মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভূপেন দাৰ ভাষাৰেই -‘লুইতপৰীয়া ডেকাবন্ধু, তোমাৰ তুলনা নাই ..”

ভূপেন দাৰ ভাষাৰেই -‘লুইতপৰীয়া ডেকাবন্ধু, তোমাৰ তুলনা নাই ..”

শতসহস্ৰ গুণমুগ্ধক কন্দুৱাই অনন্তধামলৈ গতি কৰা চিৰতৰুণ নেতাজনৰ বিষয়ে এই প্ৰতিবেদন যুগুতাইছে মনালিছা গগৈয়ে আৰু মন্তব্য সংগ্ৰহ কৰাত সহায় কৰিছে অভিজিত ভূঞা,চবিন তামুলী,ভাস্কৰজ্যোতি শইকীয়া আৰু পাৰ্থপ্ৰতীম হাজৰিকাই৷

বিশ্ববিশ্ৰুত সংগীতজ্ঞ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত আজি যেন আকৌ পুনৰবাৰ সমগ্ৰ অসমে একেলগে কান্দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে কেৱল উচুপিছে,মুখৰ ভাষা হেৰুৱাইছে ৷মানৱদৰদী এই জননেতা জনক শেষ দৰ্শনৰ বাবে দল – মত নিৰ্বিশেষে কেৱল নিৰৱিচ্ছিন্নভাৱে সোঁত বৈছে হাজাৰ জনতাৰ!ভালপোৱা মানুহজনক হেৰুৱাৰ বেদনা কিমান সেই অভিজ্ঞতাৰ পুনৰবাৰ সাক্ষী হ’ল অসমবাসী! মানুহ এজন কিমান জনপ্ৰিয় হ’লে সাধাৰণ মানুহৰ চকুলো নিগৰিব পাৰে,আৱেগিকবিহ্বল হৈ নিজৰ মনৰ ভাৱ অন্তৰৰপৰা আপোনাআপুনি  ওলাই আহিব পাৰে তাৰেই এই প্ৰতিবেদন৷


ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ সংযুক্ত মুক্তি বাহিনী অসমৰ তৰফৰপৰা। একেৰাহে তিনিবাৰকৈ ৰাজ্য শাসনৰ বাঘজৰীডাল হাতত ৰাখিবলৈ সক্ষম হোৱা তৰুণ গগৈদেৱ প্ৰকৃততে এজন অসম প্ৰেমী ব্যক্তি আছিল। সংযুক্ত মুক্তি বাহিনী অসমৰ সভাপতি হিচাপে আমি ব্যক্তিগত ভাৱে কেইবাবাৰো লগ পাবলৈ সক্ষম হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৰসাল কথা-বতৰাই আচলতে তেখেতৰ ব্যক্তিত্বৰ পৰিচায়ক। ব্যক্তিগতভাৱে আমি যেতিয়াই লগ পাওঁ তেতিয়াই ৰাজ্যৰ উন্নয়ন , নিবনুৱা সমস্যা আদিৰ বিষয়ে বেছিভাগ কথা পাতিছিলোঁ। সহজাত ভাৱে তেখেতে কোনো কোনো সময়ত কয় “বাদ দিয়া হে”। ৰাজনৈতিক ভাৱে অতি দক্ষ, বিচক্ষণ তথা দূৰদৃষ্টিসম্পন্ন ব্যক্তিগৰাকীৰ বাবেই আলফা-চৰকাৰৰ মাজত  আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল ,সেই কথা স্বীকাৰ কৰিবই লাগিব। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বাধীন চৰকাৰখনেই আচলতে ৰাজ্যখনত শান্তিপূৰ্ণ, সামাজিক , ৰাজনৈতিক তথা সুস্থ গণতান্ত্ৰিক পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল বুলি আমি বিশ্বাস কৰোঁ। লগ পালেই গগৈদেৱে মোক প্ৰায়ে কয়, শান্তি আলোচনাখন সোনকালে পাতি সমস্যাৰ সমাধান কৰিব লাগে। তেখেতৰ জীৱিত অৱস্থাতে আমিও আলোচনা প্ৰক্ৰিয়া সামৰণি মাৰিবলৈ বিচাৰিছিলোঁ যদিও সেইয়া সম্ভৱ হৈ নুঠিল। এই কথাই এতিয়া অতিকৈ দুুখ দিছে আমাক। গগৈদেৱৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে বৌ আৰু ভতিজা গৌৰৱ তথা শোকসন্তপ্ত পৰিয়ালৰ সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ। 

