দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘আলী’,’কুলী’ তৰুণ গগৈৰ পকেটৰ পৰা কেনেকৈ ওলাই গ’ল?

‘আলী’,’কুলী’ তৰুণ গগৈৰ পকেটৰ পৰা কেনেকৈ ওলাই গ’ল?

আইএমডিটি আইন বাতিলেই আছিল ইয়াৰ আৰম্ভণি ,ইমতিয়াজ আহমেদৰ প্ৰতিবেদন

গুৱাহাটী, ২৪ নৱেম্বৰ: দীৰ্ঘদিনীয়া ৰোগৰ অন্তত ২০২০ চনৰ ২৩ নৱেম্বৰত মৃত্যু হোৱা পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰায় দুটা দশকৰো অধিক  অশান্তিৰ ঢৌৱে কোবাই ৰখা অসমত শান্তি স্থাপন কৰাত সফল হৈছিল, কিন্তু  সেই একেজন  জ্যেষ্ঠ নেতাই নিজকে সুৰক্ষিত ৰখাৰ বাবে জেদ কেটেগৰীৰ নিৰাপত্তা ল’বলগীয়া হৈছিল। এতিয়াও  অসমৰ গ্ৰামাঞ্চলৰ পথত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ সেনা নিয়োজিত হৈ আছে।

তিনি দশক আগতেই কঠোৰ সশস্ত্ৰ সেনা বাহিনী (বিশেষ ক্ষমতা) আইন (এ‌এফ‌এছপিএ)ৰ অধীনলৈ আহিছিল অসম ৷ মুখ্য সচিব, আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ এক পিৰামিড সদৃশ গাঁঠনি, ইউনিফাইড কামাণ্ড, সকলো ব্যৱস্থা সফল কৰাৰ বাবে অসমৰ প্ৰশাসনিক ব্যৱস্থাৰ অংশ হৈ পৰিছিল আৰু আজিও ইয়াৰ বিশেষ সলনি হোৱা নাই।গগৈয়ে তেওঁৰ ১৫ বছৰীয়া শাসনকালত বহুবাৰ আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক হৈ অহা বুলি দাবী কৰিলেও, কেন্দ্ৰক ৰাজ্যৰ পৰা এএফএছপিএ প্ৰত্যাহাৰ কৰিবলৈ আৰু কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ ওপৰত হোৱা ৰাজহুৱা ধন ব্যয়ৰ  পৰা সকাহ দিবলৈ  কেন্দ্ৰীয় চৰকাৰক সৈমান কৰাত তেওঁৰ চৰকাৰ ব্যৰ্থ হৈছিল।বহু নিৰ্দোষীক এই কঠোৰ আইনৰ অধীনত “দোষী” সজাই অত্যাচাৰ কৰা হৈছিল। কিছুমান ব্যক্তিয়ে কোনো দোষ নকৰাকৈয়ে তেওঁলোকৰ জীৱন হেৰুৱাব লগা হৈছিল।যেতিয়া ৰাজ্য আৰক্ষীয়ে বিদ্ৰোহী‌সকলক আলোচনাৰ মেজলৈ আনিবলৈ সক্ষম হৈছিল, গগৈ চৰকাৰৰ হাতত এই আইনখন ৰাজ্যৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰক প্ৰভাৱিত কৰাৰ বাবে যথেষ্ট সুযোগ আহিছিল। বিশেষজ্ঞ‌সকলে কোৱা ধৰণে, কেন্দ্ৰৰ পৰা ‘সুযোগ গ্ৰহণ নকৰোঁ’ মনোভাৱেৰে বিষয়টোৰ পৰা চৰকাৰে নিজকে আঁতৰাই ৰাখিছিল যেন বোধ হয়৷ 

