শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / ‘লাভ জিহাদ’ত কম্পিত সমগ্ৰ দেশ !

‘লাভ জিহাদ’ত কম্পিত সমগ্ৰ দেশ !

চিদাম্বৰমৰ দ্বাৰা প্ৰস্তাৱিত 'লাভ জিহাদ' আইনৰ তীব্ৰ বিৰোধিতা

নতুন দিল্লী,২৬ নৱেম্বৰ : বিজেপি শাসিত ৰাজ্যসমুহৰ দ্বাৰা প্ৰস্তাৱিত ‘লাভ জিহাদ’ আইনক পূৰ্বৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী পি চিদাম্বৰমে তীব্ৰ বিৰোধিতা কৰিছে ৷ এই আইন অসাংবিধানিক,মিথ্যাচাৰৰ ভৰাঁল তথা অসৎ অভিপ্ৰায়েৰে পূৰ্ণ বুলি পূৰ্বৰ গৃহ মন্ত্ৰীজনে মন্তব্য কৰিছে ৷ তাৰোপৰি এই আইনে সমাজৰ একাংশ সংখ্যাগৰিষ্ঠ লোকক তোষামোদ কৰাৰ বাবেহে প্ৰযোজ্য কৰিবলৈ বিচৰা হৈছে বুলিও তেওঁ ব্যক্ত কৰে৷IANSৰ লগত হোৱা এক সাক্ষাৎকাৰত চিদাম্বৰমে মত প্ৰকাশ কৰে যে আদালতৰ মজিয়াত প্ৰস্তাৱিত এই আইনখন অবৈধ বুলি এইবাবেই ঘোষিত হ’ব কাৰণ এই আইনে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত বিবাহ সম্পাদন কৰা কাৰ্যক ইতিমধ্যেই স্বীকৃতি প্ৰদান কৰি থৈছে ৷ আনহাতে বিশ্বৰ বিভিন্ন দেশে আনকি ভিন্ন সম্প্ৰদায় তথা ধৰ্মৰ ব্যক্তিৰ মাজৰ বৈবাহিক সম্পৰ্কক উৎসাহিত কৰাৰ লগতে সমৰ্থন কৰে ৷ উল্লেখযোগ্য যে যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে ইতিমধ্যেই এই সংক্ৰান্তত অধিসূচনা জাৰি কৰাৰ কথা ঘোষণা কৰিছে ৷ অনান্য বিজেপিশাসিত ৰাজ্যসমূহেও একেধৰণৰ চিন্তা কৰিছে ৷

আনহাতে প্ৰস্তাৱিত এই আইনৰ সপক্ষে একাংশই ক’ব খোজে যে দেশত মুছলমান যুবকে নিজৰ ধৰ্মীয় পৰিচয় গোপনে ৰাখি হিন্দু ধৰ্মৰ ছোৱালীক বিয়া কৰাৰ ঘটনা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এনে কঠোৰ আইনৰ প্ৰয়োজন হৈছে ৷ কানপুৰ তথা মিৰাটত এনে বহুত ঘটনা পোহৰলৈ আহিছে ৷ আৰএছএছৰ প্ৰধান মোহন ভাগবতে তেওঁৰ দুদিনীয়া লক্ষ্ণৌ ভ্ৰমণৰ সময়তো ধৰ্মান্তৰকৰণৰ এই বিষয়টো উথাপন কৰিছিল ৷

বিভিন্ন ৰাজ্যত  ইতিমধ্যে বলবৎ হৈ থকা ধৰ্মান্তৰকৰণৰ বিৰোধী আইনে বলপূৰ্ৱকভাৱে বা মিছা প্ৰলোভনৰে এজন ব্যক্তিৰ ধৰ্ম পৰিৱৰ্তন কৰা কাৰ্যক অপৰাধ বুলি গণ্য কৰে৷সদ্যহতে অৰুণাচল প্ৰদেশ,উৰিষ্যা,মধ্য প্ৰদেশ, ছত্তিশগড়,গুজৰাট,হিমাচল প্ৰদেশ,ঝাৰখাণ্ড তথা উত্তৰাখণ্ডত এই আইন প্ৰযোজ্য হৈ আছে ৷ উৰিষ্যাই ১৯৬৭ চনত পোনপ্ৰথমে এই আইন বলবৎ কৰাৰ পিছত ১৯৬৮ চনত মধ্য প্ৰদেশ চৰকাৰেও এই আইন বলবৎ কৰিছিল ৷ (IANS)