অৰবিন্দ ৰাজখোৱা
সভাপতি,সংযুক্ত মুক্তি বাহিনী, অসম।


মুখ্যমন্ত্ৰী বুলি ক’লে আজিও প্ৰথমে গগৈ ছাৰৰ কথাকে মনলৈ আহে। মই সাংবাদিক হিচাপে যোগদান কৰাৰ পিছত প্ৰিয় নেতাগৰাকীক কাষৰ পৰা পাবলৈ সক্ষম হৈছিলোঁ। তেখেতে সম্বোধন কৰা বহুকেইখন সংবাদ মেলৰ বাতৰি সংগ্ৰহ কৰিবলৈ মই গৈছিলোঁ। সৰল মনৰ তৰুণ গগৈ ছাৰে সদায়ে আমাৰ লগত এক বন্ধুত্ব সুলভ ব্যৱহাৰ কৰিছিল। ইয়াৰোপৰি ২০১৮ বৰ্ষত তেখেতৰ এটা বিশেষ সাক্ষাতকাৰ ল’বলৈ মোৰ সৌভাগ্য হৈছিল। সেই সময়ত মই সাংবাদিকতা জগতত প্ৰায় নতুন। কাৰোৰে লগতে তেনেদৰে চিনাকি নাছিল।  তেতিয়াই ওচৰৰ পৰা তেখেতৰ লগত চিনাকি হ’বলৈ সুবিধা পাইছিলোঁ। তিনিবাৰৰ মুখ্যমন্ত্ৰী তথা দেশৰ এগৰাকী অভিজ্ঞ বৰ্ষীয়ান ৰাজনীতিবিদ হ’লেও তেখেতৰ নাছিল কোনো অহংকাৰ। সকলোৰে মন জিনিব পৰা ব্যক্তিত্বৰ অধিকাৰী আছিল তেখেত।  যাৰ বাবে অসমৰ প্ৰতিগৰাকী লোকৰ হৃদয়ত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। মই সাংবাদিক হিচাপে বহু ৰাজনীতিবিদক লগ পাইছোঁ, কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এগৰাকী প্ৰকৃত মানৱীয় অনুভূতিৰে পৰিপূৰ্ণ নাগৰিক। তেখেতৰ মৃত্যু অসমৰ ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি। 

হিৰুল হক,
সাংবাদিক(ইটিভি ভাৰত)


ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ। সৰুৰেপৰাই তেখেতক লগ পোৱা হেতুকে আমাৰ মাজত আছিল ঘৰুৱা সম্পৰ্ক। মোৰ  দেউতা শৰৎ বৰকটকীৰ সহপাঠী তথা কংগ্ৰেছ দলৰ সতীৰ্থ হোৱা বাবে প্ৰায়েই আমি দেখাদেখি হৈছিলোঁ। আজি তেখেতৰ সহজ-সৰল আচৰণ তথা আন্তৰিকতাবোৰে চকুৰ আগত অগাদেৱা কৰিবলৈ ধৰিছে। নিজৰ পুত্ৰৰ দৰেই মোকো মৰম কৰিছিল প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে। তেখেতৰ প্ৰচেষ্টাতে ৰাজ্যত শান্তি পূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছিল। বহু নিবনুৱাই সংস্থাপন পাইছিল। ৰাজ্যৰ দ্ৰুত উন্নয়ন হৈছিল। বিভিন্ন সময়ত আমাৰ লগত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ কথা পাতি কৈছিল “ডেকাল’ৰা তোমালোক নতুন প্ৰজন্মই এটা সময়ত ৰাজ্যৰ জনসাধাৰণৰ নেতৃত্ব ল’ব লাগিব।” আজি সেই কথাবোৰ মনত পৰিছে । আমি তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ।

