সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কংগ্ৰেছৰ হাত এখন ছিগিল !

কংগ্ৰেছৰ হাত এখন ছিগিল !

পেটেলৰ মৃত্যুত চিন্তিত ৰাজস্থান কংগ্ৰেছ

জয়পুৰ, ২৭ নবেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমেদ পেটেলৰ মৃত্যুৱে ৰাজস্থানৰ ৰাজনৈতিক অস্থিৰতা মষিমূৰ কৰাৰ বিষয়টোক লৈ পুনৰ কংগ্ৰেছ দলক চিন্তাত পেলাইছে ৷ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটে মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি ৰাজ্যখনত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পিছত দলৰ শীৰ্ষ নেতৃত্বৰ তৰফৰ পৰা কে চি বেণুগোপাল,অজয় মাকেন আৰু আহমেদ পেটেলক বিষয়টো সমাধানৰ বাবে এক কমিটি গঠন কৰি এই ৰাজনৈতিক সংকট দূৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল ৷ কিন্তু পেটেলৰ c মৃত্যুৱে সমগ্ৰ প্ৰক্ৰিয়াটোকেই স্থবিৰ কৰি তুলিব বুলি শংকিত হৈছে দলটোৰ তৃণমূল কৰ্মী সকলৰ লগতে শচীন পাইলটৰ সমৰ্থনত থকা বিধায়কসকল ৷ পেটেলৰ মৃত্যুৰ পিছত সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত পাইলটে কয়” পেটেল আছিল দলটোৰ জ্যেষ্ঠ আৰু কনিষ্ঠ কৰ্মীৰ মাজৰ সেঁতু ৷ তেওঁ আমাৰ ৰাজ্যত বুলিয়েই নহয় সকলো সময়তে উদ্ভৱ হোৱা দলটোৰ যিকোনো সাম্ভাৱ্য সমস্যাৰ সমাধান ওলিওৱাত সফল হৈছিল ৷ “আনহাতে,ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে পেটেলৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি কয় “তেওঁ মোৰ ঘনিষ্ঠ বন্ধু আছিল ৷তেওঁ আজীৱন কংগ্ৰেছ দলৰ বাবে সেৱা আগবঢ়াই গ’ল ৷কোনো পদবীৰ বাবে তেওঁ লালায়িত নাছিল আৰু গভীৰ নিষ্ঠাৰে তেওঁ দলৰ প্ৰতি সেৱা আগবঢ়াইছিল ৷ তেওঁৰ মৃত্যু কংগ্ৰেছ দলৰ বাবে এক বৃহৎ ক্ষতি ৷”