সীমা বিবাদ অব্যাহত  

গগৈয়ে পূৰ্ণ কৰিব নোৱৰা আন এটা মুখ্য প্ৰতিশ্ৰুতি আছিল প্ৰতিৱেশী ৰাজ্য যেনে- মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সৈতে সীমা সমস্যাৰ সমাধান বিষয়টো। ২০১২ চনৰ জুলাই মাহত ৫০ মেগাৱাট শক্তিৰ সৌৰ প্ৰকল্প উদ্বোধন কৰিবলৈ আইআইএম শ্বিলঙলৈ যোৱাৰ সময়ত খাচী ছাত্র সন্থা‌ই তেওঁক ক’লা পতাকা প্ৰদৰ্শন আৰু অসম চৰকাৰ বিৰোধী শ্লোগানেৰে তেওঁৰ সেই কাৰ্যসূচীৰ বিৰোধিতা কৰিছিল। তেওঁ প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ চৰকাৰে সকলো সীমা বিবাদ সমন্ধীয় সমস্যা সমাধান কৰিব কিন্তু তাৰবাবে তেওঁ নিৰ্ধাৰিত সময়ৰ কথা উল্লেখ কৰাৰ পৰা বিৰত আছিল।দক্ষিণ অসমৰ কাছাৰ জিলাত মিজোৰামৰ সৈতে আৰু এই মাহৰ আৰম্ভণিতে হোৱা উজনি অসমৰ যোৰহাট জিলাত নাগালেণ্ডৰ সৈতে এতিয়াও সীমা বিবাদ অব্যাহত আছে।আন প্ৰতিৱেশী ৰাজ্যৰ সৈতেও বিবাদ অব্যাহত আছে।

হেৰুওৱা বিশ্বাস

উচ্চতম ন্যায়ালয়ে অবৈধ প্ৰব্ৰজনকাৰীৰ সপক্ষে থকা  আইনখন বাতিল কৰাটোৱে অসমত কংগ্ৰেছৰ ক্ষমতা হেৰুওৱাৰ বাবে মূলতঃ দায়ী আছিল। ধনে জনে  যথেষ্ঠ প্ৰভাৱশালী সুগন্ধি ব্যৱসায়ী বদৰুদ্দিন আজমলে এই সুযোগতে, গগৈ চৰকাৰে পিআইএলৰ সৈতে যুঁজ নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে আইনখন বাতিল কৰা  বুলি অভিযোগ তুলি, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট নামৰ নতুন দলৰ জন্ম দিছিল। আনহাতে, চাহ শ্ৰমিক সকলে তেওঁলোকৰ অনুসূচিত জনজাতিৰ মৰ্যাদাৰ  দীৰ্ঘদিনীয়া দাবী এটা সপোন হৈ থাকিব বুলি নিশ্চিত হোৱাৰ পাছত, কংগ্ৰেছে “আলী আৰু কুলী” দুয়োৰে ভোট হেৰুৱাবলৈ আৰম্ভ কৰে, যি প্ৰতিশ্ৰুতি‌ৰ বাবে  এটা সময়ত অসমৰ চাহ বাগিচা আৰু নামনি অসমৰ সংখ্যালঘু প্ৰভাৱিত জিলাসমূহত পুৰণি প্ৰধান দলটোৱে বিজয় নিশ্চিত কৰিছিল। আইএমডিটি আইন বাতিলৰ বাবে কৰা আৱেদনে সৰ্বানন্দ সোণোৱাল‌ক জাতীয় নায়ক হিচাপে প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ পিছতেই এক বৃহৎ পৰিবৰ্তন আহিছিল সেইয়া আছিল  সোণোৱাল‌ে অসম গণ পৰিষদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। কংগ্ৰেছ দলৰ ভিতৰৰ খোৱাকামোৰা আৰু বিদ্ৰোহী হিমন্ত বিশ্ব শৰ্মাৰ  গেৰুৱা দলটোত যোগদানে কংগ্রেছক  একপ্ৰকাৰ বিধ্বস্ত কৰিছিল। যোৱাকালি গগৈৰ মৃত্যু হোৱা বুলি অৱগত কৰোৱা শৰ্মাৰ ৰাজনৈতিক চিন্তাধাৰা সলনি হ’ল যদিও এতিয়াও তেওঁ অসমৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিচাপেই কাৰ্যনিৰ্বাহ কৰি আছে যিটো তেওঁ কংগ্ৰেছৰ দিনতো  চম্ভালিছিল  আনহাতে সোণোৱাল কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ল।বিশাল ব্ৰহ্মপুত্ৰৰ ভূমিত, আইএমডিটি আইনখন বাতিল হোৱাটো‌ কংগ্ৰেছ দলৰ বাবে এক ৰাজনৈতিক খহনীয়াত পৰিণত হৈছিল যিটো গগৈয়ে কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰিলে।গগৈয়ে অসমৰ সীমা বিবাদৰ মোকাবিলা কৰিব নোৱৰা সময়ত, এক নতুন আন্দোলনে অসমত মূৰ দাঙি উঠিছিল  যিয়ে শেষত বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজনৰ সৃষ্টি কৰিলে। এটা ফালে বড়ো আৰু ৰাভা জনগোষ্ঠীৰ মাজৰ জাতিগত সংঘাত আৰু আনফালে প্ৰব্ৰজনকাৰীসকলৰ স্থিতিয়ে এআইইউডিএফৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি কৰিছিল।