মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / আকৌ লকডাউনৰ দিশে দিল্লী !

আকৌ লকডাউনৰ দিশে দিল্লী !

দিল্লী চৰকাৰে পুনৰ লকডাউন ঘোষণা কৰিব পাৰে: উচ্চ ন্যায়লয়ত শপত নামা

নতুন দিল্লী, ২৭ নবেম্বৰ — ক’ভিড১৯ সংক্ৰমণৰ তৃতীয়টো ঢৌৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন অংশৰ লগতে বিশেষকৈ দিল্লীত পুনৰ শংকাৰ সৃষ্টি হৈছে। এই সংক্ৰান্তত দিল্লী চৰকাৰে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ক অৱগত কৰে যে পুনৰ সান্ধ্য আইন তথা লকডাউনৰ বিষয়ে চৰকাৰে সক্ৰিয় ভাৱে চিন্তা চৰ্চা কৰি আছে আৰু আগন্তুক দিনত ক’ভিড১৯ সংক্ৰমণৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ  কৰি এই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। দিল্লী চৰকাৰৰ হৈ অধিবক্তা সন্দীপ শেঠী আৰু সত্যকামে দিল্লী উচ্চ ন্যায়ালয়ক এই বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে কিছুদিন আগতে ৰাকেশ মালহোত্ৰাই এক জনস্বাৰ্থজনিত আবেদন দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল যাৰ দ্বাৰা তেওঁ দিল্লীত ক’ভিড১৯ৰ যথেষ্ট সংখ্যক পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিবলৈ অনুৰোধ জনাইছিল। এই জনস্বাৰ্থজনিত আবেদনৰ পৰিপ্ৰেক্ষিতত ন্যায়ধীশ সীমা কহলি আৰু সুব্ৰমণিয়াম প্ৰসাদৰ আদালতে দিল্লী চৰকাৰক জাননী জাৰি কৰিছিল যে তেওঁলোকে সান্ধ্য আইন বা লকডাউনৰ কথা বা অন্যান্য প্ৰতিবন্ধকতাৰ কথা পুনৰ চিন্তা কৰিছে নেকি ? দিল্লী চৰকাৰৰ ফালৰ পৰা  পৰা এই উত্তৰ পোৱাৰ পিছত ন্যায়াধীশদ্বয়ে কয় যে দিল্লীত পুনৰাই সান্ধ্য আইন বলবৎ কৰাৰ এটা সঠিক সিদ্ধান্ত পুনৰাই আহি পৰিছে যাতে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়। অলপো সময় নষ্ট নকৰাকৈ দিল্লী চৰকাৰে আগন্তুক দিনত সঠিক পদক্ষেপ ল’ব বুলি ন্যায়াধীশ দুজনে নিজৰ ৰায়দানত উল্লেখ কৰে। আনহাতে আদালতৰ শুনানিৰ সময়ত ন্যায়ালয়ে দিল্লী চৰকাৰৰ পৰা বিবাহ অনুষ্ঠানত পঞ্চাশ জন ব্যক্তিৰ উপস্থিতি সন্দৰ্ভত আগেয়ে প্ৰদান কৰা ৰায় সম্পৰ্কে তেওঁলোকৰ স্থিতি জানিব বিচাৰে। ইয়াৰ উত্তৰত দিল্লী চৰকাৰৰ হৈ অধিবক্তাই কয় যে ইতিমধ্যে এই সংক্ৰান্তত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু স্থানীয় পুলিচ প্ৰশাসন তথা জিলা প্ৰশাসনৰ সহযোগত এই নিয়ম সঠিক ভাবে পালন কৰা হৈছে ।পৰৱৰ্তী সময়ত  আদালতে দিল্লী চৰকাৰক  আদেশ দিয়ে যে পৰবৰ্তী শুনানিত এই সংক্ৰান্তত চৰকাৰে কিমান অভিযোগ পাইছে আৰু কিমান পৰিদৰ্শন কৰা হৈছে ,তাৰ সঠিক পৰিসংখ্যা আদালতত দাঙি ধৰিব লাগিব। তাৰোপৰি যি সকল লোকে দুৰ্ভাগ্যজনক ভাবে ক’ভিড১৯ ৰ সংক্ৰমণত মৃত্যুবৰণ কৰে তেওঁলোকৰ শ দাহ বা কবৰ দিয়াৰ বাবে যথেষ্ট খালি ঠাই আছে নে নাই বুলিও দিল্লী চৰকাৰৰ পৰা আদালতত উত্তৰ বিচৰা হয় ৷ সদ্যহতে দিল্লীত প্ৰতিদিনে ৩৮০ জন মৃত লোকৰ বাবে শ দাহনৰ ব্যৱস্থা আছে আৰু প্ৰয়োজন হলে এই সংখ্যা বৃদ্ধি কৰিব পৰা যাব বুলিও আদালতৰ মজিয়াত দিল্লী চৰকাৰৰ অধিবক্তাই জানিবলৈ দিয়ে ৷ (IANS)