বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Mizoram  / নামত স্বায়ত্ত্ব শাসন কিন্তু বোলে পুঁজিৰ অভাৱ

নামত স্বায়ত্ত্ব শাসন কিন্তু বোলে পুঁজিৰ অভাৱ

স্বায়ত্ব শাসিত জিলা পৰিষদ সমূহৰ বাবে কেন্দ্ৰৰ পৰা পোনপটীয়া পুঁজিৰ ব্যৱস্থা। সংবাদ দাতা হেনৰী এল খোজলৰ প্ৰতিবেদন

আইজাল,২৭ নবেম্বৰ—বিগত বছৰসমূহত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত যথেষ্ট সংখ্যক স্বায়ত্ব শাসিত জিলা পৰিষদ গঠন হৈছে।কিন্তু এই স্বায়ত্ব শাসিত জিলা পৰিষদ সমূহৰ পুঁজি যোগানৰ বিষয়টো লৈ যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল।সংশ্লিষ্ট ৰাজ্যচৰকাৰে স্বয়িত শাসিত জিলা পৰিষদ সমূহক সময়মতে পুঁজি যোগান নধৰাৰ এটা গুৰুত্ত্বৰ অভিযোগ উত্থাপন হৈ আহিছিল।এই সংক্ৰান্তত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজেজুৱে  আইজলত এখন জনসভাত উল্লেখ কৰে যে ৰাজ্যখনৰ তিনিখন স্বায়িত শাসিত জিলা পৰিষদক কেন্দ্ৰীয় চৰকাৰৰ পৰা পোনপটীয়াকৈ পুঁজি যোগান ধৰা হব। ৰাজ্যখনৰ দক্ষিণ অংশৰ লাংল’তায়ী অঞ্চলত লাইঅতনুমাছ ডিষ্ট্ৰিক কাউঞ্চিলৰ এখন সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী জনে উল্লেখ কৰে যে এই সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই সংবিধানৰ ষষ্ঠ অনুসূচী আইনৰ সংশোধন কৰিব আৰু কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ পুঁজিৰ যোগান ধৰিব। উল্লেখযোগ্য যে অহা ৪ ডিচেম্বৰত হব লগীয়া এই ২৫ জনীয়া স্বায়িত্ত্ব  শাসিত জিলা পৰিষদখনৰ বাবে অতি ক্ৰমেও ৭২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব।

এই  বিশেষ স্বায়ত্ত্বশাসিত জিলা পৰিষদত বিগত বছৰ সমূহত উল্লেখযোগ্য উন্নয়ন মূলক কাম নোহোৱাত কেন্দ্ৰীয় মন্ত্ৰী জনে ক্ষোভ প্ৰকাশ কৰে । তেওঁ লগতে উল্লেখ কৰে যে মিজোৰামৰ চৰকাৰে পুঁজি আবন্টন নিদিয়াৰ বাবে স্বায়িত্বশাষিত জিলা পৰিষদ সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।কেন্দ্ৰীয় মন্ত্ৰী জনে লগতে উল্লেখ কৰে যে তেওঁলোকৰ দলৰ চৰকাৰ যদি এই স্বায়িত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত জয়ী হয় ,তেন্তে  পৰিষদৰ বাবে আৰু অধিক ক্ষমতাৰ দাবী কৰিব তথা যথেষ্ট সংখ্যক উন্নয়ন মূলক কাম কাজ ৰূপায়ন কৰিব।ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী ৰিজুৱে কয় যে লাংটুৱাই জিলাত অৱস্থিত ফাংগুইপুই ল্টাং( ব্লু মাউণ্টেনক) প্ৰয়োজনীয় আন্তঃগাঁথনিৰ যোগান ধৰা হব যাতে ভৱিষ্যতে পয্যটকক আকৰ্ষণ কৰিব পৰা এক আকৰ্ষণীয় স্থল হৈ গঢ়ি উঠে।ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয় যে উত্তৰপূবত সৰ্বাঙ্গীন বিকাশ বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃগাঁঠনি উন্নয়ন কৰাত কেন্দ্রীৰ বিজেপি নেতৃত্বাধীন দলৰ চৰকাৰ যথেষ্ট সজাগ আৰু ক্ৰীড়াৰ বাহিৰেও  স্বায়ত্ব শাসিত জিলা পৰিষদত আগন্তক দিন সমূহত তেওঁৰ দলে চৰকাৰ ক্ষমতালৈ আহিলে যথেষ্ট উন্নত যাতায়তৰ ব্যৱস্থা কৰিব বুলিও আশ্বাস দিয়ে ৷ উল্লেখযোগ্য যে এই সভাত কেন্দ্ৰীয় মন্ত্ৰী জনৰ লগত বিজেপি দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু নাগালেণ্ডৰ বিধায়ক মুঙহুলো কিকোনো উপস্থিত আছিল।কিকন মিজোৰামৰ দায়িত্বত থকা বিজেপি দলৰ  প্ৰভাৰী ।

 আনহাতেদি ৰাজ্যিক নিৰ্বাচনী সচিব টেৰেছি ভালনটোৰ মতে স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত শাসনাধিস্থ মিজো নেশ্যনেল ফ্ৰন্টে ২৭ আসনত প্ৰতিদ্বন্দীতা কৰিব ,বিজেপি দলে য় ১৭ খন আৰু কংগ্ৰেছ দলে ১৪ খন আসনত প্ৰতিদ্বন্দিতা কৰিব ৷ তাৰউপৰিও ১৬ খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব বুলিও বিষয়া জনে উল্লেখ কৰে।এই বিশেষ স্বায়িত্ব শাসিত জিলা পৰিষদত সৰ্বমুঠ ৫১,৪৫৬জন ভোটাৰ আছে আৰু ইয়াৰে প্ৰায় ২৬ হাজাৰ মহিলা ভোটাৰ। ৪ ডিচেম্বৰত হব লগীয়া এই স্বায়িত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা ৮ ডিচেম্বৰত সম্পন্ন হব।