মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পৰ্যটক আহিলেই নহ’ব !

পৰ্যটক আহিলেই নহ’ব !

গোৱাৰ নতুন পৰ্যটন নীতিক সমালোচনা

গোৱা,২৮ নৱেম্বৰ – গোৱা চৰকাৰৰ নতুন পৰ্যটন নীতি- ২০২০ বিগত দিন সমূহত যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে। ৰাজ্যখনৰ প্ৰভাৱশালী খ্ৰীষ্টান ধৰ্মীয় সংগঠন ‘ছাৰ্চ বডীয়ে’ এই আঁচনিৰ যোগেদি ৰাজ্যখন বা ৰাজ্যবাসী কোনো ফালৰ পৰাই উপকৃত নহয় বুলি মত প্ৰকাশ কৰিছে।’চেণ্টাৰ ফৰ ৰেচপনচিবল ট্যুৰিজিমৰ’ কাৰ্যবাহী সঞ্চালক ফাদাৰ ফেদ্ৰী ব্ৰেগঙ্গাই ৰাজ্যৰ পৰ্যটন মন্ত্ৰীলৈ প্ৰেৰণ কৰা এক পত্ৰৰ জৰিয়তে অৱগত কৰে যে এই নতুন পৰ্যটন নীতিয়ে ৰাজ্যখনৰ বিভিন্ন জ্বলন্ত সমস্যা যেনে -পৰিবেশ প্ৰদূষণ,যৌন পৰ্যটন,নিষিদ্ধ মাদক দ্ৰব্যৰ অবাধ বেহা আৰু মহিলা তথা শিশু সকলৰ চোৰাং বেহা সম্পৰ্কে সম্পূৰ্ণ নীৰবতা অৱলম্বন কৰিছে। তাৰোপৰি তেওঁ এই একেখন পত্ৰতে এই নীতি প্ৰস্তুত কৰোতে প্ৰকৃত পৰিসংখ্যা আৰু বাস্তৱ বিষয়সমূহ আওকাণ কৰা বুলি উল্লেখ কৰিছে। ফাদাৰজনে সেই পত্ৰতে  গোৱাৰ পৰ্যটন নীতি প্ৰস্তুত কৰাৰ সময়ত ৰাজ্যবাসী বা স্থানীয় বাসিন্দাকো সমানে গুৰুত্ব দিয়াৰ  আহ্বান জনাইছে। ৰাজ্যবাসীৰ মতামত নোলোৱাকৈ যধে মধে প্ৰস্তুত কৰা এই পৰ্যটন নীতিয়ে আগন্তুক দিন সমূহত পৰিবেশ বিনষ্ট কৰাৰ লগতে স্থানীয় কলা -সংস্কৃতিক ধ্বংস কৰিব ,যৌন পৰ্যটনক উৎসাহিত কৰিব তথা নিষিদ্ধ মাদক দ্ৰব্যৰ ব্যৱহাৰ অধিক প্ৰসাৰিত কৰিব বুলি ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ‘গোৱা পৰ্যটন নীতি ২০২০’ ৰ এক মুখ্য উদ্দেশ্য হৈছে ৰাজ্যখনক আগন্তুক দিনসমূহত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন আটক ধুনীয়া তথা বিদেশী পৰ্যটকৰ বাবে অতি নিৰাপদ পৰ্যটন থলী হিচাপে  গঢ়ি তোলা। ‘ কে পি এম জি এডভাইজাৰ ছাৰ্ভিচে ‘ ৪.৯৯ কোটি টকা আৰু এমাহত ৮ লাখ টকাৰ মাচুলৰ বিনিময়ত যোৱা ৫ বছৰত প্ৰস্তুত কৰিছে। এই নীতিত ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখন সৰ্বমুঠ ২৬ টা অঞ্চললৈ সম্প্ৰসাৰিত কৰা হৈছে। এই পদক্ষেপৰ অংশ হিচাপে গোৱাক সাংস্কৃতিক আৰু পুৰণি ঐতিহ্যৰ সমন্বয় থলী আৰু একে সময়তে ব্যয়বহুল বিবাহৰ বাবে এক উৎকৃষ্ট মনোগ্ৰাহী ঠাই বুলিও বহিঃ জগতৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। তাৰোপৰি চৰকাৰী, বেচৰকাৰী  সভা সমিতি আদি অনুষ্ঠিত কৰিবৰ কাৰণে এখন আকৰ্ষণীয় ৰাজ্য হিচাপেও যাতে গোৱাক গঢ়ি তুলিব পাৰি সেই বিষয়টোতো এই নতুন নীতি ২০২০ ত গুৰুত্ব প্ৰদান কৰা হৈছে। কিন্তু এই নতুন নীতিক বিৰোধী পক্ষ তথা স্থানীয় পৰ্যটন সংস্থা সমূহ আৰু ৰাজ্যৰ ব্যৱসায়ী মহলে যথেষ্ট সমালোচনা কৰিছে। (IANS)