সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / জীৱনৰ মায়া এৰি গুছি গ’ল গগৈ ,থৈ গ’ল সময় বালিত খোজ

জীৱনৰ মায়া এৰি গুছি গ’ল গগৈ ,থৈ গ’ল সময় বালিত খোজ

হাড়েহিমজুৱে তিতাবৰক ভালপোৱা মানুহজন গ’লগৈ,কেতিয়াও ঘূৰি নহাৰ বাটেৰে৷এই প্ৰতিবেদন যুগুতাইছে পাৰ্থ প্ৰতীম হাজৰিকা আৰু মনালিছা গগৈয়ে

গুৱাহাটী, ২৬নৱেম্বৰ : নবগ্ৰহৰ চিতাৰ কাষত নিশব্দে পৰি ৰ’ল চিৰসেউজ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ ৷ সহস্ৰ লোকৰ আগমন তথাপিও নাই কোলাহল ,সকলোৰে চকুৰে বৈছে মাথোঁ চকুলো ৷ সকলোৰে মুখত এটাই কথা ‘ৰাজনীতিৰ উৰ্ধত তেখেতৰ মানবতা’ ৷

ৰাজ্যৰ আন প্ৰান্তৰ দৰেই আহিল কেইবা শতাধিক মানুহ নিজ সমষ্টি তিতাবৰৰ পৰা ৷ আপোন মানুহজনক অন্তিম বাৰৰ বাবে এটি সেৱা জনোৱাৰ হাবিয়াস তেওঁলোকৰ ৷ বৃদ্ধৰ পৰা কণমাণিটোলৈ সকলোৱে মাথোঁ অপেক্ষা কৰিছে তেওঁলোকৰ মৰমৰ মানুহজনলৈ৷ লোকে লোকাৰণ্য হৈ পৰিছিল নৱগ্ৰহ শ্মশাস তথা সমগ্ৰ শিলপুখুৰী অঞ্চল৷কোনোবা মহানগৰীৰে ,কোনোবা আকৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে !কিন্তু আমাৰ লক্ষ্য কেৱল তিতাবৰৰ লোক ! প্ৰশাসনৰ ফালৰ পৰাও তিতাবৰবাসীৰ বাবে আছুতীয়াকৈ ৰখা হৈছিল আসন ৷ কাৰণ তিতাবৰক ভাল পাইছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে,শয়নে সপোনে তিতাবৰলৈ যোৱাৰ কথা ভাবিছিল,আনকি ৰোগশয্যাৰ পৰা দিয়া শেষ বাৰ্তাটোতো তেওঁক তিতাবৰবাসীৰ মৰমে আমনি কৰিছিল৷তেওঁৰ অতিকৈ ঘনিষ্ঠ ,এসময়ৰ বিশেষ কৰ্তব্যৰত বিষয়া বিপুুুল গগৈয়ে কয়”ছাৰে জিএমচিত চিকিৎসাধীন হৈ থকা অৱস্থাটো মোক বাৰে বাৰে তিতাবৰৰ কথা সুধিছিল,মোক যাবলৈ কৈছিল,ৰকিবুল হুছেইনকো তালৈ যাবলৈ কৈছিল ৷ এদিন মোক সুধিছিল আজি কি তাৰিখ,মই যেতিয়া তাৰিখটো জনালোঁ তেওঁক মোক তিতাবৰ যোৱাৰ কথা কৈছিল ৷’’

