সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / মুঠতে অন্নদাতাক জেলত ভৰাবই !

মুঠতে অন্নদাতাক জেলত ভৰাবই !

দিল্লী অভিমুখী কৃষকৰ বাবে ৯খন অস্থায়ী জেল

নতুন দিল্লী, ২৭ নবেম্বৰ –কেন্দ্রীয় চৰকাৰৰ নতুন কৃষি নীতিৰ প্ৰতিবাদত ভাৰতৰ বিভিন্ন অংশত কৃষক আৰু বিৰোধী পক্ষই তীব্ৰ প্ৰতিবাদ কৰা দেখা গৈছে। এই প্ৰতিবাদৰ আটাইতকৈ বেছি তীব্ৰতা দেখা গৈছে পঞ্জাৱত আৰু পঞ্জাৱৰ কৃষকসকলে দিল্লী তথা হাৰিয়ানাৰ উদ্দেশ্যে এক শোভাযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আজি হাৰিয়ানা- দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলত দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলকৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰি প্ৰতিবাদকাৰী কৃষকসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে। সূত্ৰত প্ৰকাশ যে দিল্লী আৰক্ষীয়ে ইতিমধ্যে শাসনাধিষ্ঠ আম আদমি চৰকাৰক ৯ খন ষ্টেডিয়ামত কৃষক সকলক অস্থায়ী ভাবে ৰখাৰ বাবে জেল হিচাপে ব্যৱহাৰ কৰিবৰ বাবে অনুমতি বিচাৰিছে। ইয়াৰ ওপৰিও আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ এটা সঁজাতি দলৰ লগত আলোচনা কৰিবলৈও চেষ্টা কৰা পৰিলক্ষিত হৈছে। পুলিচ প্ৰশাসনৰ তৰফৰ পৰা কৃষক সকলক স্পষ্টকৈ জনোৱা হৈছে যে তেওঁলোকক সীমান্ত পাৰ হৈ দিল্লীত কোনোপধ্যেই পদাৰ্পণ কৰিবলৈ দিয়া নহ’ব।কিন্তু ইয়াৰ বিপৰীতে প্ৰতিবাদকাৰী সকলে নিজৰ মতত অটল হৈ আছে। এই প্ৰতিবাদকাৰী কৃষক সকলক ৩২ টা কৃষক সংগঠনে নেতৃত্ব দিছে আৰু তেওঁলোকে বিভিন্ন পথ যেনে– ছিংৰো ,তিক্ৰি আৰু অন্যান্য মফচলীয় চহৰবোৰত ইতিমধ্যে প্ৰচণ্ড বিক্ষোভ প্ৰদৰ্শন কৰিছে। এই সংক্ৰান্তত এজন বিক্ষোভকাৰী  কৃষকে কয় “আমি দিল্লীত কোনোধৰণৰ আইন শৃংখলাজনিত সমস্যা সৃষ্টি কৰিবৰ বাবে অহা নাই। আমি শান্তিপূৰ্ণ ভাৱে আমাৰ সমস্যা আৰু বক্তব্যসমূহ ৰাখিবলৈ দিল্লীলৈ যাব খুজিছো ৷ কিন্তু দিল্লী আৰক্ষীয়ে আমাৰ লগত এক আক্ৰমণাত্মক মনোভাব গ্ৰহণ কৰিছে ৷ ” ইতিমধ্যে দিল্লী সীমান্তৱৰ্তী ছিংৰো সীমান্ত, তিক্ৰি সীমান্ত ,গুৰগাঁও সীমান্ত আৰু ফৰিদাবাদ অঞ্চলত যথেষ্ট সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ছিংৰো অঞ্চলত বিশেষকৈ দিল্লী আৰক্ষীয়ে কাঁইটীয়া তাঁৰ আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিলেৰে পথ ভেটা দি কৃষক সকলৰ দিল্লী অভিমুখী যাত্ৰা ব্যৰ্থ কৰিবলৈ প্ৰচেষ্টা কৰা পৰিলক্ষিত হৈছে।ইয়াৰ উপৰিও দিল্লী আৰক্ষীয়ে কিছুমান অগতানুগতিক পন্থাও গ্ৰহণ কৰিছে যেনে ট্ৰলিত বোকা আৰু বালি ভৰাই পথ সমূহত বাধাৰ সৃষ্টি কৰি ৰাখিছে। আনহাতেদি মুণ্ডকা অঞ্চলৰ হাৰিয়ানা -দিল্লী সীমান্তত ইতিমধ্যেই প্ৰতিবাদীকাৰী কৃষক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাৰ সূত্ৰপাত হৈছে । দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিকঁ বাহিনীৰ কঠোৰ নিৰাপত্তা স্বত্তেও প্ৰতিবাদকাৰী কৃষকসকলে নিৰাপত্তা বেষ্টনী ভাঙি দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।কিন্তু দিল্লী আৰক্ষীয়ে ইতিমধ্যে সতৰ্ক বাণী শুনাইছে যে যদি প্ৰতিবাদকাৰী কৃষকসকলে দিল্লী অভিমুখে যাত্ৰা কৰে বা দিল্লীত সোমাবলৈ চেষ্টা কৰে ,তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।উল্লেখযোগ্য যে ৬ খন ৰাজ্য- পাঞ্জাৱ,উত্তৰ প্ৰদেশ, হাৰিয়ানা ,উত্তৰাখণ্ড ,ৰাজস্থান আৰু কেৰেলাৰ ৫০০ কৃষক সংগঠনে আগন্তুক দুমাহত সমগ্ৰ দেশজুৰি প্ৰচণ্ড বিক্ষোভ প্ৰদৰ্শনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক নতুন কৃষি আইন বাতিল কৰিবলৈ হেঁচা দিয়াৰ পৰিকল্পনা কৰিছে।