বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / মধ্যাহ্ন ভোজনত এইবাৰ কাঠফুলা

মধ্যাহ্ন ভোজনত এইবাৰ কাঠফুলা

উত্তৰ প্ৰদেশত মধ্যাহ্ন ভোজনত পুষ্টিকৰ কাঠফুলা

দেউৰীয়া(উত্তৰ প্ৰদেশ), ২৭ নবেম্বৰ — সমগ্ৰ দেশজুৰি কেইবছৰমানৰ আগতে আৰম্ভ কৰা মধ্যাহ্ন ভোজন কাৰ্যসূচীৰ জৰিয়তে চৰকাৰী বিদ্যালয় সমূহে  যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সততে এই মধ্যাহ্ন ভোজনৰ খাদ্য সম্পৰ্কে বিভিন্ন ৰাজ্যত বিভিন্ন অভিযোগ শুনা যায় যদিও এই ক্ষেত্ৰত শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এখন জিলাৰ প্ৰশাসনে  আদৰণীয়  পদক্ষেপ গ্ৰহণ কৰিছে। দেউৰীয়া জিলাৰ চৰকাৰী বিদ্যালয় সমূহত মহিলা আত্মসহায়ক গোটে বিভিন্ন জৈৱিক সাৰ  প্ৰয়োগ কৰি উৎপাদন কৰা পুষ্টিকৰ কাঠফুলাক এতিয়া শিশু সকলৰ মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰা হ’ব। এই সংক্ৰান্তত জিলা প্ৰশাসনে মহালক্ষ্মী কোম্পানী আৰু ‘বুনিয়াদী শিক্ষা’ বিভাগৰ সৈতে পাৰস্পৰিক বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে। এই সংক্ৰান্তত জিলা দণ্ডাধীশ অমিত কিশোৰে কয় “এই পদক্ষেপৰ যোগেদি শিশুসকলে  যথেষ্ট পুষ্টিদায়ক খাদ্য পোৱাৰ ওপৰিও মহিলা সকলৰ আত্মসহায়ক গোটবোৰে অৰ্থনৈতিক সকাহ লাভ কৰিব। তাৰোপৰি এই মহিলা আত্মসহায়ক গোটবোৰে শিশু সকলক মধ্যাহ্ন ভোজনো যোগান ধৰিব।” জিলা দণ্ডাধীশজনে লগতে কৃষক সকলক পেলনীয়া জাবৰ জোথৰবোৰ জুই জ্বলাই পৰিবেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা বিষয়টোও অবগত কৰে আৰু তাৰ পৰিৱৰ্তে এনে পেলনীয়া জাৱৰ – জোথৰ কাঠফুলা খেতিত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে । এই পদক্ষেপৰ প্ৰথম পৰ্যায়ত দেশাহী উন্নয়ন খণ্ডৰ ১১ বিদ্যালয়ক চিনাক্ত কৰা হৈছে। ইয়াৰ পৰৱৰ্তী পদক্ষেপত ৮ টা উন্নয়ন সমষ্টিৰ ভালেসংখ্যক বিদ্যালয় অন্তৰ্ভুক্ত কৰা হ’ব আৰু তৃতীয় পৰ্যায়ত জিলাখনৰ বাকী বিদ্যালয় সমূহকো সাঙুৰি লোৱা হ’ব।’বুনিয়াদী শিক্ষা’ বিভাগৰ বিষয়া সন্তোষ কুমাৰ ৰায়ে এই বিষয়ে কয় “এইটো এটা পাইলট বা পৰীক্ষামূলক প্ৰকল্প আৰু এই প্ৰকল্পৰ অংশ স্বৰূপে এতিয়াৰে পৰা অত্যন্ত পুষ্টিদায়ক কাঠফুলাক শিশুসকলৰ মধ্যাহ্ন ভোজনত প্ৰত্যেক শুক্ৰবাৰে যোগান ধৰা হ’ব। ইয়াৰ পৰা পোৱা ফলাফল আৰু মতামতৰ ওপৰত ভিত্তি কৰি সমগ্ৰ জিলাখনত এই পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও শিক্ষা বিষয়া গৰাকীয়ে উল্লেখ কৰে। আনহাতে, মহালক্ষ্মী কোম্পানীয়ে এই সংক্ৰান্তত মহিলা আত্মসহায়ক গোটৰ কৰ্মীসকলক প্ৰয়োজনীয় কাৰিকৰী প্ৰশিক্ষণ দিয়াৰ ওপৰিও কাঠফুলা খেতিৰ বাবে প্ৰয়োজনীয় বীজও যোগান ধৰিব ৷ (IANS)