বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / মিত্ৰতাই ডুবাব নে উঠাব কংগ্ৰেছক ?

মিত্ৰতাই ডুবাব নে উঠাব কংগ্ৰেছক ?

পশ্চিমবংগৰ নিৰ্বাচনী ৰণকৌশল তৈয়াৰৰ বাবে ৰাহুল বহিব দলীয় সতীৰ্থৰ লগত

নতুন দিল্লী, ২৬ নবেম্বৰ : আগন্তুক পশ্চিম বংগ বিধান সভাৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা দেখা গৈছে। এই সংক্ৰান্তত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে শুক্ৰবাৰে ৰাজ্যখনত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে দলীয় কাৰ্যপন্থা তথা কৌশলৰ বিষয়ে পৰ্যালোচনা কৰিব। এই পৰ্যালোচনা বৈঠকত  ৰাজ্যখনত কংগ্ৰেছে সম মনোভাবাপন্ন বিভিন্ন ৰাষ্ট্ৰীয় তথা আঞ্চলিক দলৰ লগত মিত্ৰতা কৰা হ’ব নে নহ’ব,সেই বিষয়ে এক চূড়ান্ত

সিদ্ধান্ত ল’ব ৷ এই বৈঠকত পশ্চিমবংগৰ দায়িত্বত থকা দলৰ ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ প্ৰসাদ ,কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অধিৰঞ্জন চৌধুৰী আৰু কংগ্ৰেছৰ বিধায়নী দলৰ নেতা আব্দুল মান্নাম উপস্থিত থাকিব।উল্লেখযোগ্য যে কেইদিনমান আগতে মান্নামক ক’ভিড পজিটিভ পোৱা গৈছিল আৰু সেয়ে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই বৈঠক ভাৰ্চুৱেলি অনুষ্ঠিত কৰা হ’ব ৷ আগন্তুক বছৰৰ প্ৰথম ভাগতে ২৯৪ জনীয়া পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত পশ্চিম বংগৰ শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছে তেওঁলোকৰ দলৰ চৰকাৰ পুনৰ ক্ষমতালৈ আনিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা পৰিলক্ষিত হৈছে। কিন্তু একে সময়তে বিৰোধী দল কংগ্ৰেছেও খোপনি পুতিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২০১৬ চনত কংগ্ৰেছ দলে বাওঁপন্থী দলসমূহৰ লগত মিত্ৰতাৰে ৰাজ্যখনৰ নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু ৪৪ খন আসন দখলেৰে ৰাজ্যখনত দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে স্বীকৃতি লাভ কৰিছিল। কিন্তু পিছত দলটোৰ প্ৰায় আধা সংখ্যক বিধায়কে তৃণমূল কংগ্রেছত যোগদান কৰে। আনহাতে এইবাৰ কংগ্ৰেছ দলে বিজেপিৰ পৰাও প্ৰত্যহ্বানৰ সন্মুখীন হৈছে। ২০১৯ চনত বিজেপি দলে ১৮ খন লোকসভাৰ আসন দখল কৰি ৰাজ্য খনত দৃঢ় খোপনি পুতিবলৈ সক্ষম হৈছে।কংগ্ৰেছ এতিয়া বিমোৰত পৰিছে যে আগন্তুক নিৰ্বাচনী মিত্ৰতা বাওঁপন্থী দলসমুহৰ লগত কৰিব নে তৃণমূল কংগ্ৰেছৰ লগত কৰিব ?