২১ জাই টোপৰ শব্দতকৈ যেন অধিক তীব্ৰ আছিল অজানিতে বুকুত জ্বলা সেই অগনি ৷ কথা পতাৰ কোনো অৱকাশ নাছিল যদিও তিতাবৰ পৰা অহা মাধৱী নামৰ আইতায়ে চকুলো টুকি কৈ গ’ল তেখেতৰ সান্নিধ্যৰ কথা ,“মুখ্যমন্ত্ৰী হৈও তেখেতৰ নাছিল কোনো অহংকাৰ ৷ একেবাৰে সাধাৰণ ভাবেই তেওঁ আমাৰ লগত  ভাৱৰ আদান প্ৰদান কৰিছিল৷ বিপদে আপদে আমাৰ ওচৰত থিয় দিছিল এজন অভিভাৱক হিচাপে ৷সৰল আৰু অকৃত্ৰিম হাঁহিৰ মানুহজন এনেদৰে নাইকীয়া হ’ব বুলি এই মহুুৰ্ততো বিশ্বাস কৰিব পৰা নাই ৷ এনে লাগে এতিয়াও যেন তেওঁ চকু মেলিব ,পুনৰ আগৰ দৰেই ঘূৰি আহিব আমাৰ মাজলৈ ৷”

তিতাবৰৰ ৰাতুল বৰুৱা নামৰ এজন যুবকে ক’লে ,“২০০১ চনৰ আগৰ সময়খিনিৰ লগত  যদিহে  বৰ্তমানৰ তিতাবৰক তুলনা কৰা হয় তেনেহ’লে যি আকাশ পাতাল পাৰ্থক্য পৰিলক্ষিত হ’ব  আৰু তাৰ আঁৰৰ ব্যক্তি জনেই হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰক প্ৰতিনিধিত্ব কৰা তৰুণ গগৈ ৷ এই সময়ত তেওঁৰ বিদেহ আত্মাৰ সৎগতি কামনাৰ কৰাৰ  বাহিৰে ক’বলৈ আৰু বিশেষ একো নাই ৷”

সুদূৰ তিতাবৰৰ পৰা  অহা গায়ত্ৰী গগৈয়ে কয় “তিতাবৰৰ বাবে তেওঁ আছিল এজন পথ প্ৰদৰ্শক ৷ সৰলতাৰ বাবেই আন ৰাজনীতিবিদতকৈ তেখেত পৃথক ৷ সকলোকে দেখিলে মাত দিয়াটো তেওঁৰ অন্য এক ধনাত্মক দিশ ৷তেওঁ তিতাবৰবাসীৰ ইমানেই  ঘনিষ্ঠ আছিল যে তেওঁ  কি খাই ভাল পায় সেইয়া ভালদৰে জানিছিল তিতাবৰবাসীয়ে ৷”

যদিও তিতাবৰৰ বাবে প্ৰশাসনে এশ আসন সংৰক্ষিত কৰি ৰাখিছিল,বহু হাজাৰ লোক আহিছিল তিতাবৰৰ পৰা ৷কোনোবাই ব্যক্তিগতভাৱে,কোনোবাই সমজুৱা ভাৱে ,কোনোবা আহিছিল বিগত সপ্তাহতেই ৷ ৰন্টু গগৈ নামৰ তিতাবৰৰ যুৱকজনে ক’লে ” আমাৰ তিতাবৰখন কিবা শূন্য হৈ পৰিল ৷ সকলো ফালেই এক উকা আৰু গোমা পৰিৱেশ ৷ মৃত্যুৰ পিছৰ দিন কেইটাত তেওঁ নশ্বৰ দেহেও যেন আমাক তেওঁ থকাৰে উমান দিছিল,কিন্তু এতিয়া তেওঁ পঞ্চভূতত বিলীন হৈ গ’ল,এতিয়া তেওঁৰ কায়িক উপস্থিতি আমাৰ মাজত নাই,কিন্তু তেওঁ আমাৰ সকলোৰে অন্তৰ আত্মাত চিৰদিন থাকিব!”মৰম দিলেহে মৰম পায়৷অলপো গপ,ভেম নোহোৱাকৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে তেওঁ আকোঁৱালি লৈ আগবাঢ়িছিল ৷ তেওঁলোকৰ সমস্যাবোৰ নিজৰ সমস্যাৰ দৰে অনুধাৱন কৰিছিল,সেয়ে তেওঁ ক্ষীপ্ৰতাৰে সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হৈছিল ৷