বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অধিবক্তাৰো লিংগ বৈষম্য !

অধিবক্তাৰো লিংগ বৈষম্য !

মহিলা অধিবক্তাৰো হ'ব লাগে পুৰুষ অধিবক্তাৰ দৰে সমঅধিকাৰ

নতুন দিল্লী, ২৮ অক্টোবৰ– বিগত বছৰ সমূহত দেশত মহিলা অধিবক্তাৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে। কিন্ত মহিলা অধিবক্তা সকলে তেওঁলোকৰ পেচাগত জীৱনত বিভিন্ন ধৰণৰ সমস্যা তথা বৈষম্যৰ সন্মুখীন হোৱা অভিযোগ নতুন নহয়। জম্মু আৰু কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টালে ‘জিন্দাল গ্লোবেল স্কুলৰ’ এখন সভাত এই বিষয়ে উল্লেখ কৰে। এই সভাত ভাষণ দি জম্মু কাশ্মীৰ উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টালে কয় যে এগৰাকী মহিলা অধিবক্তাৰ বাবে আইনৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ যথেষ্ট কষ্টকৰ হয়। অৱশ্যে মহিলা অধিবক্তাসকলে তেওঁলোকৰ পাবলগীয়া বিভিন্ন ধৰণৰ স্বীকৃতি পায় যদিও কিন্তু ইয়াৰো এক লক্ষ্মণ ৰেখা থাকে । ন্যায়াধীশ গীতা মিট্টালে পুৰণি দিনৰ কথা সুঁৱৰি কয় ” এইটো ভাৰতীয় আইনী ব্যৱস্থাৰ এটা পুৰণি সমস্যা ৷ ভাৰতৰ প্ৰখ্যাত আইনী ফাৰ্মসমূহত মাত্ৰ ৩০ শতাংশহে মহিলা অধিবক্তা আছে। আন বৃহৎ সংখ্যক আইনৰ লগত জড়িত ফাৰ্মৰ বা সন্থাটো ২০শতাংশতকৈও কম মহিলা অধিবক্তা আছে। আনহাতে ,ভাৰতৰ উচ্চ ন্যায়ালয়ত কৰ্মৰত ৬৭৭ জন কাৰ্যবাহী ন্যায়াধীশৰ মাত্ৰ ৭৩ গৰাকীহে মহিলা আৰু ভাৰতৰ ২৮ খন উচ্চ ন্যায়ালয়ৰ ময়েই একমাত্ৰ মুখ্য ন্যায়াধীশ৷”দেশত উচ্চতম ন্যায়ালয়ত বিগত ৫০ বছৰৰ পিছত মাত্ৰ ৮গৰকী মহিলাহে উচ্চতম ন্যায়ালয়ত নিযুক্ত হোৱা কথাটোত তেওঁ ক্ষোভ প্ৰকাশ কৰে। আনহাতে সদ্যহতে উচ্চতম ন্যায়ালয়ৰ ৩০ গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ দুগৰাকীহে মহিলা। তাৰোপৰি যোৱা পাঁচ দশকত উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে মহিলা অধিবক্তাৰ সংখ্যা যথেষ্ট কম। দেশৰ বিভিন্ন আইনী ফাৰ্মত কৰ্মৰত ৮১ গৰাকী মহিলাৰ চলোৱা এক সমীক্ষাই প্ৰকাশ কৰে যে  মহিলা অধিবক্তা সকলক কম গুৰুত্বপূৰ্ণ কামত নিযুক্ত কৰা হয় বা তেওঁলোকৰ পুৰুষ সহকৰ্মী সকলৰ তুলনাত যথেষ্ট কম  মাননি প্ৰদান কৰা হয়। তাৰোপৰি ৭৪ শতাংশ মহিলাই উক্ত সমীক্ষাত প্ৰকাশ কৰে যে তেওঁলোকৰ অনুমান হয় যে তেওঁলোকৰ সংস্থাটোৰ মূৰব্বীসকলে মহিলা সকলৰ পেছাদাৰী জীৱনৰ বিকাশৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । এনে ধৰণৰ বিভিন্ন মন্তব্যৰে জম্বু কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টালে তেওঁৰ মনৰ অভিব্যক্তি প্ৰকাশ কৰে। একেখন সভাতে অ পি জিন্দাল গ্লোবেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য ৰাজকুমাৰে কয় যে  ন্যায়িক ব্যৱস্থাৰ এটা মুখ্য উদ্দেশ্য হৈছে যাতে বৈচিত্ৰতাক গ্ৰহণ কৰা হয় আৰু মহিলা কৰ্মী সকলক পুৰুষৰ সমানে উপযুক্ত স্বীকৃতি দিয়া হয়। আইনী ব্যৱস্থাত মহিলা সকলৰ অংশদাৰীত্বৰ বিষয়ে ইমান দিনে গুৰুত্বপূৰ্ণ আলোচনা নোহোৱাত চি ৰাজমুমাৰে ক্ষোভ প্ৰকাশ কৰে। (IANS)