অনুজ বৰকটকী,
সোণাৰি


তৰুণ গগৈ ডাঙৰীয়াক প্ৰথম লগ পাইছিলোঁ NRL ৰ এক ধৰ্ণা কাৰ্যসূচীত।তেওঁ এজন ৰাজনীতিবিদেই নহয় আমাৰ বাবে আত্মাস্বৰূপ।তেখেতে সদায়েই ভাল কাম কৰি সমাজৰ সেৱা কৰি যাবলৈ পৰামৰ্শ দিছিল আৰু সহজ সৰল সাধাৰণ মানুহৰ নিচিনাকৈ আমাৰ লগত কথা পাতিছিল।তেওঁ যদিও এজন মুখ্যমন্ত্ৰী আছিল তথাপি তেওঁ কেৱল ৰাজনীতিৰ কথাকে আলোচনা কৰা নাছিল, সমাজৰ বিভিন্ন বিষয় যেনে খেল,সংস্কৃতি,সমাজ আদি বিষয়ৰ ওপৰতো কথা পাতিছিল৷সঁচাই তেওঁক পাহৰিব নোৱাৰিম৷

মামনি দলে,

বোকাখাট


তৰুণ গগৈ ডাঙৰীয়াক প্ৰথম লগ পাইছিলোঁ ২০০০ চনৰ অক্টোবৰ মাহত।তেতিয়া তেখেত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি আছিল। আমি ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ NSUI ৰ যোৰহাট জিলাৰ দায়িত্বত আছিলোঁ।অসম গণ পৰিষদ দলৰ শাসন আছিল,চাৰিওফালে হত্যা হিংসাৰে অশান্ত আছিল অসম।২০০১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ বাবে আমিও তেওঁৰ নেতৃত্বত কাম কৰিছিলোঁ। ২০০০ চনৰ  শেষৰ ফালে নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে টিকট বিচাৰি বহু লোক তেখেতৰ ওচৰলৈ আহিছিল। টীয়ক সমষ্টি যিহেতু মোৰ নিজা গৃহ সমষ্টি আছিল তাত স্থানীয় এজন প্ৰাৰ্থী দিবৰ বাবে টীয়কৰ বহু কৰ্ম্মীয়ে বিচাৰিছিল।কিন্তু টিকট বিচৰা মানুহ বহুত আছিল যদিও জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থীৰ অভাৱ আছিল। সেই সময়ত টীয়কৰ পৰা টিকট বিচাৰিছিল মেম্বৰ গগৈ ডাঙৰীয়াই।কিন্তু তেখেত টীয়কৰ নাছিল। অৱশ্যে মানুহ জন ৰাইজৰ গ্ৰহণযোগ্য আছিল।আমি কিছু যুৱ ছাত্ৰ মিলি তৰুণ গগৈ ডাঙৰীয়াক  কৈছিলোঁ যে টীয়কৰ কংগ্ৰেছ কৰ্মী সকলে স্থানীয় প্ৰাৰ্থী বিচাৰিলেও জিকাৰ সম্ভাৱনা মেম্বৰ গগৈ ডাঙৰীয়াৰ হে আছে।তেখেতে আমাক সুধিছিল কেনেকৈ জানিলা জিকাৰ সম্ভাৱনা আছে বুলি, আমি কৈছিলোঁ  যুৱ শক্তিয়ে তেখেতক আঁকোৱালি লৈছে আৰু জিকাই আনিম বুলি দায়িত্ব লৈছে।তেতিয়া তেখেতে কৈছিল যদি যুৱ চাম তেওঁৰ লগত আছে তেতিয়া হ’লে জিকিব।এবাৰ মুখ্যমন্ত্ৰী হৈ থাকোতে শেষৰ ফালে এজন বন্ধুৰ লগত ছাৰক লগ কৰিছিলোঁ কইনা ধৰাত।আমাক সুধিছিল গ্ৰামাঞ্চল বোৰৰ ৰাইজৰ উন্নতি হৈছে নে বুলি ?মোৰ লগত যোৱা জনে ক’লে ছাৰ আমাৰ গাৱঁত আগতে প্ৰথম শ্ৰেণীৰ ভ্ৰাম্যমাণ থিয়েটাৰ যোৱা নাছিল ,এতিয়াতো  গাৱঁৰ মানুহে ১৫০০,২০০০ টকীয়া টিকট লৈ প্ৰথম শ্ৰেণীৰ থিয়েটাৰ চায়। কি আচৰিত পিছদিনা তৰুণ গগৈ ছাৰৰ এখন সংবাদ মেল আছিল তাত সেই কথা কেইটাই ছাৰে সাংবাদিক বন্ধু সকলক ক’লে আগতে গাঁৱলৈ  প্ৰথম শ্ৰেণীৰ থিয়েটাৰ গৈছিল নে, এতিয়া গাওঁৰ মানুহে ১২০০, ১৫০০ টকাৰ টিকট লৈ থিয়েটাৰ চায়। সঁচাকৈ ২০০০ চনৰ আগৰ অসম খনৰ যি ভয়, আতংকৰ, অভাৱ অনাটনৰ দিন আছিল তাৰ পৰিবৰ্তে এক সুস্থিৰ বাতাবৰণ ঘূৰাই অনাৰ মূল মানুহ জন আছিল তৰুণ গগৈ ছাৰ।লগ পোৱা মানুহক ব্যক্তিগত খা খবৰ লোৱাৰ ওপৰিও গাঁও , অঞ্চল, ৰাইজৰ খবৰ লৈছিল।এনে এজন স্পষ্টবাদী,সাহসী সকলোকে আপোন কৰি ল’ব পৰা বিশাল মনৰ মানুহ হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি যোৱাত আমি ব্যথিত,শোকত  ম্ৰিয়মাণ। তেখেতৰ বিদেহী আত্মাৰ  সদগতিৰ কাৰণে ভগৱানৰওচৰত প্রাৰ্থনা জনালোঁ।

