মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ক’ভিডৰ ত্ৰাস আঁতৰা নাই

ক’ভিডৰ ত্ৰাস আঁতৰা নাই

সাৱধান কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই.

নৱেম্বৰ ২৮:’ক’ভিড ১৯ ৰোগীৰ সংখ্যা ক্ৰমশঃ হ্ৰাস পোৱা দেশবোৰেও কিন্তু সংক্ৰমণ হ্ৰাস পোৱা বুলি নিশ্চিন্ত হৈ নাথাকি ইয়াৰ প্ৰতি একেধৰণৰ সতৰ্কতাই জনসাধাৰণক অৱলম্বন কৰাৰ পৰামৰ্শ প্ৰদান কৰা উচিত ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক উদ্ধৃতি দি চীনৰ জিনহুৱা সংবাদ প্ৰতিষ্ঠানে এই সতৰ্ক বাণী ৰাজহুৱা কৰিছে ৷ “তুলনামূলকভাৱে ক’ভিডৰ সংক্ৰমণ হ্ৰাস পালেও ই যিকোনো মূহূৰ্ততে বৃদ্ধি পাই পুনৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰোঁতেও বৰ বেছি সময় নালাগিব”-মাৰিয়া ভেন কাৰ্কভে এনেদৰে কয়৷কাৰ্কভ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰযুক্তি বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়া ৷

বিষয়াগৰাকীয়ে কয় “আমি দেশ বিলাকৰ লকডাউন অৱস্থাটো পুনৰ চাব খোজা নাই ,এবাৰ ইয়াক নিয়ন্ত্ৰণত আনিবৰ বাবে লকডাউন দিয়াৰ পিছত পুনৰবাৰ লকডাউনৰ পৰ্যায়লৈ যোৱাটো দুখজনক আৰু আমিও সেই অৱস্থা পোৱাটো নিবিচাৰো ৷ সেয়ে সজাগ আৰু সতৰ্কতাইহে আমাক এই ক্ষেত্ৰত সহায় কৰিব৷”সমগ্ৰ বিশ্বত এতিয়ালৈকে প্ৰায় ৬১.৫মিলিয়ন ৰোগী এই ৰোগত আক্ৰান্ত হৈছে আৰু ১.৪৪ মিলিয়ন ৰোগীয়ে মৃত্যুক সাৱটি লৈছে বুলি জন হপকিন্স বিশ্ববিদ্যালয়ৰ এক সূত্ৰই প্ৰকাশ কৰিছে ৷

বিশ্ববিদ্যালয়ৰ সূত্ৰত এই তথ্যও প্ৰকাশ পাইছে যে এই ৰোগত সৰ্বাধিক আক্ৰান্ত লোকৰ সংখ্যাৰ দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই শীৰ্ষ স্থানত আছে ৷ এতিয়ালৈকে দেশখনত ১৩,০৮৬,৩৬৭জন আক্ৰান্ত হৈছে আৰু ২৬,৪,৮৪২ জন লোকে মৃত্যুক সাৱটি লৈছে ৷ আনহাতে ভাৰত আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে যদিও মৃত্যুৰ সংখ্যা কম ৷ ভাৰতত এতিয়ালৈকে ৯৩,০৯,৭৮৭ জন ব্যক্তি আক্ৰান্ত হৈছে আৰু মৃত্যুক সাৱটি লৈছে ১,৩৫,৭১৫ জন ৷

ReplyForward