সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / আধুনিক ‘ৰুদ্ৰ সিংহ’ আখ্যা পালে গগৈয়ে

আধুনিক ‘ৰুদ্ৰ সিংহ’ আখ্যা পালে গগৈয়ে

সততা,সৰলতাই আছিল গগৈৰ সফলতাৰ মাপকাঠি এই প্ৰতিবেদন যুগুতাইছে মনালিছা গগৈয়ে

গুৱাহাটী, ২৬নৱেম্বৰ : সকলোৰে মুখে মুখে মাথোঁ আপোনা আপুনি ভাৱে ওলাই অহা শব্দটোৱে আছিল  ‘অভূতপূৰ্ব্ব’ !’সঁচাই বৰ সৰল মনৰ মানুহ আছিল তেওঁ’, ’ভূপেন হাজৰিকাৰ পিছত এনেধৰণৰ পৰিৱেশ পুনৰবাৰ সৃষ্টি হ’ল অসমত’,’মানুহজনৰ দুৰ্নীতি নাছিল’-ৰুক্মিনীগাঁৱৰ গীৰ্জাত সমবেত হোৱা মানুহবোৰৰ মুখত কেৱল এইয়াই কথা ! সেই একেই পৰিৱেশ আৰু একে কেইটা বাক্যই প্ৰতিধ্বনিত হ’ল ক্ৰমে গণেশগুৰি উৰণীয়া সেঁতুৰ ওচৰত,জুৰ’ডৰ নামঘৰৰ সন্মুখত,আমবাৰীৰ বুঢ়া মছজিদ,উগ্ৰতাৰা মন্দিৰ,লতাশিল খেলপথাৰ আৰু শেষত গৈ তেওঁৰ অন্তিম লক্ষ্যস্থান নৱগ্ৰহ শ্মশানতো ! বিশাল ব্যক্তিত্বৰ এই মানুহজনে মানৱী কায়া এৰি   বিগত ২৩ নৱেম্বৰৰ বিয়লি ৫ বাজি ৩৪ মিনিটত এই ধৰাৰ সকলো মায়া মোহ এৰি গুছি গ’ল ৷ সমগ্ৰ অসমবাসীক শোকসাগৰত পেলাই অজান দেশলৈ গুছি গ’ল তৰুণ গগৈ ৷

আজি সমগ্ৰ দেশত চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰা হৈছিল যদিও গুৱাহাটীত ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল ৷ সমগ্ৰ মহানগৰীৰ অলিয়ে গলিয়ে কেৱল মানুহৰ সোঁত বোৱা দেখা গ’ল ৷ নাম প্ৰকাশত অনিচ্ছুক কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী এগৰাকীয়ে তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি কয় ‘  ২০২৪ চনত  মোৰ অৱসৰৰ দিন আছে ৷ আগতে আমি  বিভাগীয় ৰিভিউ মিটিঙৰ বাবে দিছপুৰলৈ আহিব লগা হৈছিল ৷ তেতিয়া তৰুণ গগৈ ছাৰক লগ পাইছিলোঁ ৷ জীৱনত আমি ইমান সহজ সৰল ৰাজনীতিক দেখা নাই ৷ ছাৰৰ প্ৰথম চাৰে তেৰ বছৰীয়া কাৰ্যকালত যথেষ্ট উন্নয়ন হৈছিল ৷ পিছৰ ডেৰ বছৰ হিমন্ত বিশ্ব শৰ্মাই বিসম্বাদ কৰা বাবে উন্নয়ন স্তব্ধ হৈছিল ৷ ছাৰক যেতিয়া তেওঁ এসময়ত ৰাজনীতিৰ পথাৰলৈ অনা মানুহবোৰে উপলুঙাসূচক মন্তব্য কৰে আমাৰ খুব খং উঠে ৷ আজি কাৰ্যালয়লৈ যোৱাৰ পৰিবৰ্তে মই ইয়ালৈ আহিছোঁ শেষবাৰৰ বাবে এবাৰ চাবলৈ ৷”

সচিবালয়ৰ বিত্ত বিভাগৰ কৰ্মচাৰী এজনে কয়” আপুনি মোৰ নাম নিদিব,মানুহবোৰ আজিকালি বৰ আক্ৰোশী ৷ সঁচা ক’বলৈ ভয় হ’ল,আমি ছাৰক বহুত ভাল পাইছিলোঁ ৷ কিন্তু আজিকালি তেখেত ভাল আছিল বুলি ক’লে কংগ্ৰেছী বুুলি এটা লেবেল লগাই দিয়ে ৷ সেয়ে ছাৰক ভাল পালেও ,আমি সেই দিনবোৰ মিছ কৰিলও খুলি ক’ব নোৱাৰোঁ৷এনেকুৱা নেতা আৰু নোলাব ৷ আজিকালি নেতাই কপালত ফোঁট লৈ নিজক পবিত্ৰ ভাৱাদৰ্শৰ বুলি বুজাব খোজে,ছাৰক কোনো দিনে ফোঁট লোৱা নেদেখিলোঁ,কিন্তু আজি জনসমাগম দেখিলেই গম পায় তেওঁ কিমান পবিত্ৰ মনৰ গৰাকী আছিল ৷”

পুৱাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বাসভৱনত উপস্থিত হোৱা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে কয়”গগৈয়ে চুকাফা,ৰূদ্ৰ সিংহৰ আদৰ্শ অনুকৰণ কৰিছিল,সেয়ে হয়তো তেওঁ সকলোকে একেডাল এনাজৰীৰে বান্ধিব বিচাৰিছিল,প্ৰফুল্ল কুমাৰ মহন্তহঁতৰ দিনত কি চৰকাৰ,কেনেধৰণৰ সন্ত্ৰাস চলিছিল সকলোৰে মনত আছে ৷ সেয়ে মই গগৈক আধুনিক যুগৰ ৰূদ্ৰ সিংহ আখ্যা দিম ৷”

আনহাতে,উগ্ৰতাৰা পৰিচালনা সমিতিৰ  সদস্য কৈলাস শৰ্মাই কয়” উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল আহোম ৰজাই ৷ সেয়ে  প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্দিৰৰ ওপৰত গভীৰ আস্থা ৰাখিছিল বুলি আমাৰ ধাৰণা ৷ প্ৰতি বছৰে দুৰ্গা পূজাত তেওঁ আহিছিল,এইবাৰ ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে তেওঁ অষ্টমী দিনা পুত্ৰ গৌৰৱক পঠিয়াইছিল ৷”উল্লেখ্য যে সম্পূৰ্ণ আহোম পৰম্পৰাৰে আজি শ্মশানত মৃতদেহ শুদ্ধি কৰা হয় ৷ আহোমৰ বাইলুং আৰু  আহোমৰ পুৰোহিতৰ উপস্থিতিত এই কাৰ্য সম্পাদন কৰা হয় ৷