সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / সভাপতিৰ ভেটিয়েই থৰকবৰক

সভাপতিৰ ভেটিয়েই থৰকবৰক

বোকাখাতৰ ৰাইজৰ সপোন ভাঙিল,লিখিছে চবিন তামুলীয়ে

বোকাখাত,২৭নৱেম্বৰ:নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাইছে দলীয় তৎপৰতা আৰু বোকা  চটিওৱাৰ ৰাজনীতি। কা আন্দোলনৰ সময়ত তেজত জাতীয়তাবাদৰ জোৱাৰ উঠা জাতীয় সংগঠন সমূহেও নতুন ৰাজনৈতিক দল খুলি শাসনাধিষ্ঠ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনৰ বিৰুদ্ধে কৌশলগত ভাৱে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। অসমীয়া জাতিৰ আত্মা তথা অসমৰ পৰা বিদেশী বহিস্কাৰ কৰা,অসমীয়া ৰাইজৰ সাংস্কৃতিক,ভাষিক আৰু সামাজিক সুৰক্ষাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন,থলুৱা কৃষ্টি  সংৰক্ষণ আৰু বিকাশকে প্ৰমুখ্য  কৰি যিবোৰ গুৰুত্বপূৰ্ণ দাবী লৈ অসমীয়া জাতীয়তাবাদৰ পোচাক পিন্ধি অগপৰ সন্মানীয় সভাপতি গৰাকীয়ে শাসনৰ বাঘজৰী হাতত লৈছিল সেইজন জাতীয়তাবাদী অতুল বৰাই আজি ৰাইজৰ মৰম-চেনেহৰ প্ৰতি পিঠি দিয়াত সমগ্ৰ অসমৰ লগতে গোলাঘাটবাসী ৰাইজেও তেওঁৰ কাৰ্যকলাপত অসন্তুষ্টি ব্যক্ত কৰিছে। অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত  ছবছৰীয়া অসম আন্দোলনৰ পৰিণতিত ১৯৮৫ চনৰ ১৪ অক্টোবৰত আছুৰ ঔৰসত  জন্ম হোৱা অগপ দলৰ এজন জাতীয়তাবাদী নেতাই নিজৰ জন্মভূমি গৃহ জিলাতেই ৰাইজক মাহী আইৰ দৃষ্টিৰে চোৱাত গোলাঘাটৰ লগতে বোকাখাতবাসী ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।তেওঁ এজন জাতীয়তাবাদী নেতা হৈয়ো ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দৰে উগ্ৰ হিন্দুত্ববাদী তথা শোষক ৰাষ্ট্ৰীয়তাবাদী  বিজেপি দলৰ শৰণাপন্ন হোৱাটোৱে বোকাখাতবাসী ৰাইজৰ মনত আঘাট হানিছে। বিৰোধী দল কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা প্ৰসংগইয়ো বৰ্তমানৰ ৰাজনীতিত এক নতুন মোৰ লৈছে উজনি অসমৰ গোলাঘাট জিলাত। জম্মু কাশ্মীৰত পিডিপি দলৰ সৈতে মিত্ৰতা কৰি নিবাচনী যুঁজত নামি পৰা বিজেপি চৰকাৰখনৰ ফোপোলা স্বৰূপটোক ক্ষুৰধাৰ সমালোচনা কৰে গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক পলাশ তামুলীয়ে।তেওঁ কয়  “এআইএইউডিএফৰ  সৈতে মিত্ৰতা হ’লেও বিজেপি দলৰ সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই। যি সময়ত শাসনাধিষ্ঠ চৰকাৰ খনে দেশৰ নিয়োগ সৃষ্টি আৰু উৎপাদন আৰু জনমূৰি আয় বৃদ্ধিৰ  ওপৰত গুৰত্ব দিব লাগিছিল সেইয়া নকৰি শাসনিধিষ্ঠ বিজেপি চৰকাৰখনে বছৰৰ সকলো সময়তেই সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকোতেই সময়বোৰ পাৰ হৈ গৈছে।জনসাধাৰণ তথা ৰাইজৰ কোনোধৰণৰ উন্নয়ন হোৱা নাই।কেৱল প্ৰলোভনৰ ৰাজনীতিৰে গোটেই জীৱন তেওঁলোকে ৰাইজক আভুৱা ভাৰিলে।”

