বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / অমানৱীয় : প্ৰচণ্ড শীতত পানী হিলৈ

অমানৱীয় : প্ৰচণ্ড শীতত পানী হিলৈ

কৃষকৰ ওপৰত পানী হিলৈ ব্যৱহাৰ কৰা কাৰ্যক সমালোচনা প্ৰিয়ংকাৰ

নতুন দিল্লী, ২৬ নৱেম্বৰ : বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰ বাবে দিল্লীলৈ গৈ থকা অৱস্থাত শম্ভু সীমাত পঞ্জাৱৰ কৃষকসকলক ছত্ৰভঙ্গ দিয়াবলৈ হাৰিয়ানা পুলিচে পানী হিলৈ, কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ পিছত বৃহস্পতিবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে।

হিন্দীত কৰা টুইট এটাত প্ৰিয়ংকাই কয়, “কৃষকৰ পৰা সমৰ্থন মূল্য কাঢ়ি নিয়া কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ দাবীবোৰ শুনাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে তেওঁলোকৰ ওপৰত এই প্ৰচণ্ড ঠাণ্ডাত পানী হিলৈৰে আক্ৰমণ কৰিছে। চৰকাৰে বেঙ্ক ঋণ মাফ , বিমানবন্দৰ, ৰে’লৱে ষ্টেচনবোৰ পুুঁজিপতিক বিতৰণ কৰি থাকোঁতে কৃষকৰ পৰা  সকলো কাঢ়ি নি আছে ।”

তেওঁ প্রতিবাদকাৰী কৃষকসকলৰ ওপৰত পানী হিলৈ ব্যৱহাৰ কৰি থকা এটা ভিডিঅ’ সংলগ্ন কৰে।

কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাইও হিন্দীত কৰা এটা টুইট‌ত চৰকাৰক সমালোচনা কৰি কয় ‘মোদীজী, কেতিয়াৰ পৰা দিল্লী ‘দৰবাৰে’ দেশৰ কৃষকসকলক ভয় কৰা হ’ল ? কৃষকসকলক বাধা দিবলৈ তেওঁলোকৰে পুত্ৰসকলক অৰ্থাৎ সেনাসকলক থিয় কৰাই দিলে। যদি ভাৰত-চীন সীমান্তত একেই সতৰ্কতা অৱলম্বন কৰা হ’লহেঁতেন, তেনেহ’লে চীনে আমাৰ ভূমিত কেতিয়াও সোমাই অহাৰ সাহস নকৰিলে হয়। আপোনাৰ সিন্ধান্ত সদায় কিয় ভুল ?”

কৃষকসকলে এই বছৰৰ ছেপ্টেম্বৰত সংসদত গৃহীত হোৱা কৃষি আইনৰ বিৰোধিতা‌ৰ বাবে দিল্লীলৈ যোৱাৰ কথা ঘোষণা কৰিছিল। কৃষকসকলে আগৰেপৰাই এই আইনসমূহ প্ৰত্যাহাৰৰ দাবী তুলি আহিছে।

কৃষক‌সকলৰ ‘দিল্লী চলো’ যাত্ৰাৰ অংশ হিচাপে দেশৰ ৰাজধানীলৈ যোৱাটো প্ৰতিহত কৰিবলৈ হাৰিয়ানা আৰক্ষীয়ে ৰাজপথত  বেৰিকেড  স্থাপন কৰাৰ পাছতো কৃষকসকলৰ যাত্ৰা অবিৰত আছিল। (IANS)