বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অসহনীয় ! মৃৃৃত্যুক সাৱটিলে ৬ জনে

অসহনীয় ! মৃৃৃত্যুক সাৱটিলে ৬ জনে

লেপেটকাটাত ভয়ংকৰ দুৰ্ঘটনা

অসম,২৬ নৱেম্বৰ – আজি পুৱা ডিব্ৰুগড়ৰ লেপেটকাটাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱায় ৷ দুৰ্ভগীয়া যাত্ৰী কেইজনে এখন বলেৰ’ত ধেমাজিৰ পৰা এখন বিবাহ অনুষ্ঠানত অংশ লৈ উভতি অহাৰ পথত উক্ত দুৰ্ঘটনা সংঘটিত হয় ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰেইলৰত খুন্দা মৰাৰ ফলত তেওঁলোক উঠি অহি বলেৰ’খনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু খুন্দা লাগি গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে ৷ ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক থুবে প্ৰতীক কুমাৰে কয়”বিবাহ যাত্ৰী দলটোৱে তেওঁলোক উঠি অহা গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে এই দুৰ্ঘটনা হয় আৰু ঘটনাস্থলীতে চাৰি জন লোকৰ মৃত্যু হয় ৷ আন দুজনে চিকিৎসালয়ত মৃত্যুক সাৱটি লয় ৷”(IANS)