শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আপত্তি নাই,কুকুৰ খাওক

আপত্তি নাই,কুকুৰ খাওক

নাগালেণ্ড চৰকাৰৰ নিষেধাজ্ঞাত স্থগিতাদেশ ন্যায়ালয়ৰ

ক’হিমা ,২৮ নবেম্বৰ – চলিত বৰ্ষৰ ২ জুলাইত নাগালেণ্ড চৰকাৰে এক নিৰ্দেশ যোগে ৰাজ্যখনত সকলো ধৰণৰ কুকুৰ মাংসৰ বিক্ৰী , আমদানি তথা আন যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু যোৱা শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ক’হিমা পীঠে এক নিৰ্দেশ যোগে নাগালেণ্ড চৰকাৰৰ এই নিষেধাজ্ঞা সাময়িক ভাবে স্থগিত ৰাখিছে ৷ উচ্চ ন্যায়ালয়ৰ  ক’হিমা পীঠত লেজু ভেলু কুটুচু আৰু অন্য দুজনে এই সংক্ৰান্তত এক আবেদন দাখিল কৰিছিল। ন্যায়ালয়ৰ সূত্ৰই জনোৱা মতে ১৪ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে নাগালেণ্ড চৰকাৰক কিয় এই নিষেধাজ্ঞা স্থগিত কৰা নহ’ব ,সেই বিষয়ে এক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ৷ কিন্তু নাগালেণ্ড চৰকাৰে এই বিষয়ে কোনো শপত নামা দাখিল নকৰিলে আৰু ইয়াৰ ফলস্বৰূপে ন্যায়লয়ে সাময়িক ভাবে চৰকাৰৰ এই নিৰ্দেশ স্থগিত ৰাখিছে। এই সংক্ৰান্তত আবেদনকাৰীৰ হৈ তেওঁলোকৰ অধিবক্তাই যুক্তি দৰ্শাই যে নাগালেণ্ড চৰকাৰৰ এই আদেশে নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে আৰু সেইবাবেই চৰকাৰৰ এই নিৰ্দেশ বাতিল কৰিব লাগে। তাৰোপৰি তেওঁলোকে চৰকাৰৰ এনে ধৰণৰ যিকোনো সিন্ধান্ত সংবিধান প্ৰদত্ত নীতি নিয়মৰ মাজেৰেহে হ’ব লাগিব বুলি যুক্তি উত্থাপন কৰিছিল ৷ উল্লেখযোগ্য যে আবেদনকাৰী অধিবক্তাই যুক্তি দৰ্শাই যে উপৰোক্ত আদেশটো নাগালেণ্ড চৰকাৰৰ কেবিনেটৰ নিৰ্দেশ হিচাপে জাৰি কৰা হৈছিল ,কিন্ত ইয়াত ৰাজ্যখনৰ বিধান সভাৰ কোনো সন্মতিৰ বিষয়টো উল্লেখ নাছিল আৰু সেইবাবেই এইটো এটা সম্পূৰ্ণ অসাংবিধানিক অবৈধ নিৰ্দেশ হিচাপে বিবেচিত হৈছে ৷ আবেদনকাৰী সকল নাগালেণ্ডৰ ক’হিমা মিউনিচিপিলটিৰ কাউঞ্চিলৰ অন্তৰ্গত ব্যৱসায়ী আৰু তেওঁলোকৰ হাতত কুকুৰৰ আমদানি, ব্যৱসায় অথবা কুকৰৰ মাংস বিক্ৰী কৰিবলৈ প্ৰয়োজন হোৱা সকলো চৰকাৰী নথি পত্ৰ আছে আৰু চৰকাৰৰ এই আদেশৰ ফলত তেওঁলোকৰ ব্যৱসায় সম্পূৰ্ণৰূপে ভাঙি পৰিছিল বুলিও তেওঁলোকৰ অধিবক্তাই যুক্তি দৰ্শায়। ইয়াৰ পূৰ্বে নাগালেণ্ডৰ মুখ্য সচিব তনজিম ছৈয়েকে ৪ জুলাইত এক ব্যক্তিগত টুইট যোগে ৰাজ্যখনত কুকুৰৰ মাংস বিক্ৰী বা আমদানিৰ ক্ষেত্ৰত  চৰকাৰৰ ফালৰ পৰা নিষেধাজ্ঞা আৰোপ কৰিছিল বুলি ৰাইজক অৱগত কৰিছিল আৰু তেওঁৰ এই বিশেষ টুইটটো তেওঁ বিজেপিৰ সাংসদ তথা সক্ৰিয় পৰিবেশ কৰ্মী মানেকা গান্ধীকো টেগ কৰি দিছিল। উল্লেখযোগ্য যে নাগালেণ্ডৰ পূৰ্বেও ইয়াৰ প্ৰতিৱেশী ৰাজ্য মিজোৰামে একে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।এই দুইখন ৰাজ্যত কুকুৰৰ মাংস অতি জনপ্ৰিয় আৰু বহুল ভাৱে ব্যৱহাৰ কৰা হয়। যদিও নাগালেণ্ড চৰকাৰে উপৰোক্ত আদেশ  স্বাস্থ্য আৰু খাদ্য সম্পৰ্কীয় নীতি নিয়মৰ দোহাই দি জাৰি কৰা বুলি কৈছিল, কিন্তু জীৱ জন্তুৰ অধিকাৰ সমন্ধীয় বিভিন্ন সংস্থাৰ হেঁচাতেই এই পদক্ষেপ লোৱা বুলি প্রায় সৰহ সংখ্যক স্থানীয় জনতাই বিশ্বাস কৰিছিল। প্ৰখ্যাত সাংবাদিক আৰু  প্ৰাক্তন  সাংসদ প্ৰীতিশ নন্দীয়ে তেওঁৰ এক বৃহৎ সংখ্যক অনুগামীক নাগালেণ্ডত কুকুৰৰ মাংস বিক্ৰী বা ভক্ষণৰ বিৰুদ্ধে এক জনজাগৰণ সৃষ্টি কৰাৰ বাবে কিছুবছৰৰ পৰা চেষ্টা কৰি আহিছে। তাৰোপৰি বিভিন্ন ৰাষ্টীয় সংবাদ পত্ৰটো নাগালেণ্ডৰ বাসিন্দাসকলৰ কুকুৰৰ মাংস ভক্ষণ কৰাৰ বিপক্ষে বহুত ধৰণৰ লিখনি প্ৰকাশ হোৱাত হয়তো নাগালেণ্ড চৰকাৰে এই পদক্ষেপ লবলৈ বাধ্য হৈছিল। কিন্তু এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমা পীঠে সাময়িকভাৱে নাগালেণ্ড চৰকাৰৰ এই নিষেধাজ্ঞাক স্থগিত কৰাত কুকুৰৰ মাংসৰ বেপাৰ -বাণিজ্য তথা ভক্ষণ পুনৰ আগৰ দৰে চলিব বুলি আশা কৰা হৈছে। (IANS)