গৌৰীশংকৰ শইকীয়া

টীয়ক


প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্য প্ৰয়াত শ্ৰদ্ধেয় তৰুণ গগৈ দেৱৰ ব্যতিক্ৰমী ৰাজনৈতিক ভূমিকাৰ প্ৰতি আকৃষ্ট হৈয়ে দলীয় ৰাজনীতিৰ  প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। ২০১৮ চনৰ ২৭ অক্টোবৰৰ দিনটোত তেওঁক একান্ত ভাৱে লগ পাবলৈ সক্ষম হৈছিলোঁ। যথেষ্ট উৎকন্ঠা আৰু ভয় শংকাৰে যেতিয়া তেওঁৰ মুখামুখি হ’লো, সমগ্ৰ পৰিবেশ সলনি কৰি খুব ঘৰুৱা ভাৱে তেখেতে মোৰ দৰে এগৰাকী  তৃণমুল কৰ্মীৰ সৈতে মত বিনিময় কৰিছিল। বহু কথাৰ মাজত তেখেতে মোক কৈছিল ” ৰাজনীতিৰ পথাৰ খনত খোজ দিছা যদি খুব অধ্যয়ন কৰিবা । ইতিহাস তথা বিভিন্ন বিষয়ৰ গ্ৰন্থ মোৰ তাত আছে। যেতিয়াই মন যায় তেতিয়াই আহিবা।” তেখেতৰ সেই সহজ সৰল আপোন মনেৰে কোৱা কথাষাৰ মই সদায় মনত ৰাখিছোঁ আৰু আগলৈও ৰাখি যাম। এগৰাকী সুদক্ষ ৰাজনীতিবিদ , সকলোৰে সৈতে, সকলো সময়তে হাঁহি মাতি ব্যৱহাৰ কৰা বিৰল ব্যক্তিত্বৰ অধিকাৰী গগৈ ছাৰক হেৰুৱাই যথেষ্ট দুখ অনুভৱ কৰিছোঁ। আশা ৰাখিছো প্ৰতিজন দলীয় সতীৰ্থই যেন সেই মহান ব্যক্তিগৰাকীৰ আদৰ্শেৰে দলটোক আগবঢ়াই লৈ যায়। শেষত তেখেতৰ বিদেহ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলো। ঔম শান্তি । 