নতুন দল খোলাৰ প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সভাপতি  নিৰঞ্জন সোণোৱালে কয় “আঞ্চলিকতাবাদী দল অগপই  নিজৰ জাতীয়তাবাদী আদৰ্শ অক্ষুণ্ণ ৰাখিব নোৱাৰা কাৰণেই আছুৰ নেতৃত্বত নতুন দল খুলি ৰাজনৈতিক ক্ষমতাৰে অসমৰ মূল সমস্যা সমূহ দূৰ কৰাত বলিষ্ঠ পদক্ষেপ গ্ৰহণৰ সিন্ধান্ত লোৱা হৈছে ৷” অগপ,আপ,জীপাল কৃষক সংঘ আদিৰ ওপৰিও নিৰ্দলীয় প্ৰাৰ্থী জীতেন গগৈ থকাৰ পিছতো অসম জাতীয় পৰিষদে অনাগত নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বুলি আশা কৰিব পাৰেনে বুলি সোধাত তেওঁ কয় ” সেইটো জনসাধাৰণৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰিব।

আনহাতে, বোকাখাত সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ  অন্যতম টিকেট প্ৰত্যাশী দাদু টায়ে কয় “আছু  এটা নেতা বনোৱা কাৰখানাৰ বাহিৰে বেলেগ একো নহয়। তেওঁলোকে যিজন নেতাক আছুৰ মজিয়াৰ পৰা জাতীয় নায়ক হিচাপে স্বীকৃতি দি দেশৰ বাঘজৰী তুলি দিছিল তেওঁৱেই ৰাইজৰ প্ৰতি পিঠি দি নৰেন্দ্ৰ মোডীৰ নেগুৰত ধৰিলে। আছুৱে নিজৰ জাতীয় নায়ক জনকেই সলনি কৰিব নোৱাৰিলে। কা বাতিল কৰিবলৈ তেওঁলোকে অতুল বৰা অথবা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বাধ্য কৰাব লাগিছিল।কিন্তু তেওঁলোকে নোৱাৰিলে। এনে এটা দলে নতুনকৈ দল খুলি বিজেপিৰ মিত্ৰজোঁটক পুনৰ জিকাই অনাৰ পৰিকল্পনাহে কৰিছে বুলি ক’ব পাৰি। কংগ্ৰেছ দল শাসনলৈ আহিলে ‘কা’ বাতিল হ’ব আৰু আমি ‘কা’ বাতিল কৰিমেই বুলি দাদু টায়ে দৃঢ়তাৰে কয়।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক শ্ৰীযুত ব্ৰজেন সন্দিকৈয়ে  কয় “বৰ্তমানৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী গৰাকী একেবাৰেই অকৰ্মণ্য ব্যক্তি হিচাপে চিহ্নিত হৈছে। কিয়নো যি সময়ত তেওঁ ৰাইজৰ সমস্যাৰ সমূহৰ সমাধানত গুৰুত্ব দিব লাগিছিল,সকলো দৰিদ্ৰ লোককে কৃষি বিভাগৰ সুবিধা  আৰু আঁচনিৰ ব্যৱস্থা কৰি দিব লাগিছিল তাৰ বিপৰীতে তেওঁ কেৱল দলীয় কৰ্মী সকলৰ উন্নতিতহে সুবিধা আৰু গুৰুত্ব দিলে। জনজাতীয় মানুহৰ উপাৰ্জনৰ মূল আহিলা গাহৰিকে আদি কৰি আন বহুতো পশুধনৰ মৃত্যুত পশুপালন বিভাগৰ পৰা যি সুবিধা দিব লাগিছিল সেইয়া  তেওঁ নিদিলে। আৰু তুলুঙা মন্তব্যৰে নিজৰ দায়িত্ব সামৰি দুখীয়া জনসাধাৰণক প্ৰৱঞ্চনা কৰিলে।” ষষ্ঠ অনুসূচীৰ বিষয়টো আওকাণ কৰা সম্পৰ্কত তেওঁ কয় “তেখেতে একেবাৰে দুমুখীয়া নীতি পালন কৰিছে।তেওঁ এফালে জাতীয়তাবাদৰ কথা কয়,কিন্তু কা আন্দোলনৰ সময়ত তেওঁ মিত্ৰ দলৰ পৰা বিদায় লৈ পুনৰ ক্ষমতাৰ খকত সেই দলত যোগদান কৰি নিজৰ জাতীয়তাবাদক জ্বলাঞ্জলি দিয়ে।এজন আঞ্চলিক দলৰ সভাপতিৰ কেবিনেট মন্ত্ৰীৰ পদবীৰ লোভত তাতকৈ নিৰ্লজ্জ কাণ্ড আৰু লাগিছেনে?তেওঁ এনে অদক্ষতা প্ৰদৰ্শন কৰাতকৈ পদত্যাগ কৰা উচিত।”

