বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / অসমীয়াক ভাল পোৱা হোজা মানুহজন!

অসমীয়াক ভাল পোৱা হোজা মানুহজন!

ৰাইজৰ পক্ষত সদায় তৰুণ গগৈ আছিল ইমতিয়াজ আহমেদৰ প্ৰতিবেদন

গুৱাহাটী ,২৪ নবেম্বৰ — সদ্যপ্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যথেষ্ট ক্ষেত্ৰত তেওঁৰ আগৰ দুজন মুখ্য মন্ত্ৰীতকৈ পৃথক আছিল। কিন্তু তৰুণ গগৈয়ে নিজকে অসমীয়াৰ হৈ মাত মতা বুলি যিদৰে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল, আগৰ দুজন মুখ্য মন্ত্ৰীয়ে কিন্তু সেই স্বীকৃতি পাবলৈ সক্ষম নহ’ল। তৰুণ গগৈৰ এটা প্ৰখ্যাত উক্তি আছিল ‘হু ইজ বদৰুদ্দিন আজমল’ আৰু তেওঁৰ এই বাক্যষাৰেই এসময়ত অসমীয়াৰ স্বাভিমানত আঘাত সনা তেওঁ কোনো কাম নকৰে বুলি ৰাইজক পতিয়ন গৈছিল।আনহাতে ২০১৯ ত সংসদত গৃহীত কৰা চিটিজেনচিপ এমেনমেণ্ট বিলৰ বিপক্ষে ছুপ্ৰিম ক’ৰ্টত যুক্তি দৰ্শাবলৈ গ্ৰহণ কৰা তেওঁৰ ব্যক্তিগত পদক্ষেপে গৰিষ্ঠ সংখ্যক অসমীয়াৰ মাজত তেওঁক প্ৰিয় কৰি তুলিছিল।উল্লেখযোগ্য যে পেছাধাৰী অধিবক্তা হিচাবে কৰ্মজীৱন আৰম্ভ কৰা তৰুণ গগৈয়ে ১৯৮৫ চনত ৰাজীৱ গান্ধী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত হোৱা ‘অসমচুক্তি’ আখৰে আখৰে পালন কৰাত যথেষ্ট গুৰুত্ত্ব দিছিল। কিন্তু একে কংগ্ৰেছ দলৰ আন এগৰাকী মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই  ছয় বছৰীয়া অসম আন্দোলনৰ সময়ত অসমৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা যথেষ্ট নিজকে বিছিন্ন কৰি পেলাইছিল ৷ আনহাতে, আনজন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তেওঁৰ দ্বিতীয়টো শাসন কালত কুখ্যাত গুপ্ত হত্যাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ মাজত অতি ঘৃণাৰ পাত্ৰ হোৱা পৰিলক্ষিত হৈছিল। উল্লেখ কৰিব পাৰি যে ‘হু ইজ বদৰুদ্দিন আজমল’ বুলি এসময়ত কোৱা আজমলে পিছলৈ এ আই ইউ ডি এফ দল গঠন কৰি সংসদ আৰু অসম বিধান সভাত যথেষ্ট সংখ্যক প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল।পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এসময়ত এই আজমলৰ লগতেই তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছে মিত্ৰতা স্থাপন কৰাৰ কথাও সদ্যহতে চৰ্চালৈ আহিছিল। উল্লেখ কৰিব পাৰি যে বদৰুদ্দিন আজমলৰ এআইইউ ডিএফএ কংগ্ৰেছৰ সংখ্যালঘু ভোটবেংকত যথেষ্ট আঘাত হনা পৰিলক্ষিত হৈছিল। লগতে এই কথা উল্লেখ কৰিব পাৰি যে এই  দল গঠনৰ আঁৰত কিন্তু তৰুণ গগৈৰ ‘হু ইজ বদৰুদ্দিন আজমল ‘বুলি কোৱা বক্তব্যৰ যথেষ্ট গুৰুত্ব আছিল। উল্লেখ কৰিব পাৰি যে এআইইউডিএফ দল গঠন কৰাৰ মূলতে সেইসময়ৰ তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে আই এম ডি টি আইনখন বাহাল কৰিবলৈ উচ্চতম ন্যায়ালয়ত যথেষ্ট পদক্ষেপ নোলোৱা বুলি অভিযোগ কৰিছিল।পৰবৰ্তী ৰাজনৈতিক পৰিস্থিতিত এআইডিএফ আৰু কংগ্ৰেছৰ মাজত ভোট বিভাজন হোৱাত  বিজেপি দল ৰাজনৈতিক ভাবে যথেষ্ট লাভম্বিত হৈছিল আৰু এসময়ত অসমৰ পৰা সকলো অবৈধ বিদেশীক বহিস্কাৰ কৰিবলৈ অংগীকাৰ কৰা বিজেপি দলে পাছলৈ ‘কা’ ৰূপায়ন কৰিবলৈ বদ্ধপৰিকৰ হৈছিল। বিজেপিৰ দ্বাৰা সৰ্বসাধাৰণ অসমীয়া ৰাইজৰ প্ৰতি কৰা ‘বিশ্বাস ঘাটকতাৰ’ বাবেই এআইইউ ডিএফ আৰু কংগ্ৰেছৰ মাজত পুনৰ ৰাজনৈতিক মিত্ৰতাৰ প্ৰসংগ উত্থাপিত হৈছিল আৰু  ২০২১ চনৰ আগন্তুক বিধান সভাৰ নিৰ্বাচনত দুই দলে মিত্ৰভাৱে বিজেপিৰ  বিৰুদ্ধে যুঁজ দিয়াৰ গুণাগঁথাৰ কথা যথেষ্ট চৰ্চ্চালৈ আহিছিল। আনকি বদৰুদ্দিন আজমলে বিগত মাহ কেইটাত চিকিৎসাধীন অৱস্থাত তৰুণ গগৈক চিকিৎসালয়তে কেইবাদিনো লগ কৰিছিল আৰু তেওঁ আৰোগ্য হোৱাৰ বাবে আনকি ভগৱানক প্ৰাৰ্থনা জনোৱা বুলি কোৱাও পৰিলক্ষিত হৈছিল।