অনিতা দেৱী
পাঞ্জাবাৰী ,
গুৱাহাটী


তেতিয়া মই দৈনিক অগ্ৰদূতৰ ষ্টাফৰিপ’ৰ্টাৰ। সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ। চৌদিশে আলফা – ছালফাৰ সংঘাত। অসমীয়া পাহোৱাল ডেকাৰ তেজেৰে ৰাঙলী অসম! সমান্তৰালভাৱে অসমৰ অৰ্থনীতি হৈ পৰিছিল বিধ্বস্ত। মাহৰ পাছত মাহ ধৰি চৰকাৰী কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল। পৰিস্থিতি এনে এক পৰ্য্যায় পাইছিলগৈ আনকি অসম চৰকাৰৰ চাকৰিয়াললৈ ছোৱালী বিয়া দিবলৈয়ো বেছিভাগ অভিভাৱকে অনীহা প্ৰকাশ কৰিছিল। মুঠৰ ওপৰত চৌদিশে এক অভাবনীয় পৰিস্থিতি বিৰাজ কৰিছিল। ৰাজ্যখনৰ এনে এক সংকটকালত তৰুণ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব মূৰ পাতি লৈছিল। তেতিয়াৰ প্ৰতিখন সংবাদমেলত গগৈয়ে ৰাজ্যখনত চলি থকা হত্যা – হিংসাৰ বিৰুদ্ধে কেৱল সৰৱ হোৱাই নহয়, কংগ্ৰেছ ক্ষমতালৈ আহিলে গুপ্তহত্যা বন্ধ কৰিব বুলি বাৰম্বাৰ ঘোষণা কৰিছিল। সেই সময়ৰ প্ৰায় প্ৰতিখন সংবাদমেলত মহন্ত চৰকাৰক কঠোৰ সমালোচনা কৰি কংগ্ৰেছ ক্ষমতালৈ আহিলে চৰকাৰী কৰ্মচাৰীয়ে নিয়মীয়াকৈ দৰমহা পাব বুলি গগৈ ডাঙৰীয়াই সদম্ভে ঘোষণা কৰিছিল। গগৈৰ এনে ঘোষণাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মহন্তই তেওঁ(গগৈ)ৰ হাতত যাদুদণ্ড আছে নেকি বুলি কটাক্ষ কৰিছিল। আমিও গগৈৰ এনেবোৰ ঘোষণা ৰাজনৈতিক চতুৰালি বুলিয়ে ধৰি লৈছিলোঁ। কিন্তু মহন্ত চৰকাৰৰ পতন ঘটাই ক্ষমতালৈ অহাৰ কেই মাহ মানৰ পিছতে আমাৰ ধাৰণাক ভুল প্ৰমাণিত কৰি গগৈয়ে চৰকাৰী কৰ্মচাৰীক নিয়মীয়াকৈ দৰমহা দিবলৈ সক্ষম হ’ল। গুপ্তহত্যা সম্পূৰ্ণৰূপে বন্ধ কৰিলে।গগৈৰ কথা আৰু কামৰ মাজত যে পাৰ্থক্য নাই এয়া মাত্ৰ এটা উদাহৰণহে। গগৈৰ ১৫ বছৰীয়া শাসনকালৰ এনে অজস্ৰ উদাহৰণ আছে, যিবোৰ লিখি শেষ কৰিব নোৱাৰি।

নৱ বৰা
কাহিলিপাৰা
গুৱাহাটী


মই জাতীয় কংগ্ৰেছ তথা ৰাজনীতিৰ লগত ২০১১ চনৰ  পৰাই জড়িত হৈ পৰিছিলোঁ তৰুণ গগৈ ছাৰৰ আইডিয়’লজিৰ প্ৰতি আকৰ্ষিত হৈ । তেওঁক ২০১৪ চনত প্ৰথমবাৰ লগ পাইছিলোঁ। তেওঁ যুৱক যুৱতীক অতিকৈ ভাল পাইছিল। সদায় নতুনত্বৰ সন্ধান কৰিছিল। মোৰ আজিও  মনত আছে,  আমাক দেখি কৈছিল “তেজাল  ডেকা ল’ৰাহঁত, ভাল কামবোৰৰ কৰি যোৱা পিছলৈ কেতিয়াও ঘূৰি নাচাবা। এদিন আমি সফল হ’ম।” সকলো জাতি,জনগোষ্ঠীক তেওঁ  আগুৱাই যোৱাটো বিচাৰিছিল  আৰু সেয়ে তেওঁৰ ব্যক্তিত্বৰ প্ৰতি  মই আকৰ্ষিত হৈছিলোঁ।

