দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / গোটেই কেইখন আসনেই জিকিব বোলে !

গোটেই কেইখন আসনেই জিকিব বোলে !

তিৱা নিৰ্বাচনৰ বাবে সাজু , নগাঁও জিলা প্ৰশাসন

নগাঁও,২৮নবেম্বৰ : তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। তিৱা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে দলীয় নেতা পালিনেতাৰ নিৰ্বাচনী ব্যস্ততা। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আগন্তুক তিৱা নিৰ্বাচন সন্দৰ্ভত কয় যে

   ” তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৩৬ খন আসনেই এইবাৰ দখল কৰিব বিজেপিয়ে। কাৰণ তিৱা জনগোষ্ঠীৰ বাবে সৰ্বাধিক উন্নয়নমূলক  কাম-কাজ কৰিছে শাসনাধিষ্ঠ বিজেপি চৰকাৰে।”

বিজেপি দলৰ বিধায়ক গৰাকীয়ে লগতে কয়,”সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি এইবাৰৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিগত সময়ছোৱাত তিৱা ঐক্য মঞ্চ বিজেপিত চামিল হোৱাৰ ফলতে বিজেপিৰ শক্তি বৃদ্ধি পাইছে। লগতে বৰ্তমানৰ চৰকাৰখনে জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়াৰ ফলশ্ৰুতিত ৰাইজে বিজেপিক বিশ্বাসত লৈছে। সেয়ে এইবাৰ কংগ্ৰেছ শূণ্য হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদ।” 

উল্লেখযোগ্য যে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ৩৬টা সমষ্টিৰ ১০টা নগাঁও জিলাৰ অন্তৰ্গত। নগাঁও জিলাৰ নগাঁও, বটদ্ৰৱা, বঢ়মপুৰ আৰু ৰহা সমষ্টিত থকা তিৱা পৰিষদীয় সমষ্টি কেইটাত বৰ্তমান বিজেপিয়ে জোৰদাৰ গতিত চলাইছে প্ৰচাৰ অভিযান। আনহাতে তিৱা পৰিষদীয় সমষ্টি থকা তিনিটা সমষ্টিত বিজেপিৰ বিধায়ক থকাৰ পৰিৱৰ্তে এটাত অগপৰ বিধায়ক থকাৰ বাবে শাসকীয় পক্ষৰ শক্তি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছেও আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। সেয়ে এইবাৰ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী যুঁজ যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে।

ইতিমধ্যে সমষ্টিকেইটাত বিজেপিৰ হৈ বিধায়ক ৰূপক শৰ্মা আৰু আঙুৰলতা ডেকাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। তিৱা ঐক্য মঞ্চ বিজেপিৰ সৈতে চামিল হোৱাৰ ফলত এইবাৰ নিৰ্বাচনত পূৰ্বতকৈ যথেষ্ট শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে শাসকীয় দলটোৱে।

সেয়ে এইবাৰ মূল যুঁজ যে বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ’ব সেয়া নিশ্চিত।

ইপিনে তিৱা নিৰ্বাচনৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। তিৱা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে কয় ” ক’ৰনাৰ বাবে ল’বলগীয়া সকলো সাৱধানতা অৱলম্বন কৰি অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। এইবাৰ নিৰ্বাচনত ক’ৰনা প্ৰতিৰোধৰ দিশটোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হ’ব। নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া সকলক পিপিই কিট, ফেচ মাস্ক যোগান ধৰাৰ উপৰিও ভোটগ্ৰহণৰ পূৰ্বে সকলো ভোটকেন্দ্ৰ ছেনিটাইজ কৰা হ’ব। ইয়াৰোপৰি নিৰ্বাচনী বিধি উলংঘা কৰা সকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা ল’ব জিলা প্ৰশাসনে।” উল্লেখযোগ্য যে নগাঁও জিলাৰ অন্তৰ্গত ১০টা তিৱা স্বায়ত্বশাসিত সমষ্টিত ৮০হাজাৰ তিৱা জনগোষ্ঠীৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