বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰাপ্তবয়স্কৰ বিবাহত বাধা নাই

প্ৰাপ্তবয়স্কৰ বিবাহত বাধা নাই

ধৰ্ম,জাতিৰ দোহাই দি বিবাহ বন্ধ কৰিব নোৱাৰিব

নতুন দিল্লী, ২৬ নৱেম্বৰ : দিল্লী উচ্চ ন্যায়ালয়ে এগৰাকী মহিলাৰ বিবাহক লৈ তেওঁৰ পিতৃ মাতৃ অসন্তুষ্ট হোৱাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰি তেওঁলোকক পৰামৰ্শ দিয়াৰ বাবে দিল্লী আৰক্ষীক  নিৰ্দেশ প্ৰদান কৰিছে ।

“আৰক্ষী কৰ্তৃপক্ষই আবেদনকাৰী আৰু সুলেখাৰ পিতৃ-মাতৃক আইন নিজৰ হাতত তুলি নল’বলৈ বা সুলেখা আৰু বাবলুক হুমকি নিদিবলৈ পৰামৰ্শ প্ৰদান কৰিব,” বিচাৰপীঠে জনায়।

“সুলেখাই বাবলুৰ সৈতে থকা ঠাইখনৰ আৰক্ষী থানাৰ কনিষ্টবলৰ ম’বাইল ফোন নম্বৰ সুলেখা আৰু বাবলু দুয়োকে প্ৰদান কৰিব লাগে যাতে তেওঁলোকে প্ৰয়োজন হ’লে আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে,” ন্যায়াধীশ বিপিন সংঘী আৰু ৰাজনিশ ভটনাগৰৰ সভাপতিত্বত উচ্চ ন্যায়ালয়ৰ এখন ডিভিজন বেঞ্চে কয়।

ডিভিজন বেঞ্চখনে পাৰবীন নামৰ এগৰাকী মহিলাই তেওঁৰ ভনী সুলেখা এইবছৰৰ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ থকা বুলি অভিযোগ তুলি দাখিল কৰা হেবিয়াচ কৰ্পাছ আবেদনৰ শুনানি গ্ৰহণ কৰোঁতে এই বিষয়ে কয়।

পাৰবীনে তেওঁৰ পৰামৰ্শদাতা শাৰদ মলহোত্ৰাৰ যোগেৰে এই ঘটনাত বাবলু নামৰ এজন লোক জড়িত থাকিব পাৰে বুলি অভিযোগ দাখিল কৰিছিল।

কিন্তু সুলেখাক আৰক্ষীয়ে সন্ধান ওলিয়াই আদালতত হাজিৰ কৰোৱাৰ পিছত পোহৰলৈ আহে যে তেওঁ নিজৰ ইচ্ছাৰে বাবলুৰ সৈতে গৈছিল আৰু পিছত তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।

দিল্লী আৰক্ষীয়ে ইয়াৰ পৰামৰ্শদাতাৰ মাধ্যমেৰে আদালতক অৱগত কৰিছিল যে মহিলাগৰাকী সন্ধানহীন হোৱা দিনা তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক আছিল। এই তথ্য‌ৰ আধাৰত বেঞ্চখনে কৈছিল, “প্ৰাপ্তবয়স্ক হিচাপে সুলেখাই য’ত বিচাৰে আৰু যাৰ সৈতে বিচাৰে থাকিব পাৰে।” (IANS)