মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘সুখৰ’ দিনবোৰ উকলিল দুৰ্নীতিগ্ৰস্তৰ

‘সুখৰ’ দিনবোৰ উকলিল দুৰ্নীতিগ্ৰস্তৰ

দেশৰ বিভিন্ন অংশত চি বি আইৰ তালাচী

নতুন দিল্লী, ২৬ নবেম্বৰ — কেন্দ্ৰীয় অনুসন্ধান বিভাগে বুধবাৰে বিহাৰ ,তামিলনাডু আৰু কেৰেলাৰ বিভিন্ন অংশত আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তি আৰু দুৰ্নীতিৰ অভিযোগত  কেইবাজনো উচ্চপদস্থ চৰকাৰী বিষয়াৰ বিৰুদ্ধে অভিযান চলায় আৰু এই অভিযানত প্রায় ১.০৭ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই অভিযান ৰেল বিভাগৰ এজন মুখ্য অভিযন্তা ,ইণ্ডিয়া ট্যুৰিজিমৰ সহকাৰী সঞ্চালককে ধৰি অন্যান্য কিছুসংখ্যক উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে চলোৱা হৈছিল। এই সংক্ৰান্তত চিবিআইৰ এজন উচ্চপদস্থ বিষয়াই কয় যে বিহাৰৰ হাজীপুৰত কৰ্মৰত ৰেলুৱৈৰ মুখ্য অভিযন্তাৰ বিৰুদ্ধে আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তি আহৰণ কৰাৰ এক অভিযোগ দাখিল কৰা হৈছিল। এই গোচৰ ২০০৯ চনৰ জানুৱাৰীৰ পৰা ২০২০চনৰ অক্টোবৰ মাহলৈকে ৰাবিশ কুমাৰে ৰেলবিভাগত মুখ্য অভিযন্তাৰ পদত কৰ্মৰত অৱস্থাত অবৈধভাৱে আহৰণ কৰা সা- সম্পত্তিৰ অনুসন্ধানৰ বাবে কৰা হৈছিল। তাৰোপৰি এই সংক্ৰান্তত দাখিল কৰা এফআইআৰত উল্লেখ কৰা হৈছিল যে বিষয়াজনে উক্ত সময়খিনিত তেওঁৰ বেতনৰ পৰা ১.০৪ কোটি টকা উপাৰ্জন কৰিছিল আৰু তেওঁৰ পৰিবাৰে একে সময়তে  ৪০ লাখ টকা উপাৰ্জন কৰিছিল।আনহাতে উক্ত সময় খিনিত ৰবিশ কুমাৰৰ মুঠ ব্যয় আছিল ১.৪৭ লাখ টকা আৰু সেই অনুসাৰে তেওঁৰ  সঞ্চিত ধন হব লাগিছিল ৭৪.৫৯ লাখ টকা। কিন্তু উক্ত সময় খিনিত বিষয়াজনে  অবৈধভাৱে  স্থাৱৰ অস্থাৱৰ সম্পত্তি ক্ৰয় কৰিছিল আৰু এই সম্পত্তিৰ মূল্য আছিল প্ৰায় ৩.৪ কোটি টকা। তাৰোপৰি ৰবিশ কুমাৰৰ সম্পত্তিৰ মূল্য প্ৰায় ২.৬৪ কোটি টকা বুলি অনুমান কৰা হৈছিল যি তেওঁৰ উপাৰ্জনৰ ১৮৩ শতাংশ হয়। গতিকে তেওঁৰ বিৰুদ্ধে চি বি আইৰ অনুসন্ধান আৰম্ভ হৈছে বুলি বিভাগীয় বিষয়াজনে উল্লেখ কৰে। আনহাতে , দেশৰ বিভিন্ন অংশত চলা কেন্দ্ৰীয় অনুসন্ধান বিভাগৰ এই তালাচীত ৭৪ লাখ টকা নগদ ধন ,১৫ টা বিভিন্ন  বিনিয়োগকাৰী প্ৰতিষ্ঠানত  বিনিয়োগ কৰাৰ প্ৰমাণ পত্ৰ, আ- অলংকাৰ আৰু বেংকৰ বিভিন্ন জমা ধনৰ নথি পত্ৰ জব্দ কৰা হয়।ইয়াৰ ওপৰি ইণ্ডিয়া ট্যুৰিজিমৰ তামিলনাডুৰ চেন্নাইত কৰ্মৰত সহকাৰী সঞ্চালক এছ ৰামকৃষ্ণৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। ইণ্ডিয়া ট্যুৰিজিমৰ এই উচ্চপদস্থ বিষয়াজনে বিভাগটোৰ আঞ্চলিক সঞ্চালকৰ সহযোগত বিভিন্ন হোটেলত শ্ৰেণী বিভাজন বা অনুজ্ঞা পত্ৰ প্ৰদান কৰাৰ সময়ত বেনামী ভাবে ধন উপাৰ্জন কৰাৰ আৰু দুৰ্নীতিত লিপ্ত হোৱাৰ যথেষ্ট প্ৰমাণ পোৱা গৈছে। চি বি আইৰ বিষয়াজনে উল্লেখ কৰে যে অনুসন্ধানকাৰী সংস্থাটোৰ ওচৰত আগতীয়াকৈ তথ্য আছিল যে এছ ৰামকৃষ্ণনে মাদুৰাই জিলাৰ পালানি অঞ্চললৈ গৈ  প্ৰায় ৭ লাখ টকাৰ উপঢৌকন গ্ৰহণ কৰিব আৰু পালানিলৈ যোৱাৰ পথতে বিষয়াজনক চি বি আইৰ দলে আটক কৰে। এইদৰে দেশৰ বিভিন্ন অংশত চিবিআয়ে দুৰ্নীতিত লিপ্ত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিষয়াৰ বিৰুদ্ধে অভিযান  তীব্রতৰ কৰি তোলা পৰিলক্ষিত হৈছে । (IANS)