অৰিন্দম বৰি
সভাপতি,
যুৱ কংগ্ৰেছ
বোকাখাট


অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়াক মই ২০১৩ চনত এন.এছ.ইউ.আইৰ সভাপতি থাকোতে তেওঁক নিচেই কাষৰ পৰা পাইছিলোঁ। মই যি দুটা বছৰত এন.এছ.ইউ.আইৰ কাৰ্যকাল চলাইছিলোঁ , সেই সময়ত মই লোৱা প্ৰতিটো পদক্ষেপতে তেওঁ মোক সহায় সহযোগিতা কৰাৰ লগতে যথেষ্ঠ পৰিমাণে মোক উৎসাহিত কৰিছিল। ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেনেকৈ, কি কৰিব লাগে এই সকলোবোৰ তেওঁ মোক ভালদৰে বুজাই  দিছিল।  সঁচাকৈ তেওঁ আছিল স্পষ্টবাদী নেতা, সহজ সৰল আৰু অতিকৈ মৰমিয়াল আছিল আৰু এইবোৰ গুণে মোক যথেষ্ঠ পৰিমাণে তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল।দলৰ সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকজন নেতা কৰ্মীৰে মনৰ ভাৱ জানিবলৈ তেওঁ চেষ্টা কৰিছিল। দল বা দলীয় কৰ্মীৰ সন্মুখত যেতিয়া সমস্যা আহে তেতিয়া তেওঁ অতি যোগাত্মক ভাবে সমাধানৰ পথ দেখুৱাইছিল। এনে এজন ব্যক্তিৰ বিয়োগে অসমীয়া জাতীয় জীৱনত যথেষ্ঠ পৰিমাণে ক্ষতি কৰিব। মই কিন্তু তেওঁক এজন নেতা হিচাপে চোৱাৰ পৰিবৰ্তে এজন ব্যক্তি হিচাপেহে চাইছিলোঁ,তেওঁ এনে ব্যক্তিত্বৰ অধিকাৰী যি জন ব্যক্তিয়ে সকলোবোৰ কথাই  স্পষ্টকৈ  সকলোৰে আগত প্ৰকাশ কৰে ৷ যোৱা কালিৰে পৰা সামাজিক মাধ্যমতে হওঁক বা ইলেকট্ৰনিক মাধ্যমতে হওক সকলোৱে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। অসমৰ বাবে যিখিনি উন্নয়ন তেওঁ কৰিলে সেইখিনিক সকলোৱে একে মুখে স্বীকাৰ কৰিছে।   
 তেওঁ এজন ব্যক্তি নহয়     
তেওঁ এটা অনুষ্ঠান!

মৃণাল হাজৰিকা

সম্পাদক
অসম প্ৰদেশ যুৱ কংগ্ৰেছ
নগাঁও


সেইয়া আছিল ১৯৭৬ চনৰ নবেম্বৰ মাহৰ কোনোবা এটা দিন৷গুৱাহাটীত সৰ্বভাৰতীয় কংগ্ৰেছৰ এক অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু মই  পিএ চাংমা ডাঙৰীয়াৰ নেতত্বত গাৰো  হিলচৰ পৰা তালৈ প্ৰতিনিধি হিচাপে আহিছিলোঁ৷তাতে অস্থায়ী ভাৱে নিৰ্মিত ভোজনালয়ত মেঘালয় আৰু পঞ্জাৱৰ পৰা অহা দুজনমান প্ৰতিনিধিৰ কিবা কথাত তৰ্কাতৰ্কি হৈ ঘুচিয়াঘুচি লাগিছিল,ময়ো সেই মাৰপিটত সমানেই অংশ লৈছিলোঁ৷তৰুণ গগৈ ছাৰ আছিল তেতিয়া সাংসদ আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ,তেওঁ মাৰপিটৰ বিষয়ে গম পাইয়ে ঘটনাস্থলীত উপস্থিত হৈ আমাক বুজাই বঢ়াই আমাৰ লগতে আহাৰো গ্ৰহণ কৰিছিল৷তেওঁ যে শুদ্ধ অন্তৰৰ নেতা আছিল ,সেইদিনাই মই অনুভৱ কৰিছিলোঁ৷তাৰ পিছত মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য হ’লো আৰু ৯১ চনত বিজেপিত যোগদান কৰিলোঁ৷তাৰ পিছত ছাৰে মোক লগ পালেই কংগ্ৰেছ দলত যোগদান কৰি একেলগে কাম কৰাৰ কথা কৈছিল,মই বিনয়েৰে অপাৰগতা প্ৰকাশ কৰিছিলোঁ৷ছাৰৰ তৎপৰতাতেই  মই ২০২০ চনৰ ফেব্ৰুৱাৰীত কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ৷ক’ভিড হোৱাৰ আগলৈকে ছাৰক সপ্তাহ অথবা এটা পষেকৰ বিৰতিত সাক্ষাৎ কৰিছিলোঁ৷ক’ভিডত আক্ৰান্ত হোৱাৰ আগত ছাৰৰ লগত হোৱা মোৰ শেহতীয়া সাক্ষাতত আমি কংগ্ৰেছ দলৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ বিষয়ে কথা পাতিছিলোঁ,অসমত চৰকাৰ গঠন কৰাৰ কৌশলৰ বিষয়ে কথা পাতিছিলোঁ,আজি সকলো ফালে উকা অনুভৱ কৰিছোঁ৷আমি এজন উজ্জ্বল জ্যোতিস্কক হেৰুৱালোঁ৷আমি অভিভাৱকহীন হ’লো,এই মূৰ্হুতত এইয়াই মোৰ অনুভৱ৷

