শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / তিতাবৰবাসীক আজি কোনে নিচুকাব ?

তিতাবৰবাসীক আজি কোনে নিচুকাব ?

তৰুণ গগৈৰ শিৰাই শিৰাই প্ৰৱাহিত হৈছিল তিতাবৰবাসীৰ প্ৰতি থকা তেওঁৰ অকৃপণ মৰম আদৰ ৷ লিখিছে অমৰজ্যোতি বৰাই

যোৰহাট,২৪ নবেম্বৰ : প্ৰিয় নেতাজনৰ মহাপ্ৰয়াণত কান্দি উঠিল অসমৰ প্ৰতিজন ব্যক্তিয়েই । দল -মত নিৰ্বিশেষে,জাতি – ধৰ্ম – বৰ্ণ নিৰ্বিশেষে সকলো লোকৰে মূখত এটাই কথা শান্তিত থাকক নেতাজন ! দুখ সকলোৱে পাইছে ,‌কিন্তু তিতাবৰবাসী যেন পিতৃস্বৰূপ ব্যক্তিজনক হেৰুৱাই  ভাগি পৰিছে ! সাধাৰণ লোকৰ পৰা দায়িত্বশীল ব্যক্তি লৈ , শিশুৰ পৰা বৃদ্ধলৈকে তিতাবৰ বাসীৰ সকলোৰে চকু সেমেকা তেওঁলোকৰ  মৰমৰ ‘পোনাকণ’ৰ বিয়োগত। সমগ্ৰ্ অসমবাসীৰ বাবে যেতিয়া তেওঁ মুখ্যমন্ত্ৰী আছিল তিতাবৰবাসী অগ্ৰজসকলৰ বাবে পোনাকন আৰু অনুজসকলৰ বাবে মৰমৰ পোনাদা হৈয়ে থাকি গৈছিল। সেয়ে হয়তো কালি তেওঁৰ বিয়োগৰ খবৰটোৱে সমগ্ৰ অসমবাসীক যিদৰে মৰ্মাহত কৰিলে তাতকৈ হাজাৰগুণ বেছি কষ্ট দিলে যেন তিতাবৰবাসীক ! বহুতৰে ঘৰত চৌকা নজ্বলিল কালি , বহুতেই কটালে বিনিদ্ৰ ৰজনী। গগৈদেৱৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিৰ খবৰ পাই নামঘৰ – মন্দিৰত শৰাই -বন্তি আগবঢ়াই ভগৱানৰ ওচৰত তেওঁৰ আৰোগ্য ‌ কামনা কৰি শেষ নহওঁতেই , তেওঁৰ মৃত্যুৰ সংবাদে হিয়া দহি নিলে সকলোৰে। কিমান জনপ্ৰিয় হ’লে হুক হুকাই কান্দি উঠিব পাৰে জনতাই, কিমান জনপ্ৰিয় হ’লে মন্দিৰ মছজিদত প্ৰাৰ্থনা কৰিবলৈ হাজাৰ জনতা ওলাই যাব পাৰে ? প্ৰয়াত মূখ্যমন্ত্ৰী জনৰ জনপ্ৰিয়তা সঁঁচাকৈয়ে ইৰ্ষণীয়। ১৯৩৪ চনৰ ১১ অক্টোবৰত তিতাবৰৰ ৰঙাজান চাহবাগিচাত জন্মগ্ৰহণ কৰা গগৈয়ে যোৰহাট চৰকাৰী বহুমুখী বালক  বিদ্যালয়ৰ পৰা শিক্ষান্ত পৰীক্ষাত ঊত্তীৰ্ণ হৈ , জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত গুৱাহাটী বিশ্বিবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰি অধিবক্তা হিচাপে কিছুদিন সেৱা আগবঢ়ায়। কিন্তু সৰুৰে পৰা ছাত্ৰ ৰাজনীতিৰ লগত জড়িত গগৈয়ে ১৯৬৮ চনত প্ৰথমবাৰৰ বাবে যোৰহাট নগৰ উন্নয়ন সমিতিৰ সদস্য হিচাপে জয় লাভ কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত ১৯৭১ চনত যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ প্ৰথমবাৰৰ বাবে সংসদীয় ৰাজনীতিত খোজ দিয়ে আৰু বিভিন্ন দায়িত্ব সুচাৰুৰূপে পালন কৰি ২০০১ চনৰ পৰা একেৰাহে তিনিবাৰকৈ ২০০১ , ২০০৬ আৰু ২০১১ চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বপালন কৰে। এই বিষয়ত কাৰো দ্বিমত নাই যে অসমৰ প্ৰায় সকলোবোৰ দিশতে তৰুণ গগৈয়ে এক শক্তিশালী আন্তঃগাথঁনি তৈয়াৰ কৰি থৈ গ’ল। মূখ্যমন্ত্ৰীত্বৰ সময়ত তিতাবৰ সমষ্টিক সকলো দিশৰ পৰা জাকতজিলিকা কৰি তুলিবলৈ অশেষ পৰিশ্ৰম কৰা গগৈৰ মৃত্যুত অতি বেছিকৈ ভাগি পৰিছে এই তিতাবৰবাসী। তৰুণ গগৈৰ একালৰ সতীৰ্থ  প্ৰাক্তন সহকৰ্মী তিতাবৰৰ বিশিষ্ট ব্যক্তি সোণাধৰ গগৈয়ে কয় ” পোনাকণৰ মৃত্যু তিতাবৰবাসীৰ কাৰণে অতি দুখৰ খবৰ , আমি কোনেও মানি ল’ব পৰা নাই দুসংবাদটো। ” তৰুণ গগৈৰ লগত কটোৱা অতীতৰ  স্মৃতি ৰোমন্থন কৰি গগৈয়ে কয় যে ” এটা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিও সাধাৰণ ভাৱে থাকি ভাল পাইছিল তেওঁ। সৰুতে বাগানৰ লাইনত সকলোৰে লগত খেল ধেমালি কৰি শৈশৱ পাৰ কৰা পোনাকণে‌, দুৰ্গা পূজা, কালি পূজাত বাগানত দেখুওৱা চিনেমা চাবলৈ লৰ ধৰিছিল ৷”মহান নেতা গৰাকীৰ মহাপ্ৰয়াণত সেমেকা দুচকুৰে বৰহোলাৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী বি.কে.একাডেমিৰ প্ৰবন্ধক তথা  অসম গণ‌ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিবুল হাজৰিকাই তেওঁৰ স্মৃতি সুঁৱৰি কয় ” ২০০০ চনৰ পৰা গগৈদেৱক মই নিচেই কাষৰ পৰা পাইছোঁ ,২০০০ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিলোঁ আৰু তেতিয়া তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈছিল ,তেতিয়া আমি একেলগে উজনি অসম বিশেষকৈ যোৰহাট জিলাত কংগ্ৰেছৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ যথেষ্ট কষ্ট কৰিছিলোঁ , নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ , আৰু সুখে দুখে তিতাবৰবাসীৰ কাষত থিয় হৈছিলোঁ।” সমগ্ৰ অসমৰ লগতে তিতাবৰ সমষ্টিৰ উন্নয়নৰ কাৰণে সদায়ে উদ্বিগ্ন তৰুণ গগৈয়ে তিতাবৰ সমষ্টিক অসমৰ ভিতৰতে জাকতজিলিকা কৰি গঢ়ি তুলিছিল বুলি উল্লেখ কৰি হাজৰিকাই লগতে কয় ” ৰাজনৈতিক জীৱনত লগ পোৱা আটাইতকৈ বেছি শ্ৰদ্ধাশীল ব্যক্তিজনেই আছিল তৰুণ গগৈ দেৱ। ব্যক্তিগত জীৱনত তেওঁ এজন সৰল মনৰ খোলা অন্তৰৰ লোক আছিল৷জাতি – জনজাতি,নেতা – পালিনেতা এইবোৰৰ ব্যৱধান নাৰাখি সকলোকে সমান গুৰুত্ব প্ৰদান কৰিছিল , সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিছিল । এই মহান ব্যক্তি জনৰ মহাপ্ৰয়াণত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৈ সমবেদনা জ্ঞাপন কৰিছোঁ ৷ “মৰমৰ পোনাকণৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰা এগৰাকী আইতাই থোকাথুকি মাতেৰে কয় ” পোনাকণ আমাৰ মাজৰ পৰা চিৰদিনলৈ আঁতৰি গ’ল। কিন্তু তাৰ লগত কটোৱা স্মৃতিবোৰৰ লগতে তাৰ আপোনভোলা হাহিটো চকুৰ আগত সদায়ে ভাঁহি থাকিব। সি অসমৰ কাৰণে মূখ্যমন্ত্ৰী আছিল , কিন্তু আমাৰ কাৰণে মৰমৰ পোনাকণ। যেতিয়াই লগ পাইছিল ঘৰৰ সকলোৰে খবৰ বাতৰি লৈছিল , লগৰবোৰৰ খবৰ সুধিছিল , অমুক আছেনে , তাৰ পুতেকে কি কৰি আছে, জীয়েকক ক’ত বিয়া দিলে এশ এবুৰি প্ৰশ্ন কৰিছিল , তেতিয়া তাক মুখ্যমন্ত্ৰী যেন নালাগিছিল আমাৰ মৰমৰ পোনাকণ হৈয়ে  সদায় আমাৰ মাজত আছিল। ”