বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিহাৰত গুলীয়াগুলী আৰম্ভ হ’লেই !

বিহাৰত গুলীয়াগুলী আৰম্ভ হ’লেই !

বিধায়কৰ ঘনিষ্ঠলৈ অচিনাক্ত দুৰ্বৃত্তৰ গুলী

গোপালগঞ্জ,২৮ নৱেম্বৰ : জনতা দল ইউনাইটেডৰ বিধায়ক অমৰেন্দ্ৰ কুমাৰ পাণ্ডেৰ তিনিজন সমৰ্থকক আজি বিয়লি কোনো অচিনাক্ত আততায়ীয়ে নিচেই ওচৰৰ পৰা গুলীয়ায় ৷ গোপালগঞ্জ জিলাত সংঘটিত এই গুলীচালনাৰ ঘটনাত এজন সমৰ্থক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে আন দুজন আহত হয়৷আনহাতে,উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গাওঁবাসীয়ে দুজন যুৱকক মাৰপিট কৰে আৰু উক্ত যুৱক দুজন গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় আৰক্ষীয়ে উক্ত যুৱক দুজনক ইতিমধ্যে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ অমৰেন্দ্ৰ কুমাৰ পাণ্ডেৰ সমৰ্থক দেবেন্দ্ৰ পাণ্ডেই স্থানীয় এখন হোটেলত বহি চাহ খাই থকাৰ সময়তে উক্ত গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ আৰক্ষীয়ে এই আক্ৰমণৰ কাৰণ সম্পৰ্কে একো জনাব পৰা নাই যদিও চাৰিজন যুৱক উক্ত স্থানলৈ বাইকেৰে আহিছিল আৰু ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল বুলি নিশ্চিত হৈছে ৷ উল্লেখযোগ্য যে কুচাইকুট্টে বিধানসভা সমষ্টিৰ পৰা বিগত নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াই অমৰেন্দ্ৰ পাণ্ডে ওৰফে পাপু পাণ্ডে বিজয়ী হৈছিল ৷ (IANS)