আৰ পি শৰ্মা
প্ৰাক্তন সাংসদ
গুৱাহাটী


তৰুণ গগৈ ডাঙৰীয়াৰ মৃত্যুত আমি অতিশয় নিঠৰুৱা হৈ পৰিছোঁ।আমাৰ মনত এনে লাগিছে যেন বৰ্তমান সূৰ্য নোহোৱা হ’ল।তেখেতৰ বিয়োগত আমি কংগ্ৰেছ পৰিয়াল অতিকৈ মৰ্মাহত।আজি আমাৰ মাজৰ পৰা এজন অভিভাৱক নোহোৱা হ’ল।তেওঁক প্ৰথম বাৰৰ বাবে লগ পাইছিলোঁ কংগ্ৰেছ সেৱা দলৰ হৈ কাম কৰি থকা অৱস্থাত,বাহনা কেম্পত সেৱা দলৰ হৈ  কাম কৰি থকা সময়ত তেওঁক লগ পাইছিলোঁ।সহজ সৰল মনৰ মানুহজন কেৱল কংগ্ৰেছ দলৰেই নহয় সমগ্ৰ সমাজখনৰেই অভিভাৱক স্বৰূপ আছিল!কংগ্ৰেছ কৰ্মী হিচাপে তেখেতৰ পৰা ৰাজনীতি আৰু সামাজিক বিভিন্ন দিশত তেওঁৰ দিহা পৰামৰ্শ লৈ আগ বাঢ়িছিলো।সদায়েই ভাল কাম কৰি যাবলৈ পৰামৰ্শ দি কৈছিল “ৰাজনীতিত সদায়েই ভাল কাম কৰি যাবা।কেতিয়াও মিছা কথাৰে আভুৱাভাৰি ৰাইজৰ কাম নকৰিবা।কাৰণ ৰাজনীতিক হৈ সমাজৰ হকে কাম কৰিবলৈ আহিছা,সেয়ে মিছা মাতিলে নহ’ব।”তেওঁক প্ৰথমবাৰ লগ পাইয়েই ককাইদেউ বুলি সম্বোধন কৰিছিলোঁ।তেৱোঁ মোৰ দৰে সাধাৰণ মানুহ এটাক নিজৰ ভাইৰ দৰে ভাৱিছিল।আৰু তেখেতৰ  অনুগ্ৰহতেই মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ বোকাখাট সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। বিধায়ক হিচাপে ৰাইজৰ বিপুল ভোটত জয়যুক্ত হৈ ৰাইজৰ হকে কাম কৰিবলৈ সুবিধা পাইছিলোঁ।আজি তেখেতৰ বিয়োগে আমাক অভিভাৱকহীন কৰি  তুলিছে।

অৰুণ ফুকন
প্ৰাক্তন বিধায়ক
বোকাখাট


জীৱনত “তৰুণ গগৈ মূর্দাবাদ” ধ্বনি দিয়েই ৰাজনীতিৰ পথাৰত ভৰি দিছিলোঁ। তৰুণ গগৈৰ মাতটো শুনিলেই টিভিৰ চেনেলটো সলনি কৰি দিছিলোঁ। কিন্তু তৰুণ গগৈৰ চৰকাৰ ১৫ বছৰীয়া কাৰ্যকাল আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকাল চাই উপলব্ধি কৰিছোঁ “সৰ্বানন্দ সোণোৱালতকৈ বহুগুণে দক্ষ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। মৃত্যু এটা বাস্তৱ সত্য। মৃত্যুক আজিলৈকে কোনেও জয় কৰিব পৰা নাই। সকলোৰে দৰে তৰুণ গগৈৰো মৃত্যু এদিন অনিবাৰ্য আছিল। কিন্তু জীৱন্ত কালত তৰুণ গগৈৰ কৰ্মৰাজিয়ে চিৰ দিনৰ বাবে তৰুণ গগৈক অমৰ কৰি থৈ গ’ল।

লক্ষ্যজ্যোতি গগৈ

উপসভাপতি
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি