মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আকৌ ৩১ ডিচেম্বৰলৈ বন্ধ থাকিব বাণিজ্যিক বিমান

আকৌ ৩১ ডিচেম্বৰলৈ বন্ধ থাকিব বাণিজ্যিক বিমান

৩১ ডিচেম্বৰলৈকে আন্তৰ্জাতিক বিমানৰ যাতায়ত বন্ধ

নতুন দিল্লী,২৬ নৱেম্বৰ – ক’ভিড১৯ মহামাৰীৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ বাণিজ্যিক আন্তৰাষ্ট্ৰীয় বিমান সেৱা ৩১ ডিচেম্বৰলৈকে বন্ধ ঘোষণা কৰিছে। এই সংক্ৰান্তত ‘ডাইৰেক্টৰ জেনেৰেল অব চিভিল এভিয়েচন’ৰ এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হয় যে এই নিষেধাজ্ঞা আন্তঃৰাষ্ট্ৰীয় মালবাহী বিমান আৰু বিমান প্ৰাধিকৰণৰ পৰা আগতীয়াকৈ অনুমোদন লাভ কৰা বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। তাৰোপৰি চৰকাৰী বিবৃতিত কোৱা হয় যে  কিছুসংখ্যক নিৰ্দিষ্ট পথত এনে বিমানৰ বাবে বিশেষ বিবেচনা কৰি হয়তো অনুমতি প্ৰদান কৰা হ’ব পাৰে। উল্লেখযোগ্য যে ভাৰত চৰকাৰে পৃথিৱীৰ বিভিন্ন দেশৰ লগত ‘এয়াৰ বাবোল’ সংক্ৰান্তীয় চুক্তি সম্পাদন কৰিছে। এই ‘এয়াৰ বাবোল’ চুক্তি স্বাক্ষৰ কৰা দেশ সমূহৰ যাত্ৰী সমূহক এখন দেশৰ পৰা আনখন দেশলৈ  যোৱাত নিষেধাজ্ঞা আৰোপ কৰা নহয়। উল্লেখ্য ক’ভিড ১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২৫ মাৰ্চত সকলো ধৰণৰ যাত্ৰীবাহী বিমান যাত্ৰা বন্ধ ঘোষণা কৰা হৈছিল, কিন্তু ২৫ মে’ ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা পুনৰ আৰম্ভ কৰা হৈছিল ৷ (IANS)