দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / ভাৰততো ভেকচিন ওলাব

ভাৰততো ভেকচিন ওলাব

ভেকচিন তৈয়াৰৰ প্ৰকল্পস্থলী পৰিদৰ্শন মোডীৰ

পুনে ,২৮ নবেম্বৰ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  আজি পুনেত অৱস্থিত চিৰাম ইনস্টিটিউট অব ইণ্ডিয়াৰ প্ৰকল্পত উপস্থিত হয় ৷ উল্লেখযোগ্য যে উক্ত প্ৰকল্প ক’ৰনা মহামাৰীৰ ভেকচিন তৈয়াৰৰ কামত নিয়োজিত হৈ আছে ৷ সমগ্ৰ প্ৰকল্পস্থলী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ভেকচিন তৈয়াৰৰ অগ্ৰগতি সম্পৰ্কত বুজ লয় ৷ উক্ত প্ৰকল্প ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইট যোগে তেওঁৰ সম্পূৰ্ণ অভিজ্ঞতাৰ বিষয়ে মনৰ ভাৱ প্ৰকাশ কৰে এনেদৰে -‘আজি চিৰাম ইনস্টিটিউটৰ প্ৰকল্পৰ লগত জড়িত সকলো ব্যক্তিক সাক্ষাৎ কৰিলোঁ ৷ ভেকচিনৰ অগ্ৰগতি কি পৰ্যায়ত আছে তাকো জনাৰ প্ৰয়াস কৰিলোঁ ৷ এই ভেকচিন প্ৰস্তুত কৰোঁতে তেওঁলোকে সন্মুখীন হোৱা সমস্যা সম্পৰ্কেও জনাৰ চেষ্টা কৰিলোঁ ৷”

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি কৰ’না ভেকচিন তৈয়াৰৰ লগত জড়িত তিনিটা প্ৰকল্পই ভ্ৰমণ কৰে ৷ পুনেলৈ যোৱাৰ আগতে হায়দৰাবাদৰ ভাৰত বায়’টেক আৰু আহমেদাবাদৰ জাইদাজ বায়’টেকৰ প্ৰকল্পস্থলীও পৰিদৰ্শন কৰে ৷  (IANS)