শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কংগ্রেছৰ আদৰ্শ নেতা আহমেদ পেটেলৰ মৃত্যু

কংগ্রেছৰ আদৰ্শ নেতা আহমেদ পেটেলৰ মৃত্যু

এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ তথা সকলো ঠাইতে বন্ধু থকা আহমেদ পেটেল আৰু নাই

নতুন দিল্লী, ২৫ নৱেম্বৰ: দেহৰ সকলো অংগ বিকল হোৱাৰ বাবে আজি কংগ্ৰেছৰ সমস্যাৰ সমাধান সূত্ৰৰ উদ্ভাৱক হিচাপে জনাজাত নেতা আহমেদ পেটেলে ইহলীলা সম্বৰণ কৰে। ক’ভিডৰ পিছৰ জটিলতাৰ বাবে তেওঁৰ চিকিৎসা চলি আছিল দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত।

তেওঁৰ পুত্ৰ ফয়ছল পেটেলে টুইট কৰে, ” ২৫/১১ তাৰিখে ৩.৩০ বজাত মোৰ পিতৃৰ  অকাল বিয়োগ হোৱা বুলি মই গভীৰ দুখ আৰু আৱেগেৰে জনাইছোঁ ৷ “ঠভ

ক’ভিড-১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ এমাহতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পাছতো, পেটেল গুৰুগ্ৰামস্থিত চিকিৎসালয়ত চিকিৎসা লাভ কৰি আছিল। তেওঁক চিকিৎসকৰ এটা দলে নিৰীক্ষণ কৰি আছিল।

পূৰ্বৰ বিত্তমন্ত্ৰী” পি চিদাম্বৰমে টুইট কৰে, “মোৰ প্ৰিয় বন্ধু আহমেদ পেটেলৰ আজি পুৱাৰ ভাগত মৃত্যু হোৱা বুলি জানি মই মৰ্মাহত আৰু দুখিতলৃ.দুটা দশক ধৰি তেওঁ কংগ্ৰেছ দলৰ আটাইতকৈ শক্তিশালী স্তম্ভ আৰু এজন বিশ্বাসী পৰামৰ্শদাতা আছিল। তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হ’ব … মই তেওঁৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালৰ সদস্যসকলৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।”

কংগ্ৰেছ দলৰ আদৰ্শ নেতা হিচাপে পৰিচিত পেটেল দলটোৰ বাবে আটাইতকৈ দক্ষ আৰু সমস্যা সমাধানকাৰী ব্যক্তি আছিল। ২০০৮ চনত বাওঁদলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছত যেতিয়া ইউপিএ চৰকাৰ বিশ্বাস প্ৰস্তাৱ‌ৰ সন্মুখীন হৈছিল, তেওঁ চৰকাৰখন ৰক্ষা কৰাৰ বাবে পৰ্যাপ্ত সংখ্যা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

তেওঁৰ মৃত্যুৰ দ্বাৰা সৃষ্টি হোৱা শূন্যতা দলত পূৰণ নহ’ব কিয়নো তেওঁ এজন পুৰণি শৈলীৰ নেতা আছিল যাৰ ৰাজনৈতিক দল নিৰ্বিশেষে সকলো ঠাইতে বন্ধু আছিল। ২০০৭ চনত, যেতিয়া ছোনিয়া গান্ধীয়ে উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ বাবে পেটেলক দায়িত্ব দিছিল, পেটেলেই প্ৰয়োজনীয় সকলো ব্যৱস্থাপনা কৰিছিল। 

মুছলমানৰ আধিপত্য থকা ক্ষেত্ৰ আমৰোহাত ৰাহুল গান্ধীয়ে বিশাল ভীৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। 

যেতিয়া এই সাংবাদিকে সেই সময়ৰ এজন স্বতন্ত্ৰ স্থানীয় সাংসদ‌ক প্ৰশ্ন কৰিছিল, তেওঁ কৈছিল, “আহমেদ ভাই কাহে হেই তাউ কৰ্না পদ্‌তা হেই (আহমেদ ভায়ে কোৱা মতে আমি কাম কৰিব লাগিব)।” পেটেলৰ ক্ষমতা ইমান প্ৰসাৰিত আছিল।

তেওঁ ৰাজনীতি‌ত ইমান কৌশলী আছিল যে আপোনাক ক’ব পাৰিব ৰাজনীতিৰ বায়ু বৰ্তমান কোন দিশে বলি আছে। 

২০১৯ চনত, সাধাৰণ নিৰ্বাচনৰ আগতে তেওঁ জানিছিল যে তেওঁৰ দলৰ স্থিতি ভাল নহয় আৰু এই কথা তেওঁ  ছ’চিয়েল মিডিয়াৰ আগত প্ৰকাশ কৰিছিল। ১০ জনপথৰ পিছত ২৩ মাডাৰ টেৰেছা ক্ৰেচেণ্টত তেওঁৰ সম্বোধন আটাইতকৈ বেছি লোকপ্ৰিয় হৈছিল।

আহমেদ পেটেলৰ জীৱন আৰু সময়

১৯৪৯ চনৰ ২১ আগষ্টত গুজৰাটত ভাৰুচত জন্মগ্ৰহণ কৰা পেটেল দেশৰ আটাইতকৈ শক্তিশালী ৰাজনীতিবিদ হিচাপে গঢ় লৈ উঠিছিল।  ইউপিএ শাসনৰ সময়ত আনকি মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলেও তেওঁৰ সাক্ষাৎকাৰ পাবলৈ তেওঁৰ কাৰ্য্যালয়ৰ পৰা এপ‌ইণ্টমেণ্ট পাবলৈ অপেক্ষা কৰিছিল। 

