দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘মাখি’ মাৰিব লগা হৈছে ‘দোকানীয়ে’

‘মাখি’ মাৰিব লগা হৈছে ‘দোকানীয়ে’

ক’ভিডৰ বাবে ভাগি পৰিছে স্পেইনৰ অৰ্থনীতি

মাদ্রিদ(স্পেইন),২৮ নবেম্বৰ–ক’ভিড ১৯ সংক্ৰমণ আৰু অৰ্থনৈতিক দুৰৱস্থাৰ বাবে ২০২০ বৰ্ষটো স্পেইনৰ খুচুৰা ব্যৱসায়ী সকলৰ বাবে ‘ব্লেক ইয়েৰ’ হিচাপে পৰিগণিত হৈছে। স্পেইনবাসীয়ে বৰ্তমান প্ৰয়োজনীয় সামগ্ৰী অন লাইনযোগে ক্ৰয় কৰাত গুৰুত্ব  দিছে নাইবা আগৰ তুলনাত কমকৈ ক্ৰয় কৰা হৈছে। গ্ৰাহকৰ চাহিদা হ্ৰাস পোৱাত খুচুৰা ব্যৱসায়ী সকল ভয়ংকৰ সংকটৰ সন্মুখীন  হৈছে ৷।EAE প্ৰতিষ্ঠানৰ অধ্যাপক তথা এগৰাকী বিশেষজ্ঞ পাবলো কণ্ট্ৰিয়াছে জিনহোৱা সংবাদ প্ৰতিষ্ঠানক কয় যে পূৰ্বতে সাধাৰণতে শুক্ৰবাৰে খুচৰা ব্যৱসায়ী সকলে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ অফাৰ দিয়ে ৷ কিন্তু এইবাৰ যথেষ্ট অফাৰ দিয়া স্বত্বেও বিক্ৰী যথেষ্ট হ্ৰাস পাইছে আৰু এই বছৰত সৰহসংখ্যক গ্ৰাহকে অনলাইন যোগেদিহে সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে।এক সমীক্ষাৰ মতে বৰ্তমান স্পেইনৰ ৪৯ শতাংশ লোকে পূৰ্বৰ তুলনাত শ্বপিং কেন্দ্ৰবোৰলৈ কমকৈ যায় আৰু প্ৰায় ৪৪ শতাংশই এতিয়া কেৱল অনলাইন যোগেদিহে বস্তু বাহনী ক্ৰয় কৰে ।গতিকে ব্লেক ফ্ৰাইডে বা কলা শুক্ৰবাৰৰ দিনটোত প্ৰায় ১৫০ মিলিয়ন হ’ম ডেলিভাৰী হ’ব বুলি আশা কৰা হৈছে যি পূৰ্বৰ বছৰৰ তুলনাত প্ৰায় ৩০ শতাংশ বেছি । অৰ্থনৈতিক দুৰৱস্থা তথা ক’ভিড১৯ ৰ সংক্ৰমণৰ বাবে দেশখনৰ প্ৰায় ৬৫ শতাংশ মানুহে নিজৰ ব্যক্তিগত  অৰ্থনৈতিক ভৱিষ্যতৰ বিষয়ে চিন্তিত বুলি  মত প্ৰকাশ কৰিছে। ক্ৰেতাসকলৰ দুঃচিন্তাৰ তথা অনিশ্চিত ভবিষ্যতৰ আশংকাই ‘ব্লেক ফ্ৰাইডে ‘বা ‘কলা শুক্ৰবাৰ’ৰ বিভিন্ন ধৰণৰ আকৰ্ষণীয় অফাৰেও যে স্পেইনৰ এই মন্দাৰ উপশম ঘটাব পাৰিব,সেই আশা ক্ষীণ ৷