বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভাৰত নেপালে সম্পৰ্ক উন্নত কৰিব বিচাৰিছে

ভাৰত নেপালে সম্পৰ্ক উন্নত কৰিব বিচাৰিছে

ভাৰত আৰু নেপালৰ মাজত সীমা সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ

কাঠমাণ্ডু,২৭ নবেম্বৰ: দক্ষিণ এছিয়াৰ দুখন চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু নেপালৰ সীমা সমস্যা লৈ বিগত দিনসমূহত কিছু জটিলতাৰ সৃষ্টি হৈছিল। এই সমস্যাই পাৰস্পৰিক বন্ধুভাবাপন্ন ৰাষ্ট্ৰ দুখনৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত সদ্যহতে দুই দেশৰ নেতৃত্বই  এই সমস্যাৰ সমাধানৰ বাবে পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। এই সংক্ৰান্তত আজি কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় ” ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন শিঙলাৰ সদ্যসমাপ্ত নেপাল ভ্ৰমণৰ সময়ত  দুই দেশৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলে সীমা সমস্যাটোৰ এক আন্তৰিক আৰু শীঘ্ৰেই সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে যত্ন কৰা পৰিলক্ষিত হৈছে।” নেপাল আৰু ভাৰতৰ মাজত ছাষ্টা আৰু কলাপানী অঞ্চলত সীমাসমস্যাক লৈ এক জটিলতাৰ সৃষ্টি হৈছে আৰু এই সমস্যা সমাধান কৰিবৰ বাবে দুই দেশে বাউণ্ডেৰী ৱৰ্কিং গ্ৰুপৰ যোগেদি কিছু পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে ২০১৯ চনৰ নবেম্বৰ মাহত নতুন দিল্লীয়ে প্ৰকাশ কৰা এখন নতুন মানচিত্ৰত বিবাদমান এলেকা বোৰক ভাৰতৰ অন্তৰ্ভুক্ত বুলি প্ৰদৰ্শন কৰাৰ পিছতেই পৰিস্থিতি জটিল হোৱা পৰিলক্ষিত হৈছে। ভাৰতৰ এই পদক্ষেপৰ বিপৰীতে নেপাল চৰকাৰেও এইবছৰৰ নতুন মানচিত্ৰ প্ৰকাশ কৰে য’ত একে বিবাদমান অঞ্চলক নেপালৰ ভূমিৰ অন্তৰ্গত বুলি দেখুৱা হয়। দুই দেশৰ  মানচিত্ৰৰ এনে প্ৰদৰ্শনৰ ফলত  সীমা সংক্ৰান্তীয় সমস্যা কিছু জটিল হোৱা পৰিলক্ষিত হৈছিল। আনহাতেদি নেপাল ভ্ৰমণৰত ভাৰতৰ বৈদেশিক সচিবে নেপালৰ বৈদেশিক সচিব তথা পৰৰাষ্ট্ৰ মন্ত্ৰীৰ লগত দুই দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক উন্নত কৰিবলৈ আগন্তুক দিন সমূহত বিভিন্ন পদক্ষেপ গ্ৰহণৰ বিষয়েও আলোচনা কৰে।বিষয়াদ্বয়ে ক’ভিড১৯ ৰ পৰিপ্ৰেক্ষিতত আহি পৰা বিভিন্ন জটিলতাৰ কথাও আলোচনা কৰে।নেপাল চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰে বিগত সময়চোৱাত লোৱা বিভিন্ন পদক্ষেপৰ ফলত দুই দেশৰ মাজত বেপাৰ বাণিজ্য আৰু কল্যাণমূলক আঁচনিসমূহ ক্ষীপ্ৰ গতিত ৰূপায়ণ কৰাৰ বিষয়টোত সন্তুষ্টি প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও বিষয়াদ্বয়ে আগন্তুক দিন সমূহত এই বন্ধুত্বপূৰ্ণ পদক্ষেপ আৰু সুদৃঢ় কৰাৰ স্বাৰ্থত  অধিক পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে।উল্লেখযোগ্য যে কাঠমাণ্ডুত থকা সময়ছোৱাত ভাৰতৰ বৈদেশিক সচিবে নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰক সাক্ষাৎ কৰে আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁ লৈ প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তাৰ বিষয়ে অৱগত  কৰে। আনহাতে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মাৰ লগত হোৱা সাক্ষাতৰ সময়ত বৈদেশিক সচিব জনে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে ।নেপালৰ প্ৰধান মন্ত্ৰীৰ লগত হোৱা সাক্ষাতৰ সময়ত ভাৰতৰ বৈদেশিক সচিবজনে ইতিমধ্যে নেপালৰ পৰৰাষ্ট্ৰ মন্ত্ৰী আৰু বৈদেশিক সচিবৰ লগত হোৱা ফলপ্ৰসূ বৈঠকৰ বিষয়ে অৱগত কৰে। ইয়াৰ পৰৱৰ্তী পদক্ষেপত ভাৰতৰ  বৈদেশিক সচিবজনে ক’ভিড১৯ ত আক্ৰান্ত হোৱা ৰোগী সকলৰ চিকিৎসাৰ বাবে ২০০০ ৰেমদিবিজৰ বেজী নেপালৰ বৈদেশিক মন্ত্ৰীৰ হাতত প্ৰদান কৰে। উল্লেখযোগ্য যে ক’ভিড১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত নেপালে  ভাৰতৰ ওপৰত প্ৰয়োজনীয়   ঔষধ পাতিৰ বাবে নিৰ্ভৰ কৰিব লগা হৈছে আৰু ভাৰতে নেপালক এই মহামাৰীৰ প্ৰতিৰোধকৰ কাৰণে সকলো ধৰণৰ পদক্ষেপ আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰিছে।নেপাল ভ্ৰমণৰ সময়ত বৈদেশিক সচিবজনে শ্বেৰ বাহাদুৰ দেওবাকে ধৰি অন্যান্য শীৰ্ষ বিৰোধী ৰাজনৈতিক নেতা সকলৰ লগতো আলোচনা কৰে ৷ (IANS)