বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বন্ধ হ’ল কিন্তু আংশিক

বন্ধ হ’ল কিন্তু আংশিক

দেশজুৰি হোৱা ধৰ্মঘটৰ উত্তৰ পূৰ্বৰ মিশ্ৰিত প্ৰভাৱ

গুৱাহাটী/আগৰতলা,২৬ নৱেম্বৰ – বৃহস্পতিবাৰে দহটা কেন্দ্ৰীয় বাণিজ্য সন্থাৰ দ্বাৰা দেশজুৰি ২৪ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু  উত্তৰ পূবৰ ৰাজ্য সমূহত ইয়াৰ মিশ্ৰিত প্ৰভাৱ পৰিছে। উত্তৰ পূৰ্বাঞ্চলত  বেংকৰ সকলো কাম  ক্ষতিগ্ৰস্ত হৈছিল কাৰণ বেছিভাগ বেংকৰ কৰ্মচাৰীয়েই এই বন্ধৰ প্ৰতি সমৰ্থন জনাইছিল।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰে’লসেৱা আৰু বিমান সেৱা বন্ধৰ বাবে বাতিল কৰা হৈছিল।

অসমত বিজেপি শাসনত থকা বাবে বজাৰ, দোকান, আৰু ব্যৱসায় প্ৰতিষ্ঠান সমূহ বহু ঠাইত খোলা হৈছিল যদিও ৰাজ্যৰ কিছু প্ৰান্তত খোলা নাছিল বিশেষকৈ অসমৰ বৰাক উপত্যকাত। অৱশ্যে কিছু অঞ্চলৰ ৰাজপথত কিছুসংখ্যক যানবাহন দেখা গৈছিল। প্ৰায়ভাগ চৰকাৰী কাৰ্যালয়তে স্বাভাৱিক কায কাজ চলিছিল যদিও কৰ্মচাৰীৰ উপস্থিতিৰ সংখ্যা আছিল কম ৷ 

ব্যৱসায়ী সংগঠনৰ নেতা  বিশ্বজিত ঘটাকে কয় যে গুৱাহাটীক বাদ দি অসমৰ বেছিভাগ ঠাইত সম্পূৰ্ণ আৰু স্বতঃস্ফূত বন্ধ পালিত হৈছিল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম যাত্ৰাৰ বাবে গুৱাহাটীত বন্ধ শিথিল কৰা হৈছিল।

বিজেপি শাসিত  ত্ৰিপুৰাত , দোকান পোহৰ আৰু বিপণি সমূহ কিছুমান ঠাইত বন্ধ আছিল যদিও কিছু কিছু অঞ্চলত  খুব কম সংখ্যক  দোকান  খোলা দেখা পোৱা গৈছিল। 

কিছু উদণ্ড লোকে আগৰতলাত অৱস্থিত ভাৰতৰ কমিউনিষ্ট পাৰ্টি, ভাৰতীয় বাণিজ্য সন্থাৰ কেন্দ্ৰ, ভাৰতৰ সমাজবাদী সমন্বয় কেন্দ্ৰৰ মুখ্য কাৰ্যালয় আৰু লগতে কমিউনিষ্ট পাৰ্টি মাৰ্ক্সিষ্টৰ  কাৰ্যালয়ত আক্ৰমণ কৰে আৰু লগতে ত্ৰিপুৰাৰ বিভিন্ন ঠাইত উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি কৰে ৷

চিটুৰ ত্ৰিপুৰা ইউনিটৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী মাণিক দেই  জনাই যে শাসনধিষ্ঠ বিজেপি সমৰ্থকে আগৰতলাৰ চিটুৰ কাৰ্য্যালয়ত আক্ৰমণ কৰিছিল আৰু প্ৰশাসনৰ সন্মুখতে এই ধ্বংসাত্মক কাৰ্য সংঘটিত কৰিছিল । (IANS)