দলটোৰ নেতা সকলে বাওঁপন্থীৰ দলসমূহৰ লগত আলোচনা চলাই আছে যদিও সদ্যহতে কোনো সঠিক সিদ্ধান্তলৈ অহা নাই। দলটোৰ দুজন জ্যেষ্ঠ নেতা অধীৰঞ্জন চৌধুৰী আৰু দীপা দাস মুঞ্চিয়ে তৃণমুল কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ঘোৰ বিৰোধ কৰিছে। আনহাতে কংগ্ৰেছ বিধায়নী দলৰ বহুসংখ্যক নেতা আৰু কিছু সংখ্যক বিধায়ক তৃণমূল কংগ্ৰেছৰে মিত্ৰতাৰ প্ৰতি আগ্ৰহী যদিহে এই মিত্ৰতা কংগ্ৰেছ দলৰ বাবে লাভজনক হয় ।ৰাজ্যখনত দলীয় নেতাসকলে এনে দোদুল্যমান অৱস্থাত মিত্ৰতাৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত লবলৈ কেন্দ্ৰীয় নেতৃবৰ্গক আহ্বান জনাইছে। ইতিমধ্যে  যোৱা ২৩ নবেম্বৰত কংগ্ৰেছ দলে বাওঁপন্থী দলৰ সৈতে এক যৌথ শোভাযাত্ৰাৰো আয়োজন কৰিছিল। ২৯৪ জনীয়া পশ্চিমবংগ বিধান সভাৰ প্ৰায় ৯০ টা সমষ্টিত যথেষ্ট সংখ্যক মুছলিম ভোটাৰ আছে আৰু এই সকল ভোটাৰে নিৰ্বাচনত যথেষ্ট  নিৰ্ণায়ক ভূমিকা লোৱা দেখা গৈছে। উল্লেখ্য যে শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছ আৰু বিৰোধী  কংগ্ৰেছে এতিয়া মুছলমান জনগোষ্ঠীৰ দলে আই এম আই এমৰ বাবে যথেষ্ট দুঃচিন্তাৰ সন্মুখীন হৈছে।কাৰণ যদি এ আই এম আই এমে পশ্চিম বংগৰ বিধান সভা নিৰ্বাচনত অংশগ্ৰহণ কৰে,তেনেহলে বিহাৰৰ দৰে এই দলটোৱে সংখ্যালঘুৰ ভোট বিভাজন কৰি শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী পক্ষ কংগ্রেছৰ বাবে এক ডাঙৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিব ৷ এই দলে ইতিমধ্যে বিহাৰত পৰোক্ষভাৱে বিজেপিক সহায় কৰিলে বুলি বিভিন্ন অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ অধীৰঞ্জন চৌধুৰীয়ে পোনপটীয়াকৈ অভিযোগ কৰে যে এ আই এম আই এমৰ নেতা ওৱেছিয়ে প্ৰত্যক্ষ ভাবে বিজেপিক সহায় কৰিছে। আনহাতে ওৱেছিয়ে এই অভিযোগ খণ্ডন কৰি কয় যে তেওঁৰ দলে  নিৰ্বাচনী নীতি  অনুসৰি বিহাৰত নিৰ্বাচনী যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু আগন্তুক নিৰ্বাচনত দলে যতে উচিত বিবেচনা কৰে, তাতেই নিৰ্বাচনী যুদ্ধত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে পশ্চিমবংগৰ মুঠ ভোটাৰৰ ২৭ শতাংশ মুছলমান জনগোষ্ঠীৰ লোক আৰু  বিগত দিনসমূহত তেওঁলোকে সাধাৰণতে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সপক্ষতে থকা দেখা গৈছিল। যদি এতিয়া সংখ্যালঘু মুছলমানৰ ভোট বিভাজন হয় , তেনেহলে তাৰপৰা লাভ হোৱা একমাত্ৰ দল টোৱেই হ’ব বিজেপি। পশ্চিমবংগৰ বিভিন্ন জিলা যেনে- মুৰ্ছিদাবাদ,মালদা,নৰ্থ দিনাজপুৰৰ পঞ্চাশ শতাংশতকৈ বেছি ভোটাৰ মুছলমান জনগোষ্ঠীৰ লোক৷ আনহাতে বীৰভূম, নৰ্থ আৰু ছাউথ ২৪ পৰাগনা ,হাওৰাৰ  প্ৰায় ২৫ শতাংশ ভোটদাতা মুছলমান সম্প্ৰদায়ৰ লোক ।আগন্তুক দিনসমূহত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী অংকত শেষ হাঁহি কোনে মাৰিব সেইটো লক্ষণীয় হব ৷ (IANS)