দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ব্ৰু ভোটাৰৰ নাম থকাটো বিচৰা নাই বিৰোধীয়ে

ব্ৰু ভোটাৰৰ নাম থকাটো বিচৰা নাই বিৰোধীয়ে

নিৰ্বাচনী বিষয়াৰ মতে মিজোৰামৰ প্ৰায় ১২০০০ ব্ৰু ভোটাৰে ত্ৰিপুৰা‌ত স্থায়ীভাৱে থাকিব বিচাৰে

আইজল, ২৪ নৱেম্বৰ: মিজোৰামৰ বিৰোধী দল পিপুলছ মুভমেণ্টে ত্ৰিপুৰাত বসতি স্থাপন কৰিব বিচৰা ব্ৰু ভোটাৰ সকলৰ নাম মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা আঁতৰাবলৈ ভাৰতীয় নিৰ্বাচন আয়োগক অনুৰোধ কৰে।

নিৰ্বাচনী বিষয়াৰ মতে মিজোৰামত অন্য ভোটাৰৰ সৈতে প্ৰায় ১২,০০০ ব্ৰু ভোটাৰ আছে যিয়ে স্থায়ী‌ভাৱে ত্ৰিপুৰা‌ত থাকিবলৈ বিচাৰিছে।

জেডপিএম-ৰ প্ৰচাৰ শাখাৰ সম্পাদক লালদিনপুয়াই কয় যে মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা ব্ৰু ভোটাৰ সকলৰ নাম আঁতৰাবলৈ আবেদনখন এইবছৰৰ ১৬ জানুৱাৰীত হোৱা চুক্তি অনুসৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ যোগেদি নিৰ্বাচন আয়োগত দাখিল কৰা হৈছে।

পত্ৰখনত উল্লেখ কৰা মতে ব্ৰু প্ৰবাসীসকলে ১৯৯৭ চনতে মিজোৰাম ত্যাগ কৰিছিল আৰু তেওঁলোকে বৰ্তমান ত্ৰিপুৰাত স্থায়ীভাৱে বাস কৰি আছে। কিন্তু তেওঁলোক যোৱাৰ দুটা দশকৰ পাছতো তেওঁলোকৰ নামসমূহ এতিয়াও মিজোৰামৰ ভোটাৰ তালিকাত আছে।

ইয়াত কোৱা হৈছে যে স্থানান্তৰিত ব্ৰু সকলক মিজোৰামলৈ পুনৰ ঘূৰাই আনিবলৈ কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ নাগৰিক সমাজে বহুতো চেষ্টা কৰিছিল।

প্ৰত্যাবৰ্তন প্ৰক্ৰিয়াত যদিও বহুতো ব্ৰু পৰিয়ালক মিজোৰাম‌লৈ ঘূৰাই অনা হৈছিল, বহুতো ব্ৰু লোকে নানান অজুহাত দেখুৱাই ঘূৰি আহিবলৈ অমান্তি হয়” পত্ৰখনত উল্লেখ কৰা আছে ৷

পত্ৰখনে লগতে কয় যে ৰাজ্যত বৰ্তমান চলি থকা ভোটাৰ তালিকাৰ পুনৰীক্ষণ কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰু ভোটাৰসকলৰ নাম ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা উচিত।

১৬ জানুৱাৰীত হোৱা চুক্তি অনুসৰি, ঘূৰি আহিবলৈ ব্যৰ্থ হোৱা ব্ৰু লোকসকল স্থায়ীভাৱে ত্ৰিপুৰা‌ত বাস কৰিব। 

মিজোৰামৰ ব্ৰু ভোটাৰ

ইফালে, ৰাজ্য নিৰ্বাচন বিভাগৰ এগৰাকী বিষয়াই কয় যে ৰাজ্যলৈ ঘূৰি আহিব নোৱাৰা মিজোৰাম‌ত  প্ৰায় ১২,০০০ ব্ৰু ভোটাৰ আছে।

তেওঁ কয় যে ব্ৰু ভোটাৰসকলৰ নাম এতিয়াও ৰাজ্যৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে কিয়নো প্ৰতিৱেশী ৰাজ্য ত্ৰিপুৰা‌ত তেওঁলোকৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া এতিয়াও চলি আছে।

তেওঁ কয় যে, “এবাৰ ব্ৰু ভোটাৰ সকলৰ নাম ত্ৰিপুৰাৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰোৱাৰ বাবে  আৱেদন কৰা হ’ব, আৰু এই প্ৰক্ৰিয়াৰ যোগেদি নিজে নিজে তেওঁলোকৰ নাম মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা আঁতৰি যাব।

তেওঁ কয় যে, ব্ৰু লোকসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো নিৰ্বাচন আয়োগৰ আওতাৰ বাহিৰত আছে।

ব্ৰুসকলৰ প্ৰত্যাৱৰ্তনৰ সমস্যা

১৯৯৭ চনত মিজো বনৰক্ষী এজনৰ হত্যাৰ ফলত সৃষ্টি হোৱা গোষ্ঠীগত  সংঘৰ্ষৰ আঁত ধৰি সহস্ৰাধিক ব্ৰু লোক মিজোৰামৰ পৰা ত্ৰিপুৰালৈ প্ৰব্ৰজন কৰিছিল।

মিজোৰাম‌লৈ ব্ৰুসকলক ঘূৰাই আনিবলৈ বহুত কেইবাৰ চেষ্টা কৰা হৈছিল। শেহতীয়া‌কৈ ২০১৯ চনৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত ২৮৯ টা পৰিয়ালৰ ১,১৬৫ জন লোকক মিজোৰাম‌লৈ ঘূৰাই অনা হয়।

বৰ্তমান‌লৈ ১১,১০৭ জন লোকক (২,২৩৯ টা পৰিয়াল) মিজোৰাম‌লৈ ঘূৰাই অনা হৈছে।

কেন্দ্ৰ, মিজোৰাম চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু ব্ৰু সংস্থাৰ সদস্যৰ মাজত হোৱা চুক্তি অনুসৰি  ২০১৯চনৰ নৱেম্বৰৰ ভিতৰত মিজোৰামলৈ ঘূৰি আহিব নোৱাৰা  ব্ৰু জনজাতীয় লোক সকলক ত্ৰিপুৰাত স্থায়ী সংস্থাপন দিয়া হ’ব।

যোৱা শনিবাৰে মিজোৰামৰ নাগৰিক সমাজে মিজোৰাম চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু কেন্দ্ৰ‌ক ১৬ জানুৱাৰী‌ত হোৱা চুক্তি‌খন ৰূপায়ণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।