আনহাতে, বোকাখাতৰ অন্যতম জাতীয়তাবাদী নেতা ‘জীপাল’ৰ সভাপতি  সোণেশ্বৰ নৰহে মন্ত্ৰী অতুল বৰাক অৰ্কমণ্য ব্যক্তি বুলি কটাক্ষ কৰি কয় “তেওঁৰ গাত এতিয়া আঞ্চলিকতাবাদৰ অস্তিত্ব নাই। বিগত সময়ছোৱাত অতুল বৰাৰ সমষ্টিত কোনো ধৰণৰ উন্নতি নকৰিলে।গতিকে এইবাৰৰ শাসনভাৰ আৰু দায়িত্ব যুৱ প্ৰজন্মৰ হাতত দিব লাগে বুলি তেওঁ মন্তব্য কৰে ৷ এইবাৰ আমাৰ দলে উদীয়মান যুৱনেতা প্ৰণৱ দলেক  প্ৰাৰ্থীত্ব আগবঢ়াব।ৰাইজে তেওঁকেই ভোট দি জয়যুক্ত কৰালে মোৰ দৃঢ় বিশ্বাস তেওঁ ৰাইজৰ সমস্যা সমূহ সমাধান কৰিব পাৰিব।” আনহাতে সক্ৰিয় সমাজ কৰ্মী প্ৰণৱ দলে কয় “লোকেল ইজ ভ’কেল, সেয়ে সমতাপূৰ্ণ,স্বচ্ছ,সেউজ আৰু উন্নত বোকাখাত গঢ়াই আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য।”

আকৌ বোকাখাতৰ মিত্ৰ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা অন্যতম দাবীদাৰ আকাশ ফুকনে কয় “জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতেই ধুবুৰী  সীমান্তত কাটাতাঁৰেৰে সীমান্ত ছীল কৰাৰ ব্যৱস্থা কৰি নিজৰ জাতীয়তাবাদ অক্ষুন্ন ৰাখিলে।আনহাতে, বহুক্ষেত্ৰত বোকাখাত সমষ্টিৰ ৰাইজৰ সমষ্টি ভিত্তিক উন্নতি হৈছে।ৰাস্তা,ঘাট দলং আদি নিৰ্মাণ হৈ আছে। টিকেট পোৱা নোপোৱাটো উদ্ধৰ্তম কৰ্তৃৃৃৃপক্ষৰ নিৰ্দেশ মৰ্মে হ’ব।যিহেতু  সৰ্বসন্মতি ক্ৰমে দিল্লীত মিত্ৰতা হৈছে।বোকাখাতত হোৱা নাই,গতিকে দলৰ নেতৃত্বই এই সিদ্ধান্ত ল’ব ৷ “মুঠ কথাত,আঞ্চলিকতাবাদী দল অগপৰ জন্মস্থান গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাতত এইবাৰ দলৰ সভাপতিৰ সমৰ্থনত বতাহ বলাৰ আশা ক্ষীণ সেয়ে নতুনকৈ গঠন হোৱা আঞ্চলিক দলে চল চাই কঠীয়া পাৰিব পাৰিলে লাভৱান হোৱাৰ ইংগিতেই বহন কৰিছে ৷