শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / পৰিত্যক্ত ‘য়ুনানৰপৰা পাটকাইলৈ’

পৰিত্যক্ত ‘য়ুনানৰপৰা পাটকাইলৈ’

চাওলুং ছ্যুকাফা মিউজিয়াম, অথলে গৈছে বিশ্ব ঐতিহ্য সপ্তাহৰ মূলমন্ত্ৰ৷এই প্ৰতিবেদন যুগুতাইছে অভিজিৎ ভূঞাই

চৰাইদেউ, ২৭ নৱেম্বৰ : চৰকাৰৰ পুৰাতত্ব তথা পৰ্যটন বিভাগৰ আওকণীয়া মনোভাৱৰ বাবেই যেন এতিয়া ক্ৰমাৎ জহি খহি যাব ধৰিছে আহোম ৰাজত্বকালৰ বহু ঐতিহাসিক সমল। ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত আছে তেনে বহু সমল যিসমূহ এতিয়া সংৰক্ষণৰ অভাৱত নিচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে । ইফালে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সমীপতেই বিগত কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰা ছ্যুকাফা মিউজিয়ামটোও আজিৰ তাৰিখত জহিখহি যাবলৈ ধৰা পৰিলক্ষিত হৈছে। যি সময়ত আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ, সংৰক্ষণ কৰোঁ আহক মন্ত্ৰেৰে চৰকাৰে বিশ্ব ঐতিহ্য সপ্তাহ অনুষ্ঠিত কৰিছে সেই সময়ত ঐতিহাসিক সম্পদ সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা এটা সংগ্ৰহালয় বিধ্বস্ত হ’বলৈ ধৰাটো পৰিতাপৰ কথা। মন কৰিবলগীয়া যে যোৰহাট লোকসভা সমষ্টিৰ তদানীন্তন সাংসদ বিজয় কৃষ্ণ সন্দিকৈৰ তৎপৰতাত সাংসদ এলেকা পুঁজিৰে “য়ুনানৰ পৰা পাটকাইলৈ” চাওলুং চুকাফাৰ আগমন সম্বন্ধীয় বিভিন্ন তথ্য সংৰক্ষনৰ বাবে নিৰ্মাণ কৰা চাওলুং ছ্যুকাফা মিউজিয়ামটো ২০১২ চনৰ ৩১ জানুৱাৰীৰ মে-ডাম-মে-ফীত ৰাইজলৈ উৎসৰ্গা কৰা হৈছিল। উক্ত মৈদামত আহোম যুগৰ বহু সমল, আহোম যুগৰ বহু লুপ্তপ্ৰায় সামগ্ৰী সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। কিন্তু অতি পৰিতাপৰ কথা যে বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই উৎসৰ্গা কৰাতেই ৰ’ল এই মিউজিয়ামটো। যাৰ ফলত দৰ্শনাৰ্থী প্ৰৱেশ কৰিবলৈ আজিও সক্ষম নহ’ল মিউজিয়ামটোত। আজিও অৱহেলিত, অনাদৃত অৱস্থাত পৰি ৰোৱা দেখা গৈছে এই মিউজিয়ামটো। কেৱল সেয়াই নহয় হাবি-জংঘলেৰে আৱৰি পৰা লগতে সাপ-বেঙৰ বাসস্থান তথা গৰু-ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হোৱাহে পৰিলক্ষিত হৈছে।

 এই সন্দৰ্ভত স্থানীয় যুৱক তথা সংবাদ কৰ্মী বিতোপন কোঁৱৰে কয়, “৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথমখন স্থায়ী ৰাজধানী চহৰ তথা পাছলৈ পবিত্ৰ মৈদাম ক্ষেত্ৰত পৰিণত হোৱা চৰাইদেউক লৈ চৰকাৰে কেৱল ৰাজনীতিহে কৰি আহিছে। চৰাইদেউৰ আৱেগক সাৰথি হিচাপে লৈ চৰাইদেউবাসীৰ আস্থাভাজন হ’বলৈ চেষ্টা কৰা চৰকাৰে কিন্তু কোনো দিনেই প্ৰকৃতাৰ্থত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হোৱা নাই। তাৎপৰ্যপূৰ্ণ ভাৱে যিগৰাকী আহোম স্বৰ্গদেউৱে সমগ্ৰ অসমীয়া জাতিসত্বাক একতাৰ ডোলেৰে বান্ধিছিল সেইগৰাকী মহান পুৰুষৰ নামেৰে স্থাপন কৰা য়ূনানৰপৰা পাটকাইলৈ শীৰ্ষক সংগ্ৰহালয়টো আজিলৈকে পৰ্যটকৰ বাবে মুকলি কৰি দিব নোৱাৰাটো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিফলতাৰ পৰিচায়ক। চৰকাৰে এই সংগ্ৰহালয়টো শীঘ্ৰেই মুকলি কৰি দি চাওলুং চুকাফাৰ আগমন তথা সেই সময়ৰ ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত”।

আন এগৰাকী সচেতন ব্যক্তি তথা সাংবাদিক প্ৰণৱ বৰগোহাঁই কয়,”আজিলৈকে চৰাইদেউ মৈদামক্ষেত্ৰৰ সীমা সমস্যা সমাধান কৰিবলৈ সক্ষম নোহোৱা চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ ৷ চাওলুং চুকাফাৰ নামত নিৰ্মিত টাই মিউজিয়ামটো আজিলৈকে উপযুক্ত ভাৱে সংৰক্ষণ কৰিব নোৱাৰাটো পৰিতাপৰ কথা। গতিকে এই ক্ষেত্ৰত চৰকাৰে সোনকালে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত”। 

 ইফালে চৰাইদেউ মৈদাম ক্ষেত্ৰ উন্নয়নৰ বাবে চৰকাৰে শেহতীয়াকৈ কোটি কোটি টকা বাজেটত নিৰ্ধাৰণ কৰিছে যদিও মৈদাম ক্ষেত্ৰৰ উন্নয়ন তথা সৌন্দৰ্য বৰ্ধনৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব অনাগত দিনত।