যদিও তেওঁ শক্তিশালী আছিল, তেওঁ আনৰ সৈতে কথা পতাৰ সময়ত বিনয়ী আছিল। সাংবাদিকসকলৰো প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ আগ্ৰহী আছিল।

গুজৰাট কংগ্রেছৰ নেতৃত্ব দিবলৈ ৰাজীৱ গান্ধীয়ে তেওঁক নিৰ্বাচন কৰা সময়ত পেটেল সেই সময়ৰ আটাইতকৈ কম বয়সৰ নেতা আছিল। 

পিছত তেওঁ ৰাজীৱৰ দলত সংসদীয় সচিব হিচাপে যোগদান কৰে, আৰু ছোনিয়া গান্ধীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ছোনিয়া গান্ধীৰ নিকটতম বিশ্বাসযোগ্য নেতা আৰু তেওঁক লগ পোৱাৰ একমাত্ৰ মাধ্যম হৈ পৰে।

তেওঁৰ প্ৰসাৰতাৰ বাবে ৰাহুল গান্ধীয়ে দলৰ সভাপতি হিচাপে তেওঁৰ সময়ছোৱাত পেটেলক কোষাধক্ষ হিচাপে নিযুক্তি দিছিল। পেটেলে বেষ্টনীৰ বাহিৰতো সম্পৰ্ক বজাই ৰখাত বিশ্বাস ৰাখিছিল।

ৰাজনৈতিক কেৰিয়াৰ

আহমেদ পেটেলে ১৯৭৬ চনত তেওঁৰ গৃহ ৰাজ্য গুজৰাটৰ ভাৰুচত স্থানীয় সংস্থা‌ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল। 

তেওঁ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সংসদীয় সচিব আছিল, পেটেলে চৰ্দাৰ সৰোবৰ প্ৰকল্প নিৰীক্ষণৰ বাবে নৰ্মদা ব্যৱস্থাপনা প্ৰাধিকৰণ প্ৰতিস্থা কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

জৱাহৰলাল নেহৰুৰ শতবৰ্ষ উদযাপনৰ আগে আগে  ১৯৮৮ চনত পেটেলক জৱাহৰ ভৱন ট্ৰাষ্টৰ সচিব হিচাপে নিযুক্ত কৰা হৈছিল। 

ৰাজীৱ গান্ধীয়ে তেওঁক নতুন দিল্লীৰ ৰাইচিনা ৰোডত জৱাহৰ ভৱন নিৰ্মাণৰ পৰ্যৱেক্ষণ কৰিবলৈ কৈছিল, যি এটা দশকৰো অধিক সময় ধৰি স্থগিত হৈ আছিল। 

মাত্ৰ এবছৰৰ ভিতৰতে, নেহৰুৰ জন্ম শতবৰ্ষ উদযাপনৰ  সময়ত তেওঁ জৱাহৰ ভৱনৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছিল।

বিনয়ী হোৱাৰ লগতে তেওঁ তীক্ষ্ণ‌ও আছিল। আৰু ২০১৭ চনৰ ৰাজ্যসভা নিৰ্বাচনৰ সময়ত অমিত শ্বাহৰ শক্তি থকা স্বত্বেও তেওঁ বিজেপি প্ৰাৰ্থীক পৰাজিত কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ কংগ্রেছৰ বিক্ষোভৰ সময়ত, তেওঁ চিডব্লিউচিত গান্ধীসকলৰ পিছফালে শিলৰ দৰে থিয় হৈ আছিল আৰু আনকি ছোনিয়া গান্ধীলৈ পত্ৰ লিখা বাবে তেওঁৰ বন্ধুবৰ্গক নিন্দা‌ও কৰিছিল।

সাংবাদিকৰ বন্ধু

পেটেলক সাংবাদিকৰ বন্ধু হিচাপে গণ্য কৰা হৈছিল। তেওঁ শেষ ৰাতি সাংবাদিক‌সকলক ফোন কৰিছিল। কিন্তু কেতিয়াও প্ৰত্যক্ষ উদ্ধৃতি দিয়া নাছিল। তেওঁ প্ৰদান কৰা উত্তৰ অনুসৰি শ্ৰোতাজনে তেওঁক বিচাৰ কৰাতো বিচাৰিছিল।

যেতিয়া আদৰ্শ সমাজ কেলেংকাৰীত তদানীন্তন মুখ্য মন্ত্ৰী অশোক চাৱনৰ নাম ওলাই পৰাৰ পিছত মহাৰাষ্ট্ৰত শাসকৰ পৰিৱৰ্তন হৈছিল, তেতিয়া একমাত্ৰ তেওঁ সাংবাদিকসকলক নেতৃত্ব প্ৰদান কৰিছিল। 

আৰু তেওঁৰ চমু উত্তৰ আছিল, “পৃথ্বি, কিন্তু মোক উদ্ধৃত নকৰিব।”

সাংবাদিকসকলে সমানে তেওঁৰ অভাৱ অনুভৱ কৰিব। কিন্তু কংগ্ৰেছ আৰু দলৰ হাই কমাণ্ডৰ বাবে এই ক্ষতি অতি ডাঙৰ আৰু কঠিন, বিশেষকৈ এই সময়ত যেতিয়া দলটো অ-কাৰ্যক্ষমতাৰ চাপত আছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰিছে, “এয়া অতি দুখৰ দিন। শ্ৰী আহমেদ পেটেল কংগ্ৰেছ দলৰ স্তম্ভ আছিল। তেওঁ কংগ্রেছ দলৰ অতি কঠিন সময়তো দলৰ সৈতে থিয় হৈ আছিল, একেলগে বাস কৰিছিল আৰু উশাহ লৈছিল। তেওঁ আমাৰ বাবে এক সম্পদ আছিল।” (IANS)