সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / চোৰ ধৰি ভাগৰিছে

চোৰ ধৰি ভাগৰিছে

নগাঁৱত তিনি কুখ্যাত মটৰচাইকেল চোৰ গ্ৰেপ্তাৰ

২৭ নবেম্বৰ:এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মোহনলাল মীনাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই তিনিজন কুখ্যাত মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মটৰ চাইকেল চোৰ কেইজন হৈছে জুৰীয়াৰ তেলীয়া বেবেজীয়া মৰাণগাঁৱৰ আজাদ আলী (২৫), নগাঁৱৰ হুজ গাঁৱৰ দ্বীপ দাস (৩০) আৰু হুজ গাঁৱৰে দ্বীপ দাস ওৰফে ভূচুং (২৭)। আৰক্ষীয়ে ধৃত দলটোৱে চুৰি কৰি মজুত ৰখা চাৰি খন মটৰ চাইকেলো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা মটৰ চাইকেল কেইখনৰ নম্বৰ সমূহ হ’ল এ এছ ০১ইএ ১৬৬০ (গ্লেমাৰ),এ এছ ০৪ ৱাই ৯৪৩০ (পালছাৰ),এ এছ ০২জি ৯১৪৮ (এফ জেদ) আৰু এ এছ ০২ইউ ০৫৩৫(ৰয়েল এনফিল্ড)। মটৰ চাইকেল কেইখন উৰিয়ামঘাট, গোলাঘাট, মৰিগাঁও আৰু কামপুৰৰ পৰা উদ্ধাৰ কৰা হয় বুলি আৰক্ষী সূত্ৰই জনাইছে।