২০০১ চনৰ ১৭ মে’ৰ পৰা ২০১৬ চনৰ ২৪ মে’লৈকে মুঠ তিনিটা কাৰ্যকাল মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি বিয়লি ৫ বাজি ৩৪ মিনিটত ইহলীলা সম্বৰণ কৰে ৷ বিগত ২৬ আগষ্টত তেওঁ ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল আৰু সেই দিনাই তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে স্থানান্তৰিত কৰা হৈছিল ৷ মুঠ ৬ বাৰ সাংসদ হিচাপে নিৰ্বাচিত তৰুণ গগৈ ২৬ অক্টোবৰত কৰ’নামুক্ত হৈ বাসগৃহলৈ গৈছিল যদিও পুনৰ ৩০ অক্টোবৰত তেওঁ অসুস্থ হৈ পৰিছিল আৰু তেওঁক পুনৰ গুৱহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছিল ৷

চিৰতৰুণ তৰুণ গগৈয়ে যিখিনি সময়ত ৰাজ্যখনৰ দায়িত্বভাৰ লৈছিল সেই সময়ত অসমৰ চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে দৰমহা নিয়মীয়াকৈ পোৱা নাছিল,কাৰ্বি,বড়ো,ডিমাচা তথা চাহ জনজাতিৰ বিভিন্ন সশস্ত্ৰ সংগঠনৰ ধন দাবী ,হত্যা,অপহৰণে অসমক একপ্ৰকাৰ অশান্ত কৰি তুলিছিল ৷ গুপ্তহত্যাই অসমত এনে পৰিৱেশৰ সৃষ্টি কৰিছিল যে নিশাৰ ভাগত গ্ৰামাঞ্চল,সৰু বৰ চহৰ তথা গুৱাহাটী মহানগৰতো ঘৰৰ বাহিৰলৈ ওলাবলৈ ভয় খাইছিল সাধাৰণ জনতাই ৷ অসমৰ প্ৰায়বোৰ উগ্ৰপন্থী সংগঠনেই তেওঁৰ দিনতে আত্মসমৰ্পণ কৰিছিল আৰু মূলসুঁতিলৈ ঘূৰি আহিছিল ৷ অত্যন্ত সৰল মনৰ তৰুণ গগৈ দুবাৰ লোকসভাৰ নিৰ্বাচনত পৰাজিত হৈছিল ৷
এগৰাকী দক্ষ প্ৰশাসক তৰুণ গগৈ নতুন প্ৰজন্মক সদায়ে নেতৃত্ব প্ৰদান কৰাত আগ্ৰহী আছিল,তেওঁ নতুন নতুন নেতা সৃষ্টি কৰাত সদায় গুৰুত্ব প্ৰদান কৰিছিল ৷ বৰ্তমানৰ অসমৰ ৰাজনীতিত দপদপাই থকা বহু নেতাৰ ৰাজনৈতিক উত্থানৰ আঁৰত আছিল এই তৰুণ গগৈ ৷ হিমন্ত বিশ্ব শৰ্মা,ৰকিবুল হুছেইন,অজন্তা নেওগ,বিস্মিতা গগৈ,পল্লব লোচন দাস,পীযুষ হাজৰিকা,প্ৰদান বৰুৱা,প্ৰণতি ফুকন,প্ৰদ্যুত বৰদলৈ,গৌৰৱ গগৈ,গৌতম ৰয়,জয়ন্ত মল্ল বৰুৱা,ৰেকিবুদ্দিন আহমেদ আদি নেতাৰ সফল ৰাজনৈতিক জীৱনৰ আঁৰত আছিল তৰুণ গগৈৰ সহযোগিতা,আশীৰ্বাদ আৰু তেওঁৰ সকলো পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰয়োজন হোৱা দক্ষতাৰ গুণটো ৷
মহিলা সৱলীকৰণৰ বিষয়টোক তেওঁ সদায়ে অগ্ৰাধিকাৰ প্ৰদান কৰিছিল বাবেই তেওঁ তেওঁৰ মন্ত্ৰীসভাত অজন্তা নেওগ,প্ৰণতি ফুকন ,প্ৰমিলা ৰাণী ব্ৰহ্ম,বিস্মিতা গগৈ আদিৰ দৰে নেত্ৰীক গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে নিয়োগ কৰিছিল ৷

বিটিচি চুক্তি স্বাক্ষৰ হৈছিল ২০০৪ চনৰ দহ ফেব্ৰুৱাৰীত ৷ ইয়াৰ পূৰ্বে কোকৰাঝাৰকে আদি কৰি বড়ো অধ্যুষিত অঞ্চলবোৰ উগ্ৰপন্থীয়ে একপ্ৰকাৰ সন্ত্ৰাসিত কৰি ৰাখিছিল ৷ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি গঠন কৰি সমগ্ৰ অঞ্চলটোৰ উন্নয়নত তেওঁৰ অৰিহণা  আছিল অতুলনীয় ৷
