সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ড্ৰাগছৰ বিৰুদ্ধে সজাগ হৈছে সীমান্তৰ প্ৰহৰী

ড্ৰাগছৰ বিৰুদ্ধে সজাগ হৈছে সীমান্তৰ প্ৰহৰী

ড্ৰাগছ আৰু নিষিদ্ধ কেনবো বাইক জব্দ মিজোৰাম সীমান্তত

আইজল, ২৪ নৱেম্বৰ: মিজোৰামৰ দুটা পৃথক অঞ্চলত অসম ৰাইফলছে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে  যথেষ্ট পৰিমাণৰ হেৰ’ইন আৰু কেইখনমান বাইক আৰু চীনা সামগ্ৰী জব্দ কৰিছে, এজন বিষয়াই আজি কয়।

দিগ্বিজয় সিঙে আইজলৰ কেন্দ্ৰীয় ৱাইএমএ কাৰ্য্যালয়ত উপস্থিত হয় ৷

অসম ৰাইফলছে কালি মিজোৰাম-ম্যানমাৰ সীমান্তৰ চম্ফাই জিলাৰ জোখাউথৰ গাৱঁত চলোৱা অভিযানৰ সময়ত  ২৬১.৪ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰু চাৰিটা কাৰ্টিজ সহ এটা বেৰেট পিষ্টল আৰু এখন কেনবো বাইক উদ্ধাৰ কৰে, বিষয়াজনে লগতে কয়‌।

তেওঁ কয় যে জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত ২০ লাখ টকা হ’ব আৰু চীনা বাইকখন চুৰি কৰি অনা বুলি থাৱৰ কৰা হৈছে ৷

জোখাউথৰ গাৱঁৰ ইয়ং মিজো এছ’চিয়েচন (ৱাইএমএ) আৰু গাঁও পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ স্বেচ্ছাসেৱকৰ সহযোগত এই অভিযান চলোৱা হৈছিল বুলি তেওঁ উল্লেখ কৰে ৷

বিষয়াজনে লগতে কয় যে ছেৰছিপত  অসম ৰাইফলছৰ এটা বেটেলিয়নে যথেষ্ট পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল আৰু শেহতীয়াকৈ এবিধ অস্ত্ৰ আৰু অপঞ্জীকৃত কেনবো বাইকো উদ্ধাৰ কৰে।

জব্দ কৰা সকলো অস্ত্ৰ আৰু সামগ্ৰী‌সমূহ ৰাজ্যৰ আৰক্ষীক গতাই দিয়া হৈছে বুলিও তেওঁ কয়।

চীনত নিৰ্মিত বাইক সমূহ জব্দ

মিজোৰাম চৰকাৰে শেহতীয়াকৈ চীনত নিৰ্মিত কেনবো বাইক ৰাজ্য‌খনত নিষিদ্ধ কৰিছে ৷ উল্লেখ্য যে এই বাইকবোৰ  অবৈধভাৱে ম্যানমাৰৰ পৰা ক্ৰয় কৰা হৈছিল।

কেনবো বাইকসমূহ সাধাৰণতে ভাৰত-ম্যানমাৰ সীমান্তত অবৈধ সামগ্ৰী পৰিবহন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ম্যানমাৰ চৰকাৰৰ সৈতে যান-বাহন চুক্তি অবিহনে মিজোৰামত অপঞ্জীকৃত চীনা কেনবো বাইকসমূহ অবৈধভাৱে চলা প্ৰতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰক “উপযুক্ত পদক্ষেপ” ল’বলৈ নিৰ্দেশ দিয়াৰ পিছত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে।  

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান

অসম ৰাইফলছৰ বিষয়াই জনোৱা মতে, মিজোৰামত থকা অসম ৰাইফলছৰ জোৱানসকলে শেহতীয়াকৈ ৰাজ্য আৰক্ষী, আবকাৰী বিভাগৰ কৰ্মী আৰু নাৰ্কটিক বিভাগৰ কৰ্মীৰ সৈতে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কেইবাটাও অভিযান চলাই সফল হয়।

তেওঁ কয় যে যোৱা কিছুদিন‌ৰ পৰা সীমান্তত ড্ৰাগছ আৰু অস্ত্ৰ সস্ত্ৰ সৰবৰাহ যথেষ্ট বৃদ্ধি পাইছে আৰু অসম ৰাইফলছে ইয়াৰ প্ৰতিৰোধৰ বাবে গোটেই ৰাজ্যতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

অসম ৰাইফলছৰ ডিআইজিসকলৰ সাক্ষাৎ

ইতিমধ্যে,নতুনকৈ দায়িত্ব‌ভাৰ গ্ৰহণ কৰা অসম ৰাইফলছৰ ডিআইজি, ব্ৰিগেডিয়াৰ দিগ্বিজয় সিঙে ৰাজ্যৰ হিতৰ বাবে  শক্তি আৰু ৱাইএমএ-ৰ মাজত অধিক সমন্বয় গঢ়ি তুলিবলৈ কেন্দ্ৰীয় ৱাইএমএ-ৰ সভাপতি ভানলালৰুৱাতাক আহ্বান জনায় ৷

ডিআইজি আৰু ৱাইএমএ-ৰ সভাপতি, দুয়োগৰাকীয়ে অসম ৰাইফলছ আৰু ৱাইএমএ-ৰ মাজত সম্পৰ্ক আৰু সমন্বয় ৰক্ষা কৰাৰ বাবে সন্মত হয়, অসম ৰাইফলছৰ সূত্ৰই জনায়।

সিঙৰ সৈতে ৪৬ অসম ৰাইফলছৰ কামাণ্ডেণ্ট কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীও আছিল।