উল্লেখযোগ্য  যে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে যথেষ্ট বেয়া ফল দেখুৱাইছিল আৰু অসমৰ ১৪ টা লোক সভা সমষ্টিৰ ভিতৰত মাত্ৰ তিনিখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে বিজেপিয়ে সাতখন আসনত জয় লাভ কৰিছিল। কংগ্ৰেছৰ সেই সময়ৰ আভ্যন্তৰীন কন্দল নিৰ্বাচনী পৰাজয়ৰ অন্যতম কাৰণ আছিল। উল্লেখ কৰিব পাৰি যে সেই সময়ত কংগ্ৰেছৰ এজন উচ্চাকাংক্ষী নেতা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা ফৈদে তৰুণ গগৈৰ বিপক্ষে বিদ্ৰোহ কৰিছিল আৰু পিছত বিজেপি দলত যোগদান কৰিছিল। ৰাজনৈতিক পৰ্যবেক্ষক মহলে ক’ব খোজে যে যদিও প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰ খনত খোজ পেলাইছিল,গগৈৰ দিনতহে শৰ্মাই ৰাজনৈতিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল । তৰুণ গগৈক  ৰাজনৈতিক পৰ্যালোচক সকলে মহাভাৰতৰ ধৃতৰাষ্ট্ৰৰ চৰিত্ৰৰ লগত সাদৃশ্য থকা বুলি ক’ব খোজে। নিজৰ পুত্ৰ গৌৰৱ গগৈৰ সুৰক্ষাৰ স্বাৰ্থত তৰুণ গগৈয়ে  কংগ্ৰেছ দলৰ ভালেকেইজন যুৱ নেতাক যথেষ্ট গুৰুত্ব নিদিয়া বুলি এটা অভিযোগ সততে উত্থাপিত হৈছিল। ভাৰতৰ প্ৰয়াত প্রধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ লগত তৰুণ গগৈৰ যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছিল। ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গগৈয়ে কংগ্ৰেছ দলৰ নেতৃত্ব ল’বলৈ মান্তি হোৱা নাছিল কিন্ত হাই কামাণ্ডৰ নিৰ্দেশত পুনৰ তেওঁ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব লৈছিল আৰু শেষত বিজেপিৰ হাতত পৰাস্ত হ’ব লব লগা হৈছিল ।সুদীৰ্ঘ ৰাজনৈতিক জীৱনত তৰুণ  গগৈয়ো ইচ্ছা বা অনিচ্ছাকৃত ভাবে বিতৰ্কৰ সন্মুখীন নোহোৱা নহয়। প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে প্ৰয়াত ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ মৃত্যুত  সমগ্ৰ দেশ শোকত থকা অৱস্থাতে গগৈক সেই সময়ত চাহ বাগিচাৰ জনগোষ্ঠীয় লোকনৃত্যত অংশগ্ৰহণ কৰি শিল্পী সকলৰ সৈতে কঁকাল ভাঙি থকা অৱস্থাত দেখা পোৱা গৈছিল। এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু পিছলৈ তেওঁ আনকি ক্ষমাও খুজিব লগা হৈছিল । তেওঁৰ শাসন কালত সাৰদা আৰু লুইছ বাৰ্জাৰ কেলেংকাৰী সংগঠিত হোৱা বুলি বিৰোধী দল বিজেপিয়ে যথেষ্ট অভিযোগ আনিছিল। আনকি বহু ক্ষেত্ৰত তেওঁ নিজৰ মতত খামোচ মাৰি ধৰি থকা বুলিও অভিযোগ উত্থাপন নোহোৱা নহয়। কিন্তু সুদীৰ্ঘ ৰাজনৈতিক জীৱনত তৰুণ গগৈৰ বিৰুদ্ধে দুৰ্নীতি বা ভ্ৰষ্টাচাৰত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ অভিযোগ দেখা পোৱা নগৈছিল আৰু তেওঁ নিজকে প্ৰায় সকলো ক্ষেত্ৰতে নিৰ্দোষী প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল।এই কথা অনস্বীকাৰ্য যে আগন্তুক দিনত তৰুণ গগৈক ভৱিষ্যতৰ প্ৰজন্মই অসমীয়াৰ হকে মাত মতা এজন সুদীৰ্ঘ কাল অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী বুলি ৰোমন্থন কৰিব।