গান্ধী পৰিয়ালৰ অত্যন্ত ঘনিষ্ঠ আছিল তৰুণ গগৈ ৷ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ বিবাহলৈ নিমন্ত্ৰিত হোৱা তেঁৱেই একমাত্ৰ অসমৰ ব্যক্তি আছিল ৷ ১৯৩৪ চনৰ ১১ অক্টোবৰত ৰঙাজান চাহবাগিছাত তেওঁৰ জন্ম হৈছিল ৷ লোকসভাত তেওঁ কলিয়াবৰ আৰু যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ৷ বিধানসভাত তেওঁ তিতাবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ৷ উদাৰ মনৰ তৰুণ গগৈৰ পিতৃ আছিল ড০ কমলেশ্বৰ গগৈ আৰু মাতৃৰ নাম আছিল উষা গগৈ ৷ ১৯৭২ চনত তেওঁ ডলী গগৈৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ৷তেওঁ দুটি সন্তানৰ পিতৃ,কন্যা চন্দ্ৰিমা আৰু পুত্ৰ গৌৰৱ৷ জগন্নাথ বৰুৱা কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল আৰু আইনৰ ডিগ্ৰী লৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৷ ১৯৭১ চনত তেওঁ প্ৰথম সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ দায়িত্বও পালন কৰিছিল ৷
লবী ৰাজনীতিৰ পৰা সদায় আঁতৰত থকা তৰুণ গগৈ গান্ধী পৰিয়ালৰ তিনি প্ৰজন্মৰ লগতে ঘনিষ্ঠ আছিল ৷ এক কথাৰ মানুহ হিচাপে ৰাজনীতিৰ জগতত খ্যাত তৰুণ গগৈক ৰাজীৱ গান্ধীয়ে সমগ্ৰ দেশৰ নতুন মুখক বিচাৰি অনাৰ দায়িত্ব দিছিল ৷ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত অসহায় হৈ পৰা ৰাজীৱ গান্ধীয়ে নতুন মুখ বিচৰাৰ দায়িত্ব দিয়াৰ সময়ত পি চিদাম্বৰম,দ্বিগবিজয় সিং,গোলাম নবী আজাদ,পিএচাংমা,সঞ্জয় সিং আদিৰ দৰে নেতাক তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিচাৰি উলিয়াইছিল ৷ অসম কংগ্ৰেছেই নহয় সৰ্ববভাৰতীয় কংগ্ৰেছ দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল বৰ্ণনাতীত ৷
এই মহান প্ৰশাসক,দক্ষ ৰাজনীতিক গৰাকীৰ মৃত্যুত সমগ্ৰ অসমে এজন অভিভাৱক হেৰুৱালে আৰু কংগ্ৰেছ দলে হেৰুৱালে পিতামহক ৷ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতো তেওঁ অসমৰ কৃষক,ক্ষুদ্ৰ ব্যৱসায়ী,চাহ বাগানৰ বনুৱা,সাধাৰণ জনতাৰ প্ৰতি দায়িত্ব পালনৰ বাৰ্তা প্ৰেৰণ কৰিছিল,আকৌ লগলাগি কাম কৰাৰ কথা উল্লেখ কৰিছিল,কিন্তু নিয়তিয়ে তেওঁক সেই আশা পূৰণ কৰাৰ সুযোগ নিদিলে ৷ সমগ্ৰ ৰাজ্যবাসী আজি মৰ্মাহত৷’মিছা ক’লে কিডাল হ’ব’- বুলি সদায় কোৱা মানুহজনে চিকিৎসালয়ৰপৰা প্ৰেৰণ কৰা বাৰ্তাত নিয়তিৰ ওচৰত হাৰ মনাৰ বাবেই হয়তো এইবাৰ  মিছা ক’লে,সেয়ে উভতি আহিম বুলিও তেওঁ উভতি নাহিল ! পাৰ্থিৱ শৰীৰ এৰি তেওঁ অনন্তধামলৈ